ETV Bharat / state

চৰকাৰে জমা পুঁজি লৈ যোৱাত খালী বিদ্যালয়ৰ একাউণ্ট, নৱেম্বৰৰ পৰা বন্ধ হ'ব পাৰে মধ্যাহ্ন ভোজন ! - FUND CRISIS FOR MID DAY MEALS

বিদ্যালয়সমূহৰ মধ্যাহ্ন ভোজনৰ বাবে থকা বেংক একাউণ্ট উদং । নৱেম্বৰৰ পৰা প্ৰাথমিক বিদ্যালয়ত মধ্যাহ্ন ভোজন ব্যৱস্থা ব্যাহত হৈ পৰাৰ সম্ভাৱনা ।

mid day meals
চৰকাৰে জমা পুঁজি লৈ যোৱাত খালী বিদ্যালয়ৰ একাউণ্ট, নৱেম্বৰৰ পৰা বন্ধ হ'ব পাৰে মধ্যাহ্ন ভোজন ! (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Oct 25, 2024, 9:11 PM IST

গুৱাহাটী: চৰকাৰে বিদ্যালয়সমূহৰ একাউণ্টত জমা থকা ধন হঠাতে লৈ যোৱাত নৱেম্বৰ মাহৰ পৰা প্ৰাথমিক বিদ্যালয়ত মধ্যাহ্ন ভোজন বন্ধ হৈ পৰাৰ আশংকা প্ৰকট হৈ পৰিছে । ইয়াৰ মূল কাৰণ হৈছে বিদ্যালয়সমূহৰ মধ্যাহ্ন ভোজনৰ বাবে থকা বেংক একাউণ্ট উদং হৈ আছে । বিদ্যালয়ত শিক্ষার্থীৰ উপস্থিতি বৃদ্ধি কৰাৰ লগতে দুপৰীয়াৰ আহাৰ যাতে গ্ৰহণ কৰিব পাৰে তাৰ বাবে খিচিৰি, দাইল-ভাতৰ লগতে চাহ বাগিচা এলেকাত মাহত তিনিটাকৈ কণী পি এম পোষণৰ অধীনত মধ্যাহ্ন ভোজন হিচাপে যোগান ধৰি অহা হৈছে ।

কিন্তু অলপতে বিত্ত বিভাগৰ এক নিৰ্দেশনাৰ ভিত্তিত সমগ্ৰ শিক্ষাই মধ্যাহ্ন ভোজনৰ বাবদ যোগান ধৰা ধনৰ খৰচ নোহোৱাকৈ থকা অংশ তথা পুঁজি কোষাগাৰসমূহলৈ ঘূৰাই অনাৰ ফলত মধ্যাহ্ন ভোজন আঁচনি ৰূপায়ণ বাধাগ্ৰস্ত হৈ পৰাৰ আশংকাই দেখা দিছে । উল্লেখ্য যে ২৬ ছেপ্টেম্বৰত বিত্ত বিভাগে সকলো চৰকাৰী বিভাগ, নিগম, প্ৰতিষ্ঠানত ব্যয় নোহোৱাকৈ থকা পুঁজি ওভতাই দিবলৈ এক নিৰ্দেশনা জাৰি কৰিছিল ।

এই নিৰ্দেশনাৰ ভিত্তিত বিদ্যালয়সমূহেও মধ্যাহ্ন ভোজনৰ ৰৈ যোৱা পুঁজি ঘূৰাই দিয়ে । অক্টোবৰ মাহত চৰকাৰী বন্ধ বেছি থকাত আগতে মজুত থকা সামগ্ৰী আৰু বেংক একাউণ্টত জমা থকা অৱশিষ্ট পুঁজিৰে শিক্ষাৰ্থীৰ মাজত শিক্ষকসকলে কোনোমতে মধ্যাহ্ন ভোজনৰ ব্যৱস্থা কৰি আছে যদিও ততাতৈয়াকৈ পুঁজি মুকলি কৰি নিদিলে নৱেম্বৰ মাহৰ পৰা পি এম পোষণৰ অধীনৰ মধ্যাহ্ন ভোজন বন্ধ হৈ পৰাৰ আশংকা স্পষ্ট হৈ পৰিছে ।

মধ্যাহ্ন ভোজনৰ বাবদ ৰাজ্য চৰকাৰে এইবছৰ লাভ কৰিছে ১৪০.০৮ কোটি টকা । কেন্দ্ৰীয় চৰকাৰৰ অংশ লাভ কৰাৰ পাছতো বিত্ত বিভাগৰ নিৰ্দেশনা কাৰ্যকৰী কৰিবলৈ গৈ মধ্যাহ্ন ভোজনৰ বাবে যোগান ধৰা পুঁজি ওভতাই দিবলগীয়া হোৱাত এতিয়া বিদ্যালয়ে বিদ্যালয়ে হাহাকাৰ লাগিছে । উল্লেখযোগ্য যে মধ্যাহ্ন ভোজনৰ বাবদ প্ৰাথমিক বিদ্যালয়ত এজন শিক্ষাৰ্থীৰ বিপৰীতে ৫.৪৫ টকা, উচ্চ প্ৰাথমিকত ৮.১৭ টকাকৈ পি এম পোষণৰ অধীনত সৰ্বশিক্ষাই যোগান ধৰে ।

বিদ্যালয়ত উপস্থিতিৰ ভিত্তিত এই ধন যোগান ধৰা হয় । পৰীক্ষা বা আন বিশেষ কাৰণত বিদ্যালয় বন্ধ থাকিলে মধ্যাহ্ন ভোজনৰ বাবদ যোগান ধৰা পুঁজি ব্যয় নোহোৱাকৈ ৰৈ যায় । এই ৰাহি হোৱা ধনেৰে পৰৱৰ্তী পৰ্যায়ত পুঁজি মুকলি নোহোৱা পৰ্যন্ত বিদ্যালয়ৰ শিক্ষকসকলে মধ্যাহ্ন ভোজনৰ জোৰা মাৰি আহিছিল । কিন্তু মধ্যাহ্ন ভোজনৰ ৰৈ যোৱা পুঁজি বিত্ত বিভাগে ৰাজ্যিক কোষাগাৰলৈ ঘূৰাই অনাৰ পাছত একাউণ্ট উদং হৈ পৰাত নৱেম্বৰ মাহৰ পৰা প্ৰাথমিক বিদ্যালয়ত মধ্যাহ্ন ভোজন যোগান ব্যৱস্থা ব্যাহত হৈ পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ।

নাম প্ৰকাশত অনিচ্ছুক গৰৈমাৰীৰ এখন বিদ্যালয়ৰ প্ৰধান শিক্ষকে জানিবলৈ দিয়া মতে সমগ্ৰ শিক্ষাই বিদ্যালয়ৰ জমা পুঁজি লৈ যোৱাৰ পৰিপ্ৰেক্ষিতত শিক্ষাৰ্থীসকলক মধ্যাহ্ন ভোজন দিয়াৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছে । জমা পুঁজি নিয়াৰ পাছত কিছু পইচা পূৰ্বৰ একাউণ্টত জমা কৰা হৈছিল যদিও সেই পুঁজিৰে নবেম্বৰ মাহটো চলাই নিয়াত সমস্যাৰ সৃষ্টি হ'ব । শিক্ষাৰ্থীসকলক সপ্তাহত তিনিটাকৈ কণী দিবলগীয়া হয় । তেনেস্থলত পুঁজিৰ যোগান নধৰিলে আগন্তুক দিনত মধ্যাহ্ন ভোজনৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ'ব বুলি শিক্ষকগৰাকীয়ে জানিবলৈ দিয়ে ।

লগতে পঢ়ক: ৰাজ্যত ৫ লাখৰো অধিক অদৃশ্য শিক্ষাৰ্থীৰ নামত ব্যয় বুজন পৰিমাণৰ পুঁজি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.