গোলাঘাট, 18 ফেব্ৰুৱাৰী : গোলাঘাটত কিশোৰীক ধৰ্ষণৰ চেষ্টা চলোৱাৰ অভিযোগত ৰঙাঘৰৰ আলহী হ’ল এজন শিক্ষক ৷ ঘৰত কোনো নথকা অৱস্থাত এগৰাকী কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযাগ উত্থাপন হৈছে এগৰাকী শিক্ষকৰ বিৰুদ্ধে ৷ গোলাঘাটৰ ৰঙাগড়া ঘাটত সংঘটিত হৈছে এই ঘটনা ৷
গোলাঘাট জিলাৰ ওপৰ টেমেৰা কমলা মিৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ নিৰেন বৰা নামৰ এগৰাকী শিক্ষকৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ ৷ দিন দুপৰতে ঘৰত কোনো নথকা অৱস্থাত এগৰাকী ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে শিক্ষকগৰাকীৰ বিৰুদ্ধে ৷ এই ঘটনাক লৈ এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে গোলাঘাটৰ ৰঙাগড়া ঘাটত ৷
জানিব পৰা মতে 15 ফ্ৰেব্ৰুৱাৰীত পিতৃ-মাতৃ নথকা অৱস্থাত কিশোৰীগৰাকীৰ ঘৰত উপস্থিত হৈছিল শিক্ষকজন ৷ সেই সময়ত গা ধুই থকা কিশোৰীগৰাকীয়ে ঘৰত কোনো নথকাৰ কথা বাথৰুমৰ পৰাই চিঞৰি জনাইছিল ৷ কিন্তু অভিযুক্ত শিক্ষকজনে 'যাওঁ' বুলি কৈ পুনৰ ঘূৰি আহি কিশোৰীগৰাকীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী আৰু মাতৃয়ে ৷
- " class="align-text-top noRightClick twitterSection" data="">
ইয়াৰ পাছতেই সমগ্ৰ ঘটনা কিশোৰী গৰাকীয়ে মাতৃক অৱগত কৰাত শনিবাৰে কমাৰগাঁও আৰক্ষী চকীত অভিযুক্ত শিক্ষকজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে কিশোৰীগৰাকীৰ পৰিয়ালে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অভিযুক্ত শিক্ষকজনক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷ ইফালে কিশোৰীগৰাকীক আৰক্ষীয়ে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসা পৰীক্ষা কৰোৱাৰ অন্তত তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷ এই ঘটনাক সকলোৱে ধিক্কাৰ দিয়াৰ লগতে দোষীৰ কঠোৰ শাস্তিৰ দাবী তুলিছে ৰাইজে ৷
লগতে পঢ়ক : দুলীয়াজানত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ ছয় সৰবৰাহকাৰীক গ্ৰেপ্তাৰ