ETV Bharat / state

পুনৰসংস্থাপন ! সঞ্জয় কিষাণ-তপন কুমাৰ গগৈৰ নতুন ঠিকনা - NEW CHAIRMAN

এজন আছিল মন্ত্ৰী, আনজন প্ৰাক্তন সাংসদ ৷ দুয়োকে আজি নিযুক্তি দিয়া হ'ল দুটাকৈ নিগমৰ অধ্যক্ষৰূপে ৷

new chairman
পুনৰসংস্থাপন ! নব্য পৰিচয় সঞ্জয় কিষাণ-তপন কুমাৰ গগৈৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 7, 2024, 6:47 PM IST

গুৱাহাটী: মন্ত্ৰী পদ ত্যাগ কৰা সঞ্জয় কিষাণ আৰু প্ৰাক্তন সাংসদ তপন কুমাৰ গগৈক নতুন দায়িত্ব অৰ্পণ ৰাজ্য চৰকাৰৰ । বৃহস্পতিবাৰে মন্ত্ৰী পদ ত্যাগ কৰা সঞ্জয় কিষাণক খাদ্য আৰু অসামৰিক যোগান নিগমৰ অধ্যক্ষৰ দায়িত্ব দিয়া হৈছে । আনহাতে প্ৰাক্তন সাংসদ তপন কুমাৰ গগৈকো নতুন দায়িত্ব অৰ্পণ কৰা হৈছে ।

লোকসভা নিৰ্বাচনত যোৰহাট সমষ্টিত কংগ্ৰেছৰ গৌৰৱ গগৈৰ হাতত পৰাস্ত হোৱা তপন কুমাৰ গগৈক অৰ্পণ কৰা হৈছে অসম ঔদ্যোগিক উন্নয়ন নিগমৰ (এ আই ডি চি) অধ্যক্ষৰ দায়িত্ব । পূৰ্বে এই দায়িত্বত আছিল আজি মন্ত্ৰী হিচাপে শপত লোৱা প্ৰশান্ত ফুকন । উল্লেখ্য যে অসম মন্ত্ৰীসভাত চাহ জনজাতি উন্নয়ন আৰু শ্ৰম-নিয়োগ মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰি অহা সঞ্জয় কিষাণে বৃহস্পতিবাৰে মন্ত্ৰী পদ ত্যাগ কৰিছিল ।

new chairman
তপন কুমাৰ গগৈৰ নিযুক্তি পত্ৰ (ETV Bharat Assam)

অসম মন্ত্ৰীসভাত চাহ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰি অহা সঞ্জয় কিষাণে মন্ত্ৰী পদ ত্যাগ কৰাৰ পাছতে তেওঁৰ স্থানত মন্ত্ৰিত্ব দিয়া হয় ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালাক । শনিবাৰে ৰূপেশ গোৱালাই মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । সঞ্জয় কিষাণৰ পাছত অসম মন্ত্ৰীসভাত চাহ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰাৰ বাবে ৰূপেশ গোৱালাক সুযোগ দিয়া হৈছে । অৱশ্যে মন্ত্ৰিত্ব হেৰুওৱাৰ লগে লগে সঞ্জয় কিষাণক আন এক গুৰু দায়িত্ব দিয়া হয় ।

সঞ্জয় কিষাণক খাদ্য আৰু অসামৰিক যোগান নিগমৰ অধ্যক্ষৰ দায়িত্ব দিয়া হয় শনিবাৰে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে নতুন দায়িত্বৰ বাবে সঞ্জয় কিষাণক শুভেচ্ছা জ্ঞাপন কৰি কয় - "ৰাজ্যবাসীলৈ আগবঢ়োৱা আপোনাৰ সততা আৰু নিষ্ঠাৱান সেৱাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ৷ এগৰাকী সন্মানীয় মন্ত্ৰী হিচাপে আপোনাৰ কাৰ্যকাল বহু ফলপ্ৰসূ সময়ৰ সাক্ষী ৷ আগন্তুক সময়ত জনসেৱাৰ যাত্ৰা নিৰৱচ্ছিন্নভাৱে অব্যাহত থাকক, আমাৰ অন্তৰভৰা শুভেচ্ছা জ্ঞাপনৰ লগতে অসম খাদ্য আৰু অসামৰিক যোগান নিগমৰ অধ্যক্ষ হিচাপে আপোনাৰ নতুন ভূমিকাৰ বাবেও অভিনন্দন জনাইছো ।"

ইফালে বিগত লোকসভা নিৰ্বাচনত পৰাজিত হোৱা প্ৰাক্তন সাংসদ তপন কুমাৰ গগৈক কেবিনেট মৰ্যাদাসহকাৰে আজি ৰাজ্য চৰকাৰে অসম ঔদ্যোগিক উন্নয়ন নিগমৰ (এ আই ডি চি) অধ্যক্ষৰ দায়িত্ব দিছে ।

লগতে পঢ়ক: ১৪ৰ পৰা ১৮ হ'ল অসম মন্ত্রীসভা : মন্ত্রী হিচাপে শপতগ্ৰহণ ৪ বিধায়কৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.