ETV Bharat / state

এখন গ্ৰন্থৰ এষাৰি বাক্যই তোলপাৰ লগাইছে ঠেঙাল-কছাৰী জনগোষ্ঠীৰ মাজত - Thengal Kachari community

author img

By ETV Bharat Assamese Team

Published : Jul 9, 2024, 7:06 PM IST

Press Meet of Thengal kachari sangathan : কোন লেখকে ভূমিপত্ৰ ঠেঙাল-কছাৰী জনগোষ্ঠীৰ বিৰুদ্ধে কৰিছে বিতৰ্কিত মন্তব্য় ? সদৌ অসম ঠেঙাল-কছাৰী সংগঠনৰ মৰ্যাদা হানি কৰাৰ পিচতেই জাঙুৰ খাই উঠিছে ঠেঙাল-কছাৰী জনগোষ্ঠী ।

Press Meet of Thengal kachari sangathan
সদৌ অসম ঠেঙাল কছাৰী সংগঠন (ETV BHARAT ASSAM)

যোৰহাট, ৯ জুলাই : এখন গ্ৰন্থৰ এষাৰি বাক্যই তোলপাৰ লগাইছে ভূমিপত্ৰ ঠেঙাল-কছাৰী জনগোষ্ঠীৰ মাজত । ঠেঙাল-কছাৰী স্বায়ত্তশাসিত পৰিষদ ব্যৰ্থ হোৱাৰ অভিযোগ সদৌ অসম ঠেঙাল-কছাৰী সংগঠনৰ । ঠেঙাল-কছাৰী স্বায়ত্ত পৰিষদৰ বিৰুদ্ধে ব্যৰ্থতাৰ অভিযোগ উত্থাপন কৰি সৰৱ হৈ পৰিছে সদৌ অসম ঠেঙাল-কছাৰী সংগঠন । তিতাবৰৰ ধলীস্থিত ঠেঙাল সংগ্ৰহালয় সভাকক্ষত মঙলবাৰে সদৌ অসম ঠেঙাল-কছাৰী সংগঠনে সংবাদমেল সম্বোধন কৰি এইদৰে অভিযোগ উত্থাপন কৰে ।

সংগঠনটোৰ সাধাৰণ সম্পাদক দেৱৰ্ষি মোহন নেওগে ড৹ যোগেশ্বৰ বড়াৰ সদ্য প্ৰকাশিত 'চীনৰ পৰা দৈয়াঙলৈ' শীৰ্ষক গ্ৰন্থকলৈ সৰৱ হৈ পৰে । ঠেঙাল কছাৰীৰ উৎপত্তি আৰু তেওঁলোকৰ আৰ্থ সামাজিক অৱস্থা ঠেঙাল কছাৰী সংগঠনটোক শইকীয়াৰ পৰা কছাৰী হোৱা বহুৰূপী ডেকাক লীজত দি বৈতৰণী পাৰ হোৱাৰ কথা সন্নিবিষ্ট কৰি সদৌ অসম ঠেঙাল কছাৰী সংগঠনৰ মৰ্যাদা হানি কৰা বুলি তেওঁ অভিযোগ উত্থাপন কৰে । তদুপৰি সদৌ অসম ঠেঙাল কছাৰী সংগঠনৰ বিষয়ববীয়াই জাতিৰ স্বাৰ্থতকৈ ব্যক্তি স্বাৰ্থক গুৰুত্ব দিয়া বুলি লেখক ড৹ যোগেশ্বৰ বড়াই কৰা অভিযোগ সংগঠনৰ সভাপতি, সাধাৰণ সম্পাদক প্ৰমুখ্যে নেতৃবৃন্দই নস্যাৎ কৰিছে ।

ড৹ যোগেশ্বৰ বড়াৰ এনে গৰ্হিত প্ৰচেষ্টাক একমুখে সংগঠনৰ ভাতৃ সংগঠনৰ সকলো বিষয়ববীয়াই গৰিহণা দিয়া বুলিও সাধাৰণ সম্পাদক দেৱৰ্ষি মোহনে কয় । উল্লেখ্য যে এই সন্দৰ্ভত যোৱা ৪ জুলাইত সদৌ অসম ঠেঙাল কছাৰী সংগঠনে লেখক গৱেষক ড৹ যোগেশ্বৰ বড়ালৈ আইনী জাননী জাৰি কৰিছিল । কিয়নো ড৹ যোগেশ্বৰ বড়াই তেওঁৰ গ্ৰন্থখনত অনা ঠেঙাল শইকীয়াৰ পৰা কছাৰী হোৱা নেতাৰ ওপৰত সংগঠনৰ দায়িত্ব দিয়া বুলি উল্লেখ কৰা কথাটো সংগঠনটোৰ বাবে চৰম দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে । লগতে জাতিৰ স্বাৰ্থ বিৰোধী মন্তব্য বুলি সদৌ অসম ঠেঙাল কছাৰী সংগঠনে সংবাদমেলত সদৰী কৰে ।

ইফালে, সদৌ অসম ঠেঙাল-কছাৰী সংগঠনৰ মুখ্য কাৰ্যালয় বিহপুৰীয়াত স্থাপন কৰিবলৈ সংগঠনৰ প্ৰস্তাব ঠেঙাল-কছাৰী স্বায়ত্তশাসিত পৰিষদলৈ কেইবাবাৰো দাখিল কৰাৰ পাচতো আজি পৰ্যন্ত পৰিষদে গুৰুত্ব প্ৰদান নকৰিলে বুলিও সংগঠনৰ নেতৃবৃন্দই অভিযোগ কৰে । বৰ্তমানৰ পৰিষদখনৰ কাম-কাজত সদৌ অসম ঠেঙাল কছাৰী সংগঠন একেবাৰেই অসন্তুষ্ট বুলি কোৱাৰ লগতে পৰিষদ ব্যৰ্থ বুলিও দাবী কৰে ।

তাৎপৰ্যপূৰ্ণভাৱে ঠেঙাল-কছাৰী স্বায়ত্তশাসিত পৰিষদৰ পুঁজিৰে ড৹ যোগেশ্বৰ বড়াৰ বিতৰ্কিত গ্ৰন্থখন প্ৰকাশ কৰাৰ আঁৰত ৰাজনৈতিক চক্ৰান্তৰ গোন্ধ আছে বুলি অভিযোগ কৰে সদৌ অসম ঠেঙাল কছাৰী সংগঠনে । আনহাতে, সদৌ অসম ঠেঙাল কছাৰী সংগঠনে বৰ্তমান নতুন কাৰ্যনিৰ্বাহকৰ সভাত ড৹ যোগেশ্বৰ বড়াক উপদেষ্টা মনোনীত নকৰাকৈয়ে তেওঁৰ নামৰ লগত সদৌ অসম ঠেঙাল-কছাৰী সংগঠনৰ উপদেষ্টা পদবীটো ব্যৱহাৰ কৰিছে বুলি সংবাদমেলত সংগঠনৰ নেতৃবৃন্দই প্ৰতিবাদ কৰে । লগতে উক্ত পদবীটো ভবিষ্যতে ব্যৱহাৰ নকৰিবলৈ সকীয়াই দিয়ে । আইনী জাননী পোৱাৰ পিচতো সদৌ অসম ঠেঙাল-কছাৰী সংগঠনৰ ওচৰত তেওঁৰ বিতৰ্কিত গ্ৰন্থখনৰ বাবে ৰাজহুৱা ক্ষমা খোজাৰ উপৰি গ্ৰন্থখনৰ পৰা সেই বিতৰ্কিত শাৰীকেইটা বাদ দিব লাগিব বুলি সংবাদমেলত নেতৃবৃন্দই ড৹ যোগেশ্বৰ বড়াক আহবান জনায় । অন্যথা এইক্ষেত্ৰত সদৌ অসম ঠেঙাল-কছাৰী সংগঠন পুনৰ আদালতৰ কাষ চাপিব বুলি সকীয়াই দিয়ে ।

সংবাদমেলখনত সদৌ অসম ঠেঙাল-কছাৰী সংগঠনৰ সভাপতি মাইনা মাধব কছাৰী,সাধাৰণ সম্পাদক দেৱৰ্ষি মোহন নেওগ, বটুকৃষ্ণ বৰা, প্ৰফুল্ল বৰা,যতীন বৰা, মানৱজ্যোতি হাজৰিকা,গোবিন বৰা, অপূৰ্ব হাজৰিকা, ৰমেন শইকীয়া ,পূৰ্ণ শইকীয়া,মনজিৎ শইকীয়া, প্ৰগতি নেওগ, অক্ষয় জ্যোতি শইকীয়া, প্ৰশান্ত শইকীয়া,বিশ্ব কছাৰী, বিমল কছাৰী, ৰাজীৱ শইকীয়া,লক্ষীৰাম ঠেঙাল, ভাৰ্গৱ বৰা, মুনিন বৰা, টংকেশ্বৰ বৰা প্ৰমুখ্যে ৫ খন জিলাৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.