ETV Bharat / state

শোণিতপুৰত বৃদ্ধি নাৰীজনিত অপৰাধ, বিশেষ কমাণ্ডো বাহিনী মোতায়েনৰ আশ্বাস আৰক্ষীৰ মহাপৰিদৰ্শক পি কে ভূঞাৰ - CRIME IN SONITPUR

author img

By ETV Bharat Assamese Team

Published : Jul 4, 2024, 8:02 AM IST

Assam Police : বিগত 10 দিনৰ ভিতৰতে শোণিতপুৰৰ ঢেকিয়াজুলিত সংঘটিত হৈছে 5 টাকৈ নাৰী নিৰ্যাতনৰ ঘটনা ৷ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আই জি পি(আইন শৃংখলা) পি কে ভূঞা, ডি আই জি উত্তৰ সংমণ্ডলৰ বি জি কুলিগ্ৰাম আৰু শোণিতপুৰৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থই পৰিদৰ্শন কৰে ঢেকিয়াজুলিৰ পৰিস্থিতি ৷

CRIME IN SONITPUR
শোণিতপুৰত বৃদ্ধি নাৰীজনিত অপৰাধ (ETV Bharat Assam)

তেজপুৰ, 4 জুলাই : শোণিতপুৰ জিলাত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে নাৰীকেন্দ্ৰিক নিৰ্যাতনৰ ঘটনা ৷ বিগত 10 দিনৰ ভিতৰতে জিলাখনৰ অন্যতম বাণিজ্যিক কেন্দ্ৰস্বৰূপ ঢেকিয়াজুলিত সংঘটিত হৈছে 5 টাকৈ এনেধৰণৰ ঘটনা ৷

মানৱ সমাজক লজ্জানত কৰিব পৰা এনে এক ঘটনা সংঘটিত হৈছে ঢেকিয়াজুলিৰ ঠেলামৰাত ৷ বিগত 1 জুলাইত ঠেলামৰাৰ কাঠনীবাৰী গাঁৱৰ চামছুল ইছলাম ওৰফে বাবুল আলী(22) নামৰ বিবাহিত লোকজনে একেখন গাঁৱৰে এগৰাকী বিবাহিতা মহিলাক যৌন নিৰ্যাতনৰ চেষ্টা চলায় । ভুক্তভোগীৰ পৰিয়ালৰ লোকে মঙলবাৰে ঠেলামৰা থানাত সমগ্ৰ ঘটনা সম্পৰ্কে অৱগত কৰাত আৰক্ষীয়ে অভিযুক্তক বিচাৰি যায় ৷ আৰক্ষী বাসগৃহত উপস্থিত হোৱাৰ পূৰ্বে পলায়ন কৰে অভিযুক্তই ।

লগতে পঢ়ক: প্ৰথমে নাবালিকাক সৰবৰাহ, তাৰ পিচত ধৰ্ষণ কৰি হত্যা... - MINOR GIRL raped and murdered

আৰক্ষীয়ে অভিযুক্তক বিচাৰি নাপাই পিতৃ ওমৰ আলী(59) ক আটক কৰি ঠেলামৰা থানালৈ নিয়ে ৷ সম্প্ৰতি এই ঘটনাৰ অভিযান আৰক্ষীয়ে অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে অভিযুক্তক আটক কৰিবলৈ সক্ষম হোৱা নাই ৷

এই ঘটনা সংঘটিত হোৱাৰ দুদিন পূৰ্বে ঢেকিয়াজুলি থানাত উপস্থিত হৈ শেহতীয়া পৰিস্থিতিৰ বুজ লয় আই জি পি(আইন শৃংখলা) পি কে ভূঞা, ডি আই জি উত্তৰ সংমণ্ডলৰ বি জি কুলিগ্ৰাম আৰু শোণিতপুৰৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থই ৷ তিনিওগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই ঢেকিয়াজুলিৰ সামগ্ৰিক পৰিস্থিতিৰ বুজ লোৱাৰ লগতে এবছু, আছা, আটছাকে ধৰি বিভিন্ন ছাত্ৰ সংগঠনৰে মত বিনিময় কৰে ৷

লগতে পঢ়ক: সাত বছৰীয়া নাবালিকাৰ ধৰ্ষণ তথা হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহিলে আদালতে - HOJAI RAPE INCIDENT

আইন শৃংখলা বিভাগৰ দায়িত্বত থকা শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে শীঘ্ৰে ঢেকিয়াজুলিত কমাণ্ডো বাহিনী মোতায়েন কৰা হ’ব বুলিও মত ব্যক্ত কৰে ৷

উল্লেখযোগ্য যে,

  • বিগত 22 জুনত ওদালগুৰি জিলাৰ মাজবাট চাহ বাগিচাত নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক 5 জন যুৱকে দলবদ্ধ ধৰ্ষণ কৰে ৷ ইয়াৰ পিছতেই 5 অভিযুক্তৰ ঘৰ জ্বলাই দিছিল ক্ষুব্ধ লোকসকলে ৷ মাজবাটৰ দলবদ্ধ ধৰ্ষণ কাণ্ডৰ 5 অভিযুক্তক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ লগতে মূল অভিযুক্ত হাফিজুল ইছলামক আৰক্ষীয়ে এনকাউণ্টাৰ কৰাত আঘাতপ্ৰাপ্ত ধৰ্ষণকাৰীজন তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হ’ব লগা হৈছিল ৷
  • জিলাখনৰ ঢেকিয়াজুলিৰ অৰুণ চাহ বাগিচাত 24 জুনত টিউচনলৈ যোৱা এগৰাকী কিশোৰীক ছহিদুল ইছলাম নামৰ এজন যুৱকে ধৰ্ষণ কৰে ৷ এই ঘটনাৰ পিছতে উত্তপ্ত হৈ পৰে অঞ্চলটোৰ পৰিস্থিতি ৷ ঢেকিয়াজুলি আৰক্ষীয়ে অভিযুক্ত ছহিদুল ইছলামক কৰায়ত্ত কৰি প্ৰেৰণ কৰে জেল হাজোতলৈ ৷
  • ইয়াৰ দুদিন পিছত অৰ্থাৎ 26 জুনত সংঘটিত হয় তৃতীয়টো ঘটনা ৷ ঠেলামৰা থানাৰ অন্তৰ্গত তেলিয়াগাঁৱৰ পথাৰত গৰু এৰাল দিবলৈ যোৱা এগৰাকী 15 বছৰীয়া কিশোৰীক আনাৰুল ইছলাম নামৰ এজন লোকে যৌন উৎপীড়ন চলোৱাৰ চেষ্টা কৰে ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে কৰায়ত্ত কৰে অভিযুক্তক ৷
  • একেদৰে 22 জুনত ঢেকিয়াজুলিৰ টিউলিপ চাহ বাগিচাৰ কলনীত বসবাস কৰা এগৰাকী কলেজীয়া ছাত্ৰীক এক বিশেষ সম্প্ৰদায়ৰ অচিনাক্ত যুৱকে অনুসৰণ কৰি বিভিন্ন ধৰণে অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ যাৰ বাবে ছাত্ৰীগৰাকী ভীতিগ্ৰস্ত হৈ মহাবিদ্যালয়লৈ যোৱাৰ পৰা বিৰত আছে ৷ এই সন্দৰ্ভত ঢেকিয়াজুলি থানাত ভুক্তভোগীয়ে গোচৰ ৰুজু কৰিছে যদিও আৰক্ষীয়ে বৰ্তমানলৈকে যুৱকজনক কৰায়ত্ত কৰিব পৰা নাই ৷
  • তদুপৰি 29 জুনত ঢেকিয়াজুলিৰ শ্বহীদ পাৰ্কত নাইচ আলী(22) নামৰ এজন যুৱকে এগৰাকী বড়ো সম্প্ৰদায়ৰ যুৱতীৰ সৈতে সন্দেহজনক অৱস্থাত প্ৰত্যক্ষ কৰি বিভিন্ন দল-সংগঠনে কৰায়ত্ত কৰি আৰক্ষীক গতাই দিয়ে ৷ উত্থাপিত অভিযোগ অনুসৰি, নাইচ আলীয়ে নিজকে হিন্দু বুলি ভুৱা পৰিচয় দি যুৱতীগৰাকীৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়িব বিচাৰিছিল ৷ যুৱকজনক ইতিমধ্যে আটক কৰি আৰক্ষীয়ে কাৰাগাৰলৈ প্ৰেৰণ কৰিছে ৷

লগতে পঢ়ক: অসমত প্ৰতি ঘন্টাত ৫১ টা নাৰীজনিত অপৰাধৰ গোচৰ ৰুজু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.