ETV Bharat / state

মাছ ধৰা জালেৰে বেৰি লৈ ডকাইতে লুটি নিলে ধন-মোবাইল ফোন - Robbery Case In Cachar

author img

By ETV Bharat Assamese Team

Published : Jun 22, 2024, 7:47 PM IST

Crime in Cachar: মাছ ধৰা জালেৰে এখন অটো আগচি ধৰি লুটপাট ডকাইতৰ । কাছাৰৰ কাটিগড়াত এটাৰ পাচত আনটো ডকাইতিকাণ্ড সংঘটিত হৈ আহিছে যদিও গ্ৰেপ্তাৰ হোৱা নাই ডকাইত ।

Robber Gang In Cachar
কাছাৰৰ কাটিগড়াত ডকাইতিকাণ্ড (ETV BHARAT ASSAM)

শিলচৰ, ২২ জুন: কাছাৰৰ কাটিগড়াত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ডকাইতিকাণ্ড ৷ ৫ জনীয়া ডকাইতৰ দল এটাই মাছ ধৰা জালেৰে ৰাজপথত এখন যাত্ৰীবাহী অটো আগচি ধৰি চলালে লুটপাট । অটোৰ যাত্ৰীসহ চালকক মাৰধৰ কৰি ডকাইতৰ দলটোৱে লুটি নিলে নগদ ধনসহ তিনিটা মোবাইল ফোন । কাছাৰৰ কাটিগড়া টি আৰ কে ৰোডত সংঘটিত হৈছে এই ডকাইতিকাণ্ডটো ।

এই সন্দৰ্ভত এগৰাকী ভুক্তভোগীয়ে কয় যে ৫ জনীয়া ডকাইতৰ দল এটাই মাছ ধৰা জালেৰে এখন অটো আগচি ধৰি লুটপাট চলায় । ঘটনাৰ বিবৰণি মতে, বৃহস্পতিবাৰে নিশা কাছাৰৰ ৰাণিঘাটৰ খলিল উদ্দিন নামৰ এগৰাকী ব্যক্তিয়ে বদৰপুৰৰ ষ্টেচনৰ পৰা কন্যাৰ সৈতে এখন অটোৰে আহি থকাৰ সময়ত এই ঘটনাটো সংঘটিত হয় । অটোখন নিশা এক বজাত কাটিগড়া টি আৰ কে ৰোডৰে যোৱাৰ সময়ত গোবিন্দপুৰ জি পি অফিচৰ সম্মুখত পাঁচজনীয়া এটা দলে অটোখন মাছ ধৰা জালেৰে ৰখোৱাৰ পিচত অটোত থকা পিতৃ-কন্যাসহ চালকজনক চোকা অস্ত্ৰৰে ভয় দেখুৱাই মাৰধৰ কৰি লুটি নিয়ে নগদ ধন আৰু এটা আইফোনসহ তিনিটা মোবাইল ফোন ।

লগতে পঢ়ক:পল্লা পথত ডকাইতি কাণ্ডৰে জড়িত দুজন ডকাইতক গ্ৰেপ্তাৰ বেলশৰ আৰক্ষীৰ - Robbery Case In Nalbari

সেই সময়তেই উক্ত ৰাজপথৰে আন এখন বাহন অহাত ডকাইতৰ দলটো পলায়ন কৰে । ইপিনে, এই ঘটনাটোৰ পিচত কালি অৰ্থাৎ শুক্ৰবাৰে উক্ত ঘটনা সন্দৰ্ভত কাটিগড়া আৰক্ষী চকীত এক গোচৰ ৰুজু কৰে খলিল উদ্দিনৰ নামৰ ভুক্তভোগীগৰাকীয়ে । গোচৰ ৰুজুৰ পাচত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও এতিয়াও ডকাইতিকাণ্ডত জড়িতৰ সন্ধান উলিয়াব পৰা নাই ।

লগতে পঢ়ক:দিন ডকাইতি কৰিবলৈ আহি ৰাইজৰ ৰোষত পৰিল ডকাইত - Robbery In Guwahati

উল্লেখ্য় যে যোৱা কেইবামাহ ধৰি কাছাৰৰ কাটিগড়াত এটাৰ পাচত আনটো ডকাইতিকাণ্ড সংঘটিত হৈ আহিছে । কাটিগড়া অঞ্চলত বিশেষকৈ ৰাজপথত বাহন ৰখাই ডকাইতি কৰাৰ ঘটনা সংঘটিত হৈ আহিছে যদিও আৰক্ষীয়ে কোনো লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই ।

লগতে পঢ়ক:পিষ্টল দেখুৱাই ডকাইতে লুটি নিলে ধন - Robber Gang In Jorhat

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.