গুৱাহাটী,২০ আগষ্ট: গৌৰৱ সোমানীৰ পিছত শংকৰ সিং নামৰ লোকজনেও উঠাই ল'লে শৃংখল চলিহাৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰ । শিৱসাগৰত অনা-অসমীয়া ব্যৱসায়ীয়ে ক্ষমা খোজাৰ পিছতে এজাহাৰ উঠাই ল'লে শংকৰ সিঙে । ১৩ আগষ্টত শিৱসাগৰত বহিৰাগত ব্যৱসায়ীয়ে যুৱতী তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী খেলুৱৈক প্ৰহাৰ কৰি আঘাতপ্রাপ্ত কৰাৰ পাছতেই প্ৰতিবাদী কার্যসূচীক নেতৃত্ব দিয়া বীৰ লাচিত সেনাৰ মুখ্য প্রশাসনিক সচিব শৃংখল চলিহাই অসমত বহিৰাগত ব্যৱসায়ীৰ দপদপনি সহ্য কৰা নহয় বুলি সকীয়াই দি শিৱসাগৰত বহিৰাগত সম্প্ৰদায়ৰ সকলো সংগঠনকে নিষিদ্ধ কৰিছিল ।
তদুপৰি শিৱসাগৰ জিলা চেম্বাৰ অৱ কমাৰ্চৰ নেতৃত্বত অসমীয়া ব্যৱসায়ী থাকিব লাগিব বুলিও সকীয়নি প্রদান কৰিছিল । ইয়াৰ পাছতেই দেওবাৰে গৌৰৱ সোমানী নামৰ এজন বিজেপি নেতাই শৃংখল চলিহাৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল কৰে । শৃংখল চলিহাৰ বিৰুদ্ধে বিজেপি নেতাই এজাহাৰ দিয়াত পাছতেই আলফা স্বাধীনে এজন বহিৰাগত লোকে দিয়া এজাহাৰৰ ভিত্তিত শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰিলে বিষম পৰিস্থিতিৰ উদ্ভৱ হ'ব বুলি সকীয়নি প্ৰদান কৰিছিল ।
ইয়াৰ পিছতে মঙলবাৰে গৌৰৱ সোমানীয়ে এজাহাৰ উঠাই লয় । আনহাতে শিৱসাগৰত জিলাখনৰ অভিভাৱক মন্ত্ৰী ৰণোজ পেগুৰ উপস্থিতিত শৰাইত গামোচা, তামোল-পাণ লৈ অনা অসমীয়া ব্যৱসায়ী সমাজে ক্ষমা বিচৰাৰ পাছত আনজন অভিযোগকাৰী শংকৰ সিঙেও মহানগৰীৰ ভৰলুমুখ থানাত দাখিল কৰা এজাহাৰ উঠাই লয় ।
লগতে পঢ়ক: শৰাইত গামোচা, তামোল-পাণ লৈ ক্ষমা বিচাৰিলে অনা অসমীয়া ব্যৱসায়ী সমাজে