ETV Bharat / state

ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তৰে অবাধে চলিছে আহ-যাহ - ভাৰত বাংলাদেশ সীমান্ত

Indo Bangladesh border: কিমান সুৰক্ষিত দেশৰ সীমান্ত ? সীমান্ত সুৰক্ষা বাহিনী থকাৰ পিচতো কেনেকৈ সাধাৰণ লোকে খুলিব পাৰিছে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ গেট ? অবাধে কিদৰে চলিব পাৰিছে সীমান্তত আহ-যাহ ? ভাৰত-বাংলাদেশ সীমান্তৰ এটা ভিডিঅ’ই সৃষ্টি কৰিছে চাঞ্চল্যৰ ৷

Indo Bangladesh border
Indo Bangladesh border areas
author img

By ETV Bharat Assamese Team

Published : Feb 19, 2024, 10:34 PM IST

Updated : Feb 20, 2024, 10:59 AM IST

ভাৰত-বাংলাদেশ সীমান্তৰ চাঞ্চল্যকৰ ভিডিঅ’

তেজপুৰ, 19 ফেব্ৰুৱাৰী: ভাৰত আৰু চুবুৰীয়া বাংলাদেশৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক থাকিলেও অনুপ্ৰৱেশৰ বিষয়টো আজিও এক জীয়া সমস্যা হৈয়েই আছে ৷ সঘনাই অভিযোগ উত্থাপন হয় বাংলাদেশৰ পৰা ভাৰতলৈ অবৈধ অনুপ্ৰৱেশৰ ৷ লগতে ভাৰতৰ পৰাও চোৰাংভাৱে বাংলাদেশলৈ গৰু সৰবৰাহৰ অভিযোগো দীৰ্ঘদিন ধৰি উত্থাপন হৈ আহিছে ৷

দেশৰ সুৰক্ষাৰ বাবে ভাৰত-বাংলাদেশ সীমান্তত নিয়োজিত হৈ আছে সীমান্ত সুৰক্ষা বাহিনী বা বি এছ এফ ৷ যি প্ৰতি নিয়ত লক্ষ্য ৰাখি আহিছে সীমান্তৰে ভাৰতত প্ৰৱেশ কৰিব খোজা অনুপ্ৰৱেশকাৰীৰ ওপৰত ৷ কিন্তু শেহতীয়াকৈ ভাৰত বাংলাদেশ সীমান্তৰ এটা ভিডিঅ’ই চিন্তিত কৰি তুলিছে সকলোকে ৷ প্ৰশ্ন উত্থাপন কৰিছে দেশৰ সুৰক্ষাৰ প্ৰতি ৷

  • " class="align-text-top noRightClick twitterSection" data="">

অসমৰ ধুবুৰী জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ এই ভিডিঅ’ই আচৰিত কৰি তুলিব সকলোকে ৷ বিএছএফ জোৱানৰ অনুপস্থিতিত সাধাৰণ লোকে খুলিছে সীমান্তৰ দুৱাৰ ৷ বাংলাদেশৰ পৰা ভাৰতত প্ৰৱেশ কৰিছে ট্ৰেক্টৰ ৷ এয়া এদিন-দুদিনৰ কথা নহয় ৷ ভিডিঅ’টো চালেই অনুমান কৰিব পাৰি যে এইদৰেই অবাধে যাতায়াত চলি থাকে এই সীমান্ত অঞ্চলত ৷ গেটখনত নাই বিএছএফৰ কোনো ৰখীয়া ৷

কেন্দ্ৰীয় চৰকাৰে সীমান্তত নিশ্চিদ্ৰ নিৰাপত্তা গঢ়ি তোলাৰ কথা কৈ আহিছে যদিও এই ভিডিঅ’টোৱে উদঙাই দিছে প্ৰকৃত ছবি ৷ এনেদৰে সাধাৰণ লোকে গেট খুলিবলৈ অধিকাৰ কেনেকৈ পালে বা বিএছএফ কৰ্তৃপক্ষৰ চকুত আজিলৈকে কিয় এই বিষয়টো ধৰা পৰা নাই সেয়া উত্তৰবিহীন প্ৰশ্ন ৷

উল্লেখ্য যে ভাৰতে বাংলাদেশৰ সৈতে নিজৰ পৰিসীমাৰ 4,096.7 কিঃমিঃ অংশ ভাগবাটোৱাৰা কৰিছে ৷ ইয়াৰে অসমত আছে 262 কিঃমিঃ, ত্ৰিপুৰাত 856 কিঃমিঃ, মিজোৰামত 318 কিঃমিঃ, মেঘালয়ত 443 কিঃমিঃ আৰু পশ্চিম বংগত 2,217 কিঃমিঃ ৷

মুঠ সীমান্তৰ 3,180.653 কিঃমিঃ সীমান্তত কাঁইটীয়া তাঁৰ স্থাপন কৰা হৈছে আৰু বাকী 916.7 কিঃমিঃ 2024 চনৰ ভিতৰত স্থাপন কৰা হ’ব বুলি বিভাগীয় মন্ত্ৰণালয়ৰ তথ্যত ইতিমধ্যেই প্ৰকাশ কৰা হৈছে ৷ কিন্তু এই ভিডিঅ’ই এতিয়া প্ৰশ্নৰ অৱতাৰণা কৰিছে যে এনেদৰে অবাধে অহা-যোৱা চলি থাকিলে কিবা লাভ হ’বনে কাঁইটীয়া তাঁৰৰ বেৰা লগাই ?

লগতে পঢ়ক: চেলা পাছৰ সুৰংগৰ ভিতৰত অংকিত অৰুণাচল প্ৰদেশৰ সংস্কৃতিৰ চিহ্ন, সন্মুখত বুদ্ধৰ প্ৰতিমূৰ্তি

Last Updated : Feb 20, 2024, 10:59 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.