ETV Bharat / state

সুনীল গগৈৰ বাসগৃহৰ চৌহদৰ পুখুৰীত জাহাংগীৰৰ ছিন্নমুণ্ডৰ সন্ধান - Dhakuakhana Murder Case

author img

By ETV Bharat Assamese Team

Published : Jun 20, 2024, 4:43 PM IST

Dhakuakhana Sunil Gogoi case updates: এইবাৰ সুনীল গগৈৰ নহয়, জাহাংগীৰ হুছেইনৰ ছিন্নমুণ্ডৰ সন্ধানতহে অভিযান চলাইছে আৰক্ষীয়ে । লখিমপুৰৰ ঢকুৱাখনা সাপতীয়া চেতিয়া গাঁৱৰ ৰহস্যঘন হত্যাকাণ্ডটোৱে নতুন মোৰ লোৱাত আৰক্ষীয়ে জাহাংগীৰ হুছেইনৰ ছিন্নমুণ্ডৰ সন্ধানত অভিযান চলাইছে । বৃহস্পতিবাৰে সুনীল গগৈৰ বাসগৃহৰ চৌহদত থকা দুটাকৈ পুখুৰীত আৰক্ষীয়ে এছ ডি আৰ এফৰ সহযোগত জাহাংগীৰৰ ছিন্নমুণ্ডৰ সন্ধানত অভিযান চলায় ।

Search operation for missing head separated from body of Jahangir in Dhakuakhana
সুনীল গগৈৰ বাসগৃহৰ চৌহদৰ পুখুৰীত জাহাংগীৰৰ ছিন্নমুণ্ডৰ সন্ধান (ETV Bharat Assam)

লখিমপুৰ,২০ জুন: এইবাৰ জাহাংগীৰৰ ছিন্ন মুণ্ডৰ সন্ধানত আৰক্ষী । সুনীল গগৈৰ বাসগৃহৰ চৌহদৰ দুটাকৈ পুখুৰীত চলিছে অভিযান । ক্ৰমে ৰহস্যঘন হৈ পৰা লখিমপুৰৰ ঢকুৱাখনা সাপতীয়া চেতিয়া গাঁৱৰ হত্যাকাণ্ডৰ ৰহস্য ভেদ কৰিবলৈ আৰক্ষীয়ে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে । প্রথম অৱস্থাত সুনীল গগৈক হত্যা কৰা বুলি আৰক্ষীয়ে সুনীলৰ ছিন্নমুণ্ডৰ সন্ধানত অভিযান চলাইছিল ।

পৰৱৰ্তী সময়ত ঘটনাই অন্য মোৰ লোৱাত এতিয়া আৰক্ষীয়ে জাহাংগীৰৰ ছিন্নমুণ্ডৰ সন্ধানত অভিযান চলাইছে । ঘটনা সংঘটিত হোৱাৰ পাচতে ঘটনাস্থলীৰ সমীপতে থকা এটা পুখুৰীৰ পানী সিঁচি আৰক্ষীয়ে সুনীলৰ ছিন্নমুণ্ডৰ সন্ধান কৰিছিল । পিছে ডি এন এ পৰীক্ষাৰ ফলাফলত মৃতদেহটো জাহাংগীৰৰ বুলি প্ৰমাণ হোৱাত আৰক্ষীয়ে জাহাংগীৰৰ ছিন্নমুণ্ডৰ সন্ধানত অভিযান অব্যাহত ৰাখে । বৃহস্পতিবাৰে আৰক্ষীয়ে এছ ডি আৰ এফৰ সহযোগত সুনীল গগৈৰ ঘৰৰ চৌহদত থকা দুটাকৈ পুখুৰীত জাহাংগীৰৰ ছিন্নমুণ্ডৰ সন্ধানত অভিযান চলায় ।

এছ ডি আৰ এফৰ সহযোগত পুৱাৰ ভাগত এটা পুখুৰীৰ পানী সিঁচি অন্ত কৰি ছিন্নমুণ্ডৰ সন্ধান কৰে যদিও সফল নহয় অভিযানকাৰী দলটো । বিয়লি পুনৰ আনটো পুখুৰীত আৰক্ষীয়ে অভিযান আৰম্ভ কৰে । আনহাতে বুধবাৰে ঢকুৱাখনা থানাত সন্ধিয়া পর্যন্ত সুনীল গগৈৰ পত্নী পুষ্পা গগৈ, পুত্র সৌৰভ গগৈ আৰু ভতিজাক জয়ন্ত গগৈক আৰক্ষীয়ে জেৰা কৰে । সুনীল গগৈৰ মাতৃকো জেৰাৰ বাবে আনিছিল যদিও তেওঁক সোনকালেই আৰক্ষীয়ে যাবলৈ দিয়ে ।

সুনীল গগৈৰ পত্নী পুত্র আৰু ভতিজাককো সন্ধ্যা পর্যন্ত জেৰা কৰি যাবলৈ দিয়ে যদিও বৃহস্পতিবাৰে পুনৰ থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়ে । সেই মৰ্মে বৃহস্পতিবাৰে পুনৰ সুনীলৰ পত্নী পুত্র আৰু ভতিজাক থানাত হাজিৰ হয় । এফালে জেৰা চলোৱাৰ সমানে আনফালে ছিন্নমুণ্ডৰ সন্ধানত আৰক্ষীয়ে অভিযান চলাই অব্যাহত ৰাখে । আৰক্ষীৰ এনে পদক্ষেপে কেতিয়াকৈ এই ৰহস্যঘন ঘটনাটোৰ ওৰ পেলাব পাৰিব সেয়া এই সময়ত সকলোৰে কৌতুহলৰ বিষয় হৈ পৰিছে ৷

লগতে পঢ়ক: সুনীল গগৈ নে জাহাংগীৰ হুছেইন- অৰ্ধদগ্ধ মৃতদেহটো কাৰ আছিল ? - SUNIL GOGOI MURDER CASE

সুনীল গগৈ নহয়, মুণ্ডহীন মৃতদেহটো জাহাংগীৰৰহে আছিল - Dhakuakhana Murder Case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.