ETV Bharat / state

দুই সহস্ৰাধিক লোকৰ সমদলৰে মনোনয়ন পত্ৰ দাখিল ৰ'জলীনা তিৰ্কীৰ - LOK SABHA ELECTION 2024 - LOK SABHA ELECTION 2024

Rosalina Tirkey files nomination: বিশাল জনসমুদ্ৰৰ মাজেৰে গোলাঘাট জিলা আয়ুক্ত কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰ'জলীনা তিৰ্কীয়ে । মনোনয়ন পত্ৰ দাখিলত সংগ দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, উপ-দলপতি ৰকিবুল হুছেইন, অসম চাহ মজদুৰ সংঘৰ সভাপতি পৱন সিং ঘাটোৱাৰকে আদি কৰি ভালেসংখ্যক নেতা-কৰ্মীয়ে ।

Rosalina Tirkey files her nomination with a rally of more than 2,000 people
দুই সহস্ৰাধিক লোকৰ সমদলৰে মনোনয়ন পত্ৰ দাখিল কৰে ৰ'জলীনা তিৰ্কীয়ে
author img

By ETV Bharat Assamese Team

Published : Mar 26, 2024, 6:43 PM IST

দুই সহস্ৰাধিক লোকৰ সমদলৰে মনোনয়ন পত্ৰ দাখিল কৰে ৰ'জলীনা তিৰ্কীয়ে

গোলাঘাট,২৬ মাৰ্চ: দুই সহস্ৰাধিক লোকৰ বিশাল সমদলেৰে গোলাঘাটৰ জিলা আয়ুক্ত কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰিলে কাজিৰঙাৰ কংগ্ৰেছৰ প্ৰাৰ্থী ৰ'জলীনা তিৰ্কীয়ে ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, উপ-দলপতি ৰকিবুল হুছেইন, অসম চাহ মজদুৰ সংঘৰ সভাপতি পৱন সিং ঘাটোৱাৰ, কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ, বিধায়িকা নন্দিতা দাসকে আদি বহু নেতাই অংশগ্ৰহণ কৰে মনোনয়ন পত্ৰ দাখিলত ৷

'২৬ ত অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে দুটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি মন্তব্য ভূপেন বৰাৰ ৷ ৰাজ্যসভাৰ সাংসদ হৈ থকাৰ পিচতো কিয় কাজিৰঙা লোকসভা সমষ্টিত বিজেপি দলে কামাখ্যা প্ৰসাদ তাছাক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে বুলি প্ৰশ্ন কংগ্ৰেছৰ সভাপতিগৰাকীৰ ৷ কাজিৰঙা লোকসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী ৰ'জলীনা তিৰ্কী জয়ী হ'লে অসমে অধিক লাভান্বিত হ'ব বুলি কয় বৰাই ।

কাৰণ বিজেপি দলৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা ৰাজ্যসভাৰ সাংসদ থাকিব আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰ'জলিনা তিৰ্কী লোকসভাত থাকিব । যাৰ দ্বাৰা অসম অধিক লাভান্বিত হ'ব বুলি উল্লেখ APCC ৰ সভাপতিগৰাকীয়ে কয় যে বিৰোধী দলে আগন্তুক লোকসভা নিৰ্বাচনত প্ৰতিটো সমষ্টিতেই বিজয়ী কৰিবলৈ সকলো বদ্ধপৰিকৰ হৈছে ৷

আনহাতে মনোনয়ন পত্ৰ দাখিল কৰি কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীয়ে সাংবাদিকৰ আগত কয় যে, কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীৰ হৈ সকলো ওলাই অহাটোৱে কংগ্ৰেছৰ বিজয় নিশ্চয় বুলি উল্লেখ কৰে ৷ বিজেপি দলৰ চৰকাৰক যিদৰে প্ৰতাৰণা কৰিছে তাৰ উত্তৰ ১৯ এপ্ৰিলত ভোটাৰ ৰাইজে নিৰ্ণয় কৰিব । বিশেষকৈ ছয় জনগোষ্ঠীক জনজাতিকৰণ, মুল্যবৃদ্ধি, নিবনুৱা সমস্যা লগতে সৰ্বসাধাৰণৰ জনতাৰ ওপৰত মাধমাৰ শোধাইছে । গতিকে বিজেপি দলক এইবাৰ শাসনৰ গাদীৰ পৰা ওফৰাই পঠিয়াবলৈ ৰাইজ সাজু হৈছে বুলি গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায় কংগ্ৰেছ দলৰ পাৰ্থী ৰ'জলিনা তিৰ্কীয়ে ।

ইফালে মনোনয়ন পত্ৰ দাখিল কৰা ৰ'জলিনা তিৰ্কীক সংগ দি অসম চাহ মজদুৰ সংঘৰ সভাপতি পৱন সিং ঘাটোৱাৰে কয় যে, ভাৰতবৰ্ষৰ ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে কোনো এটা ৰাষ্ট্ৰীয় দলে চাহ জনগোষ্ঠীৰ এগৰাকী মহিলাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আৰু সেয়াই হৈছে কংগ্ৰেছ দল । ৰ'জলিনা তিৰ্কীক বিপুল ভোটৰ ব্যৱধানত জয়ী কৰাবলৈ কাজিৰঙা লোকসভা সমষ্টিৰ সকলো ৰাইজলৈ আহ্বান জনায় ঘাটোৱাৰে ।

লগতে পঢ়ক: শাসক-বিৰোধীৰ শক্তিশালী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল - LOK SABHA ELECTION 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.