নগাঁও : প্ৰায় ২৩ বছৰে নিজৰ দখলত ৰাখিবলৈ সক্ষম হোৱাৰ পাছত উপ-নিৰ্বাচনত পুত্ৰক প্ৰাৰ্থিত্ব প্ৰদান কৰি ৰকিবুল হুছেইনে তথা কংগ্ৰেছ দলে হেৰুওৱা সমষ্টি উদ্ধাৰৰ বাবে কংগ্ৰেছে পুনৰ তৎপৰতা আৰম্ভ কৰাৰ সমান্তৰালকৈ নতুনকৈ গঠিত চামগুৰি সমষ্টিত শাসকীয় বিজেপি দলেও বৃদ্ধি কৰিছে তৎপৰতা ।
হেৰুওৱা সমষ্টি পুনৰ দখলৰ কুচকাৱাজ
সমষ্টিটোত কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনে সঘনাই দলীয় কৰ্মীৰ সৈতে পৰ্যালোচনা বৈঠক কৰাৰ বিপৰীতে বিজেপি দলে সংখ্যালঘু অধ্যুষিত এলেকাত সংখ্যালঘু লোকৰ যোগদানেৰে দলৰ সাংগঠনিক শক্তি বৃদ্ধি কৰাৰ কৌশল ৰচনা কৰিছে । উপ-নিৰ্বাচনত পুত্ৰ তথা কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনৰ শোচনীয় পৰাজয়ৰ পাছতেই নতুন চামগুৰি সমষ্টিৰ অন্তৰ্ভুক্ত হোৱা ৰূপহীহাটত উপস্থিত হৈ দলীয় কৰ্মীৰ সৈতে আলোচনাত মিলিত হোৱা ৰকিবুল হুছেইনে পুনৰ দেওবাৰে নগাঁৱস্থিত নিজা বাসগৃহত দলীয় কৰ্মীৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হৈ আগন্তুক পঞ্চায়ত আৰু ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ বাবে সাজু হ'বলৈ দলীয় কৰ্মীক আহ্বান জনায় ।
চামগুৰিত বিজেপিৰ তৎপৰতা
ইয়াৰ বিপৰীতে নতুন চামগুৰি সমষ্টিত শাসকীয় বিজেপি দলেও বৃদ্ধি কৰিছে দলীয় তৎপৰতা । চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছৰ পৰাই নতুন চামগুৰি সমষ্টিত দলীয় কৰ্মীৰ সৈতে বৈঠক কৰাৰ উপৰিও কংগ্ৰেছ দলৰ কৰ্মীৰ উপৰিও সংখ্যালঘু লোকক বিজেপিত যোগদান কৰাৰ কাৰ্যসূচী হাতত লৈছে দলটোৰ নেতা-কৰ্মীসকলে । বিগত কেইদিন প্ৰায় প্ৰতিদিনেই সংখ্যালঘু অধ্যুষিত এলেকাত সভা-সমিতি কৰাৰ উপৰিও কংগ্ৰেছ নেতা-কৰ্মীক বিজেপিৰ প্ৰতি আকৃষ্ট কৰাৰ কৌশল ৰচনা কৰিছে শাসকীয় দলটোৱে । দেওবাৰে সন্ধিয়াও নতুন চামগুৰি সমষ্টিৰ কংগ্ৰেছৰ বহু নেতা-কৰ্মীয়ে আনুষ্ঠানিকভাৱে যোগদান কৰে বিজেপি দলত ।
বিজেপিৰ যোগদান কাৰ্যসূচী
দেওবাৰে বিজেপি নেতা সুৰেশ বৰাৰ উপস্থিতিত নতুন চামগুৰি সমষ্টিৰ ৰূপহীহাটৰ ছাইদৰীয়াত শতাধিক কংগ্ৰেছীয়ে বিজেপি দলত যোগদান কৰে । কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰা কৰ্মীসকলক বিজেপি দললৈ আদৰণি জনাই বিজেপি নেতা সুৰেশ বৰাই । বিজেপিৰ যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি কংগ্ৰেছ দলক তীব্ৰ কটাক্ষ কৰে প্ৰাক্তন কংগ্ৰেছ নেতা তথা বৰ্তমানৰ বিজেপি নেতা সুৰেশ বৰাই । উল্লেখ্য যে আগন্তুক বিধানসভা নিৰ্বাচনলৈ এতিয়াও এটা বছৰ বাকী আছে যদিও এতিয়াৰ পৰাই কংগ্ৰেছ আৰু বিজেপিয়ে চামগুৰি সমষ্টি দখলৰ বাবে আৰম্ভ কৰা তৎপৰতাই আকৰ্ষিত কৰি তুলিছে ৰাজনৈতিক মহলক ।
লগতে পঢ়ক :অসম সন্মিলিত মৰ্চাত কংগ্ৰেছৰ বাবে দুৱাৰ বন্ধ নাই : অজিত কুমাৰ ভূঞা