ETV Bharat / state

বাহিনী নৈ পৰিষ্কাৰৰ নামত ধনৰ লুন্ঠন: তদন্ত কৰিবলৈ অশোক সিংহলক প্ৰত্য়াহ্বান অসম পাব্লিক ৱৰ্কছৰ - Assam Public Works - ASSAM PUBLIC WORKS

APW press meet : গুৱাহাটীৰ বানপানী,অসম বিধানসভা সচিবালয় নিযুক্তিকে ধৰি কেইবাটাও বিষয়ত সৰৱ অসম পাব্লিক ৱৰ্কছ । মন্ত্ৰী অশোক সিংহলৰ বিৰুদ্ধে সৰৱ অসম পাব্লিক ৱৰ্কছৰ সভাপতি ।

APW press Meet in Guwahati
অসম পাব্লিক ৱৰ্কছৰ সভাপতি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 16, 2024, 8:57 PM IST

গুৱাহাটী,১৬ আগষ্ট: প্রটেক্ট গ্রুপ আৰু গুৱাহাটীৰ বানপানীক লৈ এইবাৰ সৰৱ হৈ পৰিছে অসম পাব্লিক ৱৰ্কছ (এ পি ডব্লিউ)ৰ সভাপতি আভিজিৎ শৰ্মা । গুৱাহাটীৰ বানপানীক লৈ ইউ এছ টি এমে 'ফ্লাড জেহাদ' চলোৱা বুলি সৰ্বত্ৰে চৰ্চা চলি আছে । ইয়াৰ মাজতেই গুৱাহাটীৰ বানপানী সন্দৰ্ভত এ পি ডব্লিউৰ সভাপতি আভিজিৎ শৰ্মাই কয়," মহানগৰীত প্রটেক্ট গ্ৰুপৰ ২৫/৩০ টা প্রজেক্ট চলি আছে । গুৱাহাটী উন্নয়ন দপ্তৰ লৈ নিজৰ ব্যৱসায়িক সাম্রাজ্যখন বঢ়োৱাৰ বাহিৰে বিভাগ কি চলাইছে জনা মানুহে ভালকৈ জানে । ফ্লেট বনোৱাৰ সময়ছোৱাত স্থানীয় মানুহক কেনেকৈ জলা-কলা খুৱাই ভুক্তভোগীয়ে বাৰুকৈয়ে জানে। যদি আমাৰ বক্তব্য মিছা তেন্তে প্রটেক্টৰ প্ৰজেক্ট চলি থকা ঠাইবোৰ চৰজমিন অধ্যয়ন কৰক । "

অসম পাব্লিক ৱৰ্কছৰ সভাপতি (ETV Bharat Assam)

তেওঁ বাহিনী নৈ পৰিস্কাৰ সন্দৰ্ভত মন্ত্ৰী অশোক সিংহলৰ বিৰুদ্ধে সৰৱ হৈ কয়," পানীৰ ৰং আৰু অশোক সিংহলৰ ৰং দুয়োটাই ওলাই পৰিব । বাহিনী নৈখন পৰিষ্কাৰ কৰাৰ নামত পৌৰ নিগমে প্রতিবছৰে ২ ৰ পৰা ৩ কোটি টকা খৰচ কৰে । এইবছৰো এই কামটো ৰায়মেধি উপাধিৰ এজন ঠিকাদাৰক নিবিদা যোগে দিছে । বশিষ্ঠৰ নতুন বজাৰৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথৰ তলেদি আহি বেলতলাত প্রৱেশ কৰা এই বাহিনী নৈৰ পৰিষ্কাৰ কৰা, বহলোৱা আদি কাম বিভাগৰ মতে সুন্দৰকৈ এইবাৰো কৰা হৈছে । আমি চৰজমিন তদন্ত কৰি আৰু স্থানীয় মানুহক সুধি গম পালো তথা খালী চকুৰে চাইয়েই বুজি পালো কাম একো কৰাই নাই । আমি পৌৰ নিগমৰ মুখ্য অভিযন্তাক অভিযোগ দিলো । কার্যবাহী অভিযন্তাক আমাৰ সৈতে গৈ আমাক কামটোৰ সৱিশেষ ফিল্ডত বুজোৱাৰ দায়িত্ব দিলে । সেইমতে চৰজমিন কৰাত অভিযন্তাৰ মুখৰ মাত নাইকীয়া হৈ গ'ল। কিয় জানেনে ? "

ঠিকাদাৰে একো চাফা কৰাই নাই:

এ পি ডব্লিউৰ সভাপতিগৰাকীয়ে পুনৰ কয়," দৰাচলতে ঠিকাদাৰে একো চাফা কৰাই নাই অথচ ফাইলৰ মতে হেনো কাম শেষ বিল পাবহে বাকী । বেছি দিনৰ কথা নহয়, সৌ সিদিনা গুৱাহাটী মহাসাগৰ হোৱাৰ দুদিন আগৰ কথা । এনেকৈয়ে বাহিনী নৈ পৰিষ্কাৰ কৰাৰ নামত বিভাগ আৰু ঠিকাদাৰে মিলি ৰাইজৰ ধন শৰাধ কৰি গৈছে আৰু মন্ত্রীয়ে ক'লা পানী বগা পানী বিচাৰি গৈছে । যদি সময়ত নলাকেইটাই ভালকৈ চাফা কৰিলেহেতেন গুৱাহাটীবাসীয়ে অলপ হ'লেও সকাহ পালেহেতেন । মন্ত্রী অশোক সিংহলক আমি মুকলি প্রত্যাহ্বান জনালো যদি সাহস আছে বাহিনী নৈ পৰিষ্কাৰৰ নামত বিগত তিনি-চাৰি বছৰত আৰু বিশেষকৈ এইটো বছৰত কি চলিল মাথো এবাৰ তদন্ত কৰক । গুৱাহাটী পৌৰ নিগমৰ বোকা কেলেংকাৰী আমি পাহৰা নাই । গতিকে মাত্র বাহিনী নৈখনৰ ওপৰত এটা তদন্ত কৰক তাকো কেবল বশিষ্ঠ বেলতলা অংশখিনিত । আপুনি নিজেই কৰক এই তদন্ত, তেতিয়াহে আপুনি নিজেই বুজি পাব মন্ত্রী হিচাপে আপুনি কি পৰ্যায়ৰ অকর্মণ্য ।"

সচিবালয়ত নিযুক্তি কেলেংকাৰী :

ইপিনে, অসম বিধানসভা সচিবালয়ত নিযুক্তি কেলেংকাৰী সন্দৰ্ভত এ পি ডব্লিউৰ সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি তালুকদাৰে কয়, " অসম বিধানসভা সচিবালয়ৰ প্রধান সচিবগৰাকীৰ অৱসৰৰ দিন আছিল ৩১ জানুৱাৰী ২০২৪ । কিন্তু হঠাৎ তেওঁৰ চাকৰিকাল দুবছৰ বঢ়াই দিয়া হ'ল । যদি এনেকুবা কোনো অতি জৰুৰী কাৰণত এমাহৰ পৰা অতি বেছি ছমাহ তেওঁৰ চাকৰিকাল বঢ়াই দিয়া হ'লহেঁতেন তাত আমাৰ ক'বলগীয়া বিশেষ নাই । কিন্তু ২৪ মাহ তেওঁৰ কার্যকাল বঢ়াই দিয়া হ'ল, অসম বিধানসভাৰ সন্মানীয় অধ্যক্ষলৈ আমাৰ মুকলি প্রশ্ন- এনে কি জৰুৰী কাৰণ ওলাল যে তেওঁক ২৪ মাহ চাকৰিকাল বঢ়াই দিয়া হ'ল । "

তেওঁ পুনৰ কয়," আমি তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত জানিব পাৰিলো যে যোৱা মার্চলৈ এইগৰাকী প্রধান সচিবৰ দিনত গ্রেড-৩ আৰু গ্রেড-৪ ত মুঠ ৫১ টা পদত নতুন নিযুক্তি হৈছে । প্রায়ভাগ নিযুক্তিৰ যি তথাকথিত নিযুক্তিৰ বিজ্ঞাপন তাৰ এটি চর্ত হ'ল প্রার্থীজন অসম বিধানসভা সচিবালয়ৰ 'অস্থায়ী কর্মচাৰী' হ'ব লাগিব । এতিয়া প্রশ্ন আহিল অসম বিধানসভাত এগৰাকী নিবনুৱাই কেনেকে ঠিকাভিত্তিক অথবা অস্থায়ী কর্মচাৰী হ'ব ? বিধানসভা সচিবালয়, য'ত হয়তো পৰুৱা এটা সোমাওতেও তালাচী হয় তাত সাধাৰণ ঘৰৰ নিবনুৱা এজন কেনেকৈ ঠিকাভিত্তিক নিযুক্ত হ'ব ? অসম বিধানসভাৰ অধ্যক্ষলৈ আমাৰ মুকলি প্রশ্ন- বৰ্তমানৰ প্ৰধান সচিবজনৰ চাকৰি আপোনালোকে কি যোগ্যতাত দুবছৰ বঢ়াই দিলে । তেওঁৰ শৈক্ষিক অর্হতানো কিমান ? প্রশাসনিক দক্ষতাই বা কি ? আমাৰ মুকলি প্রশ্ন মুখ্যমন্ত্রীলৈ-অসমত গ্রেড ৩ আৰু ৪ৰ প্ৰায়ভাগ নিযুক্তি "ADRE" ৰ যোগেদি যদি হ'ব পাৰে তেন্তে অসম বিধানসভাৰ চাকৰিকেইটা এই আওতাৰ বাহিৰত কিয় ? "

সনাতনী হিন্দুৰ প্রবক্তা হৈ ঘৰে ঘৰে মদৰ দোকানৰ অনুজ্ঞাপত্ৰ দিয়াটো হাস্যকৰ :

তেওঁ পুনৰ কয়," ঘৰে ঘৰে মদৰ দোকান-ঘৰে ঘৰে সুৰা ৷ এখন কল্যাণকামী চৰকাৰে যদি মদকেই ৰাজহৰ আহিলা হিচাপে লয় তাতকৈ দুখৰ কথা কি হ'ব পাৰে । সুস্থ সমাজ, সুস্থ মন, ৰাষ্ট্ৰৰ প্ৰতি সমর্পনৰ কথা কৈ গেৰুৱা বসন আৰু সনাতনী হিন্দুৰ প্রবক্তা হৈ ঘৰে ঘৰে মদৰ দোকানৰ লাইচেন্স দিয়াটোৰ সমান হাস্যকৰ আন একো নাই । কিন্তু হাস্যকৰ বুলি কৈয়েই জানো আমি শুই বহি থাকিব পাৰো । সমাজ ব্যৱস্থা শেষ কৰি পেলোৱা তথা অপৰাধ বৃদ্ধিত মদৰ ভূমিকা কি সেয়া সকলোৱে বুজো । মদৰ দোকানৰ অনুজ্ঞাপত্ৰ দিয়াৰ নামত গুৱাহাটীৰ অলিয়ে -গলিয়ে অলপ যি শান্তিপূর্ণ বাতাবৰণ আছিল তাকো শেষ কৰি পেলালে । যদি গলিয়ে গলিয়ে মদৰ দোকান খুলি অশান্তি বঢ়ায়েই লয় তেন্তে আৰক্ষীয়েই বা আইন-শৃংখলা কেনেকৈ মোকাবিলা কৰিব ? বিহাৰত যদি সুৰামুক্ত হৈও চৰকাৰ সুন্দৰকৈ চলিব পাৰে, মিজোৰামত পাৰে, গুজৰাটত পাৰে, তেন্তে উন্নতিৰ নতুন দিগন্তলৈ ধুমুহাৰ গতিৰে আগবঢ়া বুলি কোৱা অসমত কিহৰ অভাৱত ইমান মদৰ দোকানৰ অনুজ্ঞাপত্ৰ দিবলগীয়া হৈছে ? লক্ষ্য কি ? ৰাজহ সংগ্রহ নে পংগু যুৱ সমাজ ?"

ঘৰে ঘৰে সুৰা কাৰ্ড দিয়াৰ আহ্বান :

তেওঁ কয়," চৰকাৰে মদৰ অনুজ্ঞাপত্ৰৰ নিবিদা পাতিছে, মদৰ দোকান খোলাৰ সকলো আইন ইমানেই শিথিল কৰি পেলাইছে যে এনেকুৱা হৈছে মদৰ 'অন শ্বপ, অফ শ্বপ'ৰ কাষত বাস কৰা মানুহবোৰ যেন মানুহ নহয় ,জন্তু- জানোৱাৰহে । মুখ্যমন্ত্রীয়ে ৰাতি দহ বজাৰ পিছত এই নতুনকৈ অনুজ্ঞাপত্ৰ দিয়া দোকানবোৰৰ কাষলৈ নিজৰ মানুহ পঠাই এবাৰ তদন্ত কৰি চাবচোন পৰিৱেশ কি পর্যায় পাইছেগৈ । গলিয়ে গলিয়ে 'বাৰ' খুলি ৰাজ্যখনক ক'লৈ নিব বিচাৰিছে ? গুৱাহাটীৰ ৰাইজ শংকিত হৈছে । যদি সুৰাৰ ৰাজহেই শেষ কথা তেন্তে এটা কাম কৰক- ঘৰে ঘৰে যেনেকৈ গেছৰ সংযোগ দিয়া হয় তেনেকৈ 'ঘৰে ঘৰে সুৰা' কার্ড দি দিয়ক আৰু বিনিময়ত ১০০০/১৫০০ একদম বছৰেকীয়া ফীজ লৈ লওক । পাইপ বহাই 'ঘৰে ঘৰে নল-ঘৰে ঘৰে জল' আঁচনিৰ দৰে সুৰা যোগান ধৰক আৰু প্রি-পেইড বিদ্যুৎ বিলৰ নিচিনাকৈ বিলটো লৈ লওক । যদি সুৰাৰ ৰাজহ আৰু পংগু সমাজেই শেষ লক্ষ্য তেন্তে এয়াহে হ'ব উত্তম ব্যৱস্থা তথা এই পদ্ধতিৰ বাবে অসমে আকৌ এবাৰ 'গিনীজ বুক অৱ বর্ল্ড ৰেকৰ্ডছ'ত নিজৰ নাম লিপিবদ্ধ কৰি জিলিকি উঠিবলৈ সক্ষম হ'ব ।"

লগতে পঢ়ক:অৱশেষত চৰকাৰৰ ষড়যন্ত্ৰ ফাদিল হ'ল: আপ - SC Grants to Bail to Manish Sisodia

এ পি এছ চি কেলেংকাৰীৰ শাস্তি ঘোষণা : পাঁচবাৰকৈ সলনি কৰা হৈছিল নম্বৰ - APSC Scam Verdict

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.