ETV Bharat / state

৯ মাৰ্চৰ আন্দোলনৰ কাৰ্যসূচী পিছুৱাই দিয়াৰ কাৰণ ক’লে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই

author img

By ETV Bharat Assamese Team

Published : Mar 7, 2024, 10:52 PM IST

Protest against CAA: প্ৰধানমন্ত্ৰী অসমত প্ৰৱেশ কৰাৰ দিনা ‘কা’ বিৰোধী আন্দোলনৰ পঞ্চ শ্বহীদৰ প্ৰতিচ্ছবিত আঞ্চলিকে আঞ্চলিকে বন্তি প্ৰজ্বলন কৰাৰ লগতে শ্বহীদ স্মৰণ কৰা হ’ব । প্ৰধানমন্ত্ৰীলৈ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ স্পষ্ট বাৰ্তা যে 'কা' আমি মনা নাই আৰু নামানো ।

samujjal kumar bhattacharya addresses a press meet regarding aasu protest
সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ ভাষ্য

গুৱাহাটী, ৭ মাৰ্চ : নাগৰিকত্ব সংশোধনী আইন চমুকৈ 'কা'ৰ বিৰোধিতাৰে আছু আৰু ৩০টা জনগোষ্ঠীয় সংগঠনে ৯ মাৰ্চত ঘোষণা কৰা আন্দোলনৰ কাৰ্যসূচী ১০ মাৰ্চলৈ পিছুৱাই দিয়া হ’ল । যাক লৈ বিভিন্ন মহলত চৰ্চা হোৱাৰ পাচত বৃহস্পতিবাৰে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই । উল্লেখ্য যে 'কা'ৰ বিৰোধিতাৰে আছু আৰু ৩০টা জনগোষ্ঠীয় সংগঠনে ২৯ ফেব্ৰুৱাৰীত এলানি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছিল । সেই অনুসৰি ৯ মাৰ্চৰ পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ ১২ ঘন্টীয়া অনশন কাৰ্যসূচীৰ ঘোষণা কৰা হৈছিল । কিন্তু বিশেষ কাৰণত এই কাৰ্যসূচী ১০ মাৰ্চলৈ পিছুৱাই দিয়া হয় ।

  • " class="align-text-top noRightClick twitterSection" data="">

পিছুৱাই দিয়াৰ কাৰণ সন্দৰ্ভত বৃহস্পতিবাৰে গুৱাহাটীত সংবাদ মাধ্যমক সম্বোধন কৰে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই । তেওঁ কয় যে জাতীয় বীৰ লাচিত বৰফুকনৰ সুউচ্চ প্ৰতিমূৰ্তি উন্মোচন উপলক্ষে সদৌ টাই আহোম ছাত্ৰ সন্থা আৰু টাই আহোম যুৱ পৰিষদে কৰা অনুৰোধৰ প্ৰতি সন্মান জনাই ৯ মাৰ্চৰ প্ৰতিবাদী কাৰ্যসূচী ১০ মাৰ্চত ৰূপায়ণ কৰা হ’ব । ১০ মাৰ্চত পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ প্ৰতিখন জিলা সদৰত ১২ ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ন কৰা হ’ব । তেওঁ কয় যে অসমত 'কা' বিৰোধী আন্দোলন অব্যাহত আছে আৰু আজি ৰাজ্যজুৰি বাইক ৰেলী কৰা হৈছে ।

'কা' আমি মনা নাই আৰু নামনো বুলি সদৰী কৰি তেওঁ কয় যে 'কা'ৰ নিয়মাৱলী বলৱৎ কৰাৰ দিনাই ৰাজ্যজুৰি নিয়মাৱলীৰ প্ৰতিলিপি দাহ কৰা হ’ব । আনহাতে 'কা'ৰ নিয়মাৱলী বলৱৎ কৰাৰ পিচদিনা জিলা সদৰত জোঁৰ সমদল উলিওৱা হ’ব । আনহাতে ৮ মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমত প্ৰৱেশ কৰাৰ দিনা ‘কা’ বিৰোধী আন্দোলনৰ পঞ্চ শ্বহীদৰ প্ৰতিচ্ছবিত আঞ্চলিকে আঞ্চলিকে বন্তি প্ৰজ্বলন কৰাৰ লগতে শ্বহীদ স্মৰণ কৰা হ’ব । প্ৰধানমন্ত্ৰীক এই কথা সোঁৱৰাই দিয়া হ’ব যে অসমসহ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজে কোনো কাৰণতে 'কা' মানি নলয় ।

'কা'ৰ বিৰুদ্ধে গণতান্ত্ৰিক, অহিংস আৰু শান্তিপূৰ্ণ আন্দোলনৰ সমান্তৰালকৈ ন্যায়ালয়ৰ যুঁজ অব্যাহত থাকিব বুলি সদৰী কৰি তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে অসমৰ প্ৰতি কৰা অন্যায়-অবিচাৰ কোনো কাৰণতে মানি লোৱা নহ’ব । সংগ্ৰাম চলিছিল আৰু চলিব । 'কা'ৰ বিৰুদ্ধে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলভিত্তিক অহিংস আন্দোলন অব্যাহত আছে আৰু আইনগত যুঁজখনো অব্যাহত আছে । তেওঁ পুনৰ কয় যে 'কা' আমি মনা নাই আৰু নামানো । আছু আৰু ৩০টা জনগোষ্ঠীয় সংগঠনে আন সংগঠনৰ সৈতে আলোচনা কৰি এই অহিংস সংগ্ৰাম ঐক্যবদ্ধ ভাৱে আগুৱাই নিব বুলি তেওঁ কয় ।

লগতে পঢ়ক : CAA ৰ বিৰুদ্ধে আছুৰ ৰাজ্যজুৰি বাইক ৰেলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.