ETV Bharat / state

আজিও অৱহেলিত ঐতিহাসিক বাগসা পাহাৰৰ শৈল ভাস্কৰ্য - Historic Bagsa Hill

author img

By ETV Bharat Assamese Team

Published : Aug 5, 2024, 2:29 PM IST

Historic Bagsa Hill in Golaghat : নুমলীগড়ৰ গাতে লাগি থকা এখন পাহাৰৰ সৈতে জড়িত হৈ আছে ভীম-জৰাসন্ধৰ যুদ্ধৰ ঘটনা । জনশ্ৰুতি মতে, বাকচ আকৃতিৰ কাৰাগাৰ ভাঙি বন্দীসকলক মুকলি কৰিছিল ভীমে ।

Historic Bagsa Hill in Golaghat
নুমলীগড়ৰ নক্সা পাহাৰ (ETV Bharat Assam)

গোলাঘাট, ৫ আগষ্ট : গোলাঘাট জিলাৰ নুমলীগড়ৰ দেওপাহাৰৰ গাতে লাগি আছে নক্সা পাহাৰ বা বাগসা পাহাৰ ৷ দেওপাহাৰত থকা ভগ্নাৱশেষ সমূহৰ দৰে এই পাহাৰখনৰ চাৰিওফালে কিছুমান বাকচ আকৃতিৰ শৈল ভাস্কৰ্য সিচঁৰিত হৈ আছে । এই ভগ্নাৱশেষ সমূহৰ লগত মহাভাৰতৰ কাহিনী বিজড়িত হৈ আছে বুলি জনশ্ৰুতি আছে ।

ভীম আৰু জৰাসন্ধৰ যুদ্ধৰ ঘটনা আছে জড়িত :

জনবিশ্বাস অনুসৰি ভীম আৰু জৰাসন্ধৰ যুদ্ধৰ লগত এই স্থানৰ শৈল-ভগ্নাৱশেষ সমূহৰ সম্পৰ্ক আছে । জৰাসন্ধই এই বাগসা পাহাৰৰ শিলৰ বাকচ আকৃতিৰ কাৰাগাৰ তৈয়াৰ কৰি বহু লোকক বন্দী কৰি ৰাখিছিল । তাৰ পাচতে ভীমে জৰাসন্ধক বধ কৰিয়ে তেওঁৰ গদাৰে এই বাকচ আকৃতিৰ কাৰাগাৰ ভাঙি বন্দীসকলক মুকলি কৰিছিল আৰু তাৰ পাচৰে পৰা এই পাহাৰখনৰ নাম বাগসা পাহাৰ বুলিও বহুতে বিশ্বাস কৰে ।

দেওপাহাৰৰ শৈলমূৰ্তিৰ বাবে শিলাখণ্ড আনিছিল কাৰ্বি পাহাৰৰ পৰা :

তদুপৰি পাহাৰখনৰ কাষতে থকা কাৰ্বি পাহাৰৰ আৰলঙপিৰাৰ পৰা বৃহৎ বৃহৎ শিলাখণ্ড আনি তৈয়াৰ কৰিছিল দেওপাহাৰত প্ৰতিষ্ঠা কৰা শৈল মূৰ্তিসমূহ ৷ কিন্তু দেওপাহাৰৰ শৈল মূৰ্তিসমূহ অসম চৰকাৰৰ প্ৰত্নতাত্বিক বিভাগে সংৰক্ষণ আৰু সংবৰ্ধনৰ ব্যবস্থা কৰিলে যদিও আজিও অবহেলিত হৈ পৰি ৰৈছে বাগসা পাহাৰৰ শৈল ভাস্কৰ্যসমূহ ৷

এইসমূহ সংৰক্ষণৰ বাবে বছৰৰ পিছত বছৰ বিভিন্নজনে দাবী জনাইছে যদিও সংৰক্ষণৰ ব্যৱস্থা কৰা নাই প্ৰত্নতত্ত্ব বিভাগে ৷ চেদেলি-ভেদেলি হৈ পৰি ৰোৱা, হাবি জংঘলৰে আৱৰি থকা এইসমূহ সংৰক্ষণৰ বাবে দাবী জনাইছে ইতিহাস গবেষক ছাত্ৰ আৰু সংগঠনসমূহে ।

লগতে পঢ়ক : ধনশিৰি খননে বিপদ মাতিছে কাষৰীয়া কেবাখনো গাঁৱলৈ - Dhansiri river

ফলপ্ৰসূ হ'ল নে গুৱাহাটীৰ পাহাৰ সংৰক্ষণৰ বাবে হাতত লোৱা ৪ কোটিৰ প্ৰকল্প ? - Guwahati Hill Conservation

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.