ETV Bharat / state

ৰঞ্জু হাজৰিকালৈ শিশু সাহিত্য অকাদেমি বঁটা - BAL SAHITYA PURASKAR 2024 - BAL SAHITYA PURASKAR 2024

Sahitya Akademi to Ranju Hazarika: সাত শতাধিক গ্ৰন্থৰ ৰচক তথা 'ৰহস্য সম্ৰাট' ৰূপে খ্য়াত ৰঞ্জু হাজৰিকালৈ আগবঢ়োৱা হৈছে শিশু সাহিত্য অকাদেমি বঁটা । কল্পবিজ্ঞান, সামাজিক, শিশু সাহিত্য, অভিযানমূলক, ৰহস্যধৰ্মী লেখাৰ বাবে জনপ্ৰিয় হোৱা ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম কি জানেনে ?

Sahitya Akademi to Ranju Hazarika
ৰহস্য সম্ৰাট' ৰূপে খ্য়াত ৰঞ্জু হাজৰিকা (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : Jun 15, 2024, 4:14 PM IST

Updated : Jun 15, 2024, 4:57 PM IST

গুৱাহাটী,‌ ১৫ জুন : বিশিষ্ট সাহিত্যিক, ঔপন্যাসিক তথা 'ৰহস্য সম্ৰাট'ৰূপে খ্য়াত ৰঞ্জু হাজৰিকালৈ আগবঢ়োৱা হৈছে ২০২৪ বৰ্ষৰ শিশু সাহিত্য অকাদেমি বঁটা । বিশিষ্ট সাহিত্যিকগৰাকীৰ ‘বিপন্ন বিস্ময় খেল’ উপন্যাসৰ বাবে শিশু-সাহিত্য অকাদেমি বঁটা আগবঢ়োৱা হৈছে । ইপিনে, ডাঃ নয়নজ্যোতি শৰ্মালৈ ‘জাল কটা জুই’ গল্প সংকলনৰ বাবে ২০২৪ বৰ্ষৰ যুৱ সাহিত্য অকাদেমি বঁটা আগবঢ়োৱা হৈছে ।

মূলতঃ ভৌতিক আৰু থ্ৰিলাৰ কাহিনীৰ বাবে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হোৱা ৰঞ্জু হাজৰিকাই কল্পবিজ্ঞান, সামাজিক, শিশু সাহিত্য, অভিযানমূলক, ৰহস্যধৰ্মী, জ্যোতিষ আদি বিষয়তো বহু গ্ৰন্থ ৰচনা কৰিছে । সাহিত্য় জগতত ৰঞ্জু হাজৰিকা ছদ্মনামেৰে লিখা এইগৰাকী বিশিষ্ট সাহিত্যিক, ঔপন্যাসিকগৰাকীৰ প্ৰকৃত নাম কুমুদ চন্দ্ৰ হাজৰিকা ।

১৯৭৩ চনত প্ৰথম উপন্যাস প্ৰকাশ কৰাৰে পৰা বৰ্তমানলৈ তেওঁৰ প্ৰায় ৭৫০খন গ্ৰন্থ প্ৰকাশ পাইছে । উপন্যাস ৰচনাৰ উপৰি হাজৰিকা চুটিগল্পৰ বাবে বিখ্যাত । ১৯৫২ চনৰ ২৪ জুলাইত শোণিতপুৰ জিলাৰ মোনাবাৰী চাহ বাগিচাত জন্মগ্ৰহণ কৰা হাজৰিকাই শৈশৱকাল কলিয়াবৰত অতিবাহিত কৰে । ৰঞ্জু হাজৰিকাই মোনাবাৰী চাহ বাগিচাত গাণনিক হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল । তাৰ পিচত তেওঁ তিনি বছৰৰ বাবে এছ এছ বিত চাকৰি কৰে । তেওঁ সেই সময়তেই বহুকেইখন কিতাপ ৰচনা কৰে যদিও প্ৰকাশ কৰা নাছিল । এছ এছ বিৰ চাকৰি এৰি তেওঁ এখন পান-তামোলৰো দোকান আৰম্ভ কৰে । তাৰ পিচত তেওঁ বালিপৰা চাহ বাগান আৰু আন দুখন চাহ বাগিচাত চাকৰি কৰে ।

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আগতেই লিখি উলিওৱা 'বহুৰূপী' উপন্যাস ১৯৭৩ চনত প্ৰকাশ পায় । ১৯৮২ চনত তেওঁ 'ত্ৰিশূল' আলোচনীৰ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰে । ১৯৮৪ চনত গুৱাহাটীলৈ আহি 'সংকেত' নামৰ আলোচনীৰ সম্পাদক হিচাপে কাম কৰে । লগতে নিজে 'কণ কণ' নামৰ এখন শিশু আলোচনী প্ৰকাশ কৰিছিল । পাছলৈ তেওঁ 'হিয়া', 'তাল', আৰু 'কাৰেং' আলোচনীৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰে ।

উল্লেখ্য যে ২০০৮ চনত তেওঁ 'ৰহস্য সম্ৰাট' সম্মান লাভ কৰে ।‌ প্ৰেৰণা বঁটা, সাহিত্য বঁটা আদি বিভিন্ন বঁটা লাভ কৰা বিশিষ্ট সাহিত্যিকগৰাকীয়ে‌ ২০২১ চনত অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন লাভ কৰে ।

লগতে পঢ়ক:Birthday Of Author Ranju Hazarika: ৰঞ্জু হাজৰিকা বৰেণ্য বঁটাৰে সন্মানিত কণ্ঠশিল্পী দিক্ষু শৰ্মাক

কলিয়াবৰত উপস্থিত ৰহস্য সাহিত্যিক ৰঞ্জু হাজৰিকা

Sahitya Akademi Award 2023: ৰথীন্দ্ৰ নাথ গোস্বামীলৈ শিশু সাহিত্য অকাদেমী বঁটা

Last Updated : Jun 15, 2024, 4:57 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.