যোৰহাট, 26 মে' : উৎকট গৰমৰ পৰিপ্ৰেক্ষিতত চৰকাৰী আদেশ অনুসৰি আৰু যোৰহাট জিলা প্ৰশাসনৰ নিৰ্দেশমৰ্মে যোৰহাট জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে এক আদেশযোগে বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সন্দৰ্ভত কিছু নিৰ্দেশনা জাৰি কৰিছে ৷ এই নিৰ্দেশনা অনুসৰি জিলাখনৰ সকলো চৰকাৰী, প্ৰাদেশীকৃত আৰু ব্যক্তিগত বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীক গৰমৰ পৰা সকাহ দিয়াৰ উদ্দেশ্যে পাঠদানৰ সময় পুনৰ নিৰ্ধাৰণ কৰা হৈছে ৷
![SCHOOL TIMING RESCHEDULE IN JORHAT](https://etvbharatimages.akamaized.net/etvbharat/prod-images/26-05-2024/21565932_nn.jpg)
নিৰ্দেশনা অনুসৰি পুৱা 7.30 বজাৰ পৰা দুপৰীয়া 12 বজালৈ নিম্ন প্ৰাথমিক বিদ্যালয়ত, 7.30 বজাৰ পৰা দুপৰীয়া 12.30 বজালৈ মধ্য ইংৰাজী বিদ্যালয়ত আৰু পুৱা 7.30 বজাৰ পৰা 1 বজালৈ উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহৰ পাঠদানৰ সময় নিৰ্ধাৰণ কৰা হৈছে ৷
তদুপৰি বিদ্যালয় কৰ্তৃপক্ষৰ বাবে কিছু নিৰ্দেশনা জাৰি কৰা হৈছে ৷ নিৰ্দেশনা মৰ্মে পুৱাৰ প্ৰাৰ্থনাসভা ছাঁ থকা ঠাই বা শ্ৰেণীকোঠাত অনুষ্ঠিত কৰিব লাগিব, প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ বাবে বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰাৰ লগতে তেওঁলোকক ঘৰৰ পৰা বিশুদ্ধ খোৱাপানী লগত আনিবলৈ উৎসাহিত কৰিব লাগিব, শ্ৰেণী কোঠা সমূহত বিজুলী ফেন নিশ্চিত কৰিব লাগিব লগতে শ্ৰেণীকোঠাত ফেন অচল অৱস্থাত থাকিলে তাৎক্ষণিকভাৱে মেৰামতি বা সলনি কৰিব লাগিব, ছাত্ৰ-ছাত্ৰী সকলৰ সাজ পোছাক পৰিধানৰ ক্ষেত্ৰত ব্লেজাৰ, কোট, টাই আদি পৰিধান কৰাৰ পৰা বিৰত ৰখা আৰু ছাত্ৰ-ছাত্ৰীয়ে জোতা পিন্ধি অস্বস্তি অনুভৱ কৰিলে চেণ্ডেল পিন্ধি যাব পাৰিব ৷ গৰমৰ সময়ছোৱাত বিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কোনোধৰণৰ বাহিৰত খেলা-ধূলা আৰু অন্যান্য কাৰ্যসূচী হাতত ল'ব নোৱাৰিব ৷
তদুপৰি বিদ্যালয়ৰ চৌহদৰ ওচৰে-পাজৰে আইচক্ৰীম, ফুচকা আদি বিক্ৰী বন্ধ কৰাৰ ক্ষেত্ৰত বিদ্যালয় কৰ্তৃপক্ষই চোকা দৃষ্টি ৰখাৰ উপৰিও ছাত্ৰ- ছাত্ৰী সকলক ইয়াৰ পৰা বিৰত ৰাখিব লাগিব ৷ সমগ্ৰ জিলাখনতে এই নিৰ্দেশনা 27 মে’,অথাৎ সোমবাৰৰ পৰা কাৰ্যকৰী হ’ব আৰু পৰৱৰ্তী আদেশ নিদিয়া পর্যন্ত বাহাল থাকিব ৷ উল্লেখ্য যে পাঠদানৰ সময়সূচী প্ৰথমে 1 জুনৰ পৰা কাৰ্যকৰী কৰাৰ নিৰ্দেশ দিয়া হৈছিল ৷
লগতে পঢ়ক : দুদিনমানৰ পৰা সলনি হৈছে গুৱাহাটীখন : কিছু পৰিমাণে অচিনাকি - Heat Wave In Guwahati