ETV Bharat / state

নকাড়ীৰ উৰণসেতু : ক্ষতিপূৰণ লাভ নকৰাক লৈ ক্ষুব্ধ অঞ্চলবাসী - Flyover in Lakhimpur

author img

By ETV Bharat Assamese Team

Published : Jul 11, 2024, 4:24 PM IST

Nakari flyover compensation : লখিমপুৰৰ নকাড়ীত প্ৰস্তুতি চলিছে উৰণসেতু নির্মাণৰ ৷ নিৰ্মাণকাৰ্য আৰম্ভ নৌহওতেই লাগিছে কেণা ৷ ভূমি অধিগ্ৰহণ সম্পৰ্কীয় বিষয় লৈ জিলা আয়ুক্তক স্মাৰকপত্ৰ প্ৰদান স্থানীয় ৰাইজৰ ৷ পোন্ধৰ দিনৰ ভিতৰত সমস্যা সমাধান নকৰিলে আদালতৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ ৷

Nakari flyover compensation
ক্ষতিপূৰণ লাভ নকৰাক লৈ ক্ষুব্ধ নকাড়ীবাসী (ETV Bharat Assam)

লখিমপুৰ, ১১ জুলাই : লখিমপুৰৰ নকাড়ী ৰে’লৱে’ ক্ৰচিঙত এখন উৰণসেতু নির্মাণৰ প্ৰস্তুতি চলিছে । জিলা প্ৰশাসনে ইতিমধ্যে এই সেতুখনৰ বাবে ভূমি অধিগ্ৰহণৰ লগতে গৃহ, ব্যৱসায়িক প্ৰতিষ্ঠান বিনষ্ট হোৱাৰ বাবে ক্ষতিপূৰণ আদিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে । কিন্তু আৰম্ভণিতে কেনা লাগিছে ।

প্ৰশাসনৰ পৰা প্ৰকাশিত তালিকাত উক্ত পথৰ দুয়োপাৰৰ ভূমি চৰকাৰী বুলি উল্লেখ কৰা হৈছে ৷ এই লৈ ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় লোকে । নকাড়ীৰ ৰাইজে বৃহস্পতিবাৰে সদলবলে আহি জিলা আয়ুক্তক এখন স্মাৰকপত্ৰ প্ৰদান কৰে ৷ পোন্ধৰ দিনৰ ভিতৰত এই সমস্যাটো সমাধান নকৰিলে ৰাইজ আদালতৰ দ্বাৰস্থ হ’ব বুলি স্মাৰকপত্ৰখনৰ জৰিয়তে স্পষ্ট কৰি দিয়া হয় ৷

ৰাইজে জিলা আয়ুক্তক প্ৰদান কৰা স্মাৰকপত্ৰখনত উল্লেখ কৰে যে নকাড়ীৰ মাজেৰে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখৰ পৰা চাৱতিৰ মেডিকেল, লীলাবাৰী বিমান বন্দৰ আদি বহু গুৰুত্বপূৰ্ণ অনুষ্ঠানক সংযোগ কৰা ‘নীলকণ্ঠ গোহাঁই বৰুৱা’ পথটোৰ গুৰুত্ব অপৰিসীম । নকাড়ীৰ এক, দুই আৰু তিনি নং ৱাৰ্ডক চুই যোৱা এই পথটোত নকাড়ী ৰে’লৱে’ ক্ৰছিঙত এখন উৰণসেতু নির্মাণ কৰিবলৈ লোৱা কাৰ্যক ৰাইজে আদৰণি জনায় ৷ উৰণসেতুখন হ’লে যানজঁটৰ সমস্যা দূৰ হ'ব আৰু বিশেষকৈ মেডিকেল কলেজলৈ যোৱা ৰোগীসকলৰ কষ্ট লাঘৱ হ’ব বুলি ৰাইজে মন্তব্য কৰে ৷

লগতে পঢ়ক : উৰণসেতু নিৰ্মাণত যমৰ-যাতনা মহানাগৰিকৰ : যাতায়াতকাৰীৰ বাবে মৰণফান্দ চানমাৰি-নুনমাটি পথ

উন্নয়নৰ ক্ষেত্ৰত সদায় সহযোগিতা থাকিব বুলি স্থানীয় ৰাইজে মন্তব্য কৰে ৷ কিন্তু উৰণ সেতুখন নিৰ্মাণৰ ক্ষেত্ৰত নকাড়ীৰ অধিগ্ৰহণৰ সন্দৰ্ভত কিছু আপত্তি থকা বুলি ৰাইজে উল্লেখ কৰে ৷ তেওঁলোকে কয় যে উৰণসেতুখন নির্মাণ কৰোতে পথটোৰ দুয়োপাৰে প্ৰায় ২০০টা পৰিয়ালৰ ভূমি অধিগ্ৰহণ কৰাৰ প্ৰস্তুতি চলোৱা হৈছে ৷ নকাড়ীৰ এক, দুই আৰু তিনি নম্বৰ ৱাৰ্ডৰ প্ৰায় দুশটা পৰিয়ালৰ প্ৰায় ১১ বিঘা মাটি অধিগ্ৰহণ কৰিবলৈ চৰকাৰীভাৱে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ ইয়াৰ মাজতে পথটোৰ দুয়োপাৰে থকা একাংশ ব্যৱসায়িক প্ৰতিষ্ঠানৰ ক্ষতিপূৰণৰ বাবদ ব্যৱস্থা লোৱা হৈছে ।

কিন্তু ভূমি অধিগ্ৰহণৰ নামত এই পর্যন্ত ক্ষতিপূৰণৰ ব্যৱস্থা কৰা নাই বুলি স্থানীয় ৰাইজে উল্লেখ কৰে ৷ ভূমিৰ ক্ষতিপূৰণ পিচত দিয়া হ’ব বুলি মৌখিকভাৱে জনোৱাৰ কথা উল্লেখ কৰে ৰাইজে ৷ ইয়াৰ বিপৰীতে ইতিমধ্যে জিলা প্ৰশাসনে প্ৰকাশ কৰা তালিকাত নির্মাণ হ’বলগীয়া উৰণসেতুৰ কাষৰ ৰাইজৰ ভূমি চৰকাৰী ভূমি বুলি উল্লেখ কৰা হৈছে ৷

আনহাতে উত্তৰ লখিমপুৰ ৰাজহ চক্ৰ বিষয়াৰ চিঠি নং NLC.28/Nakari/ROB/ 2024/666 তাং ১৭/০৬/২০২৪ মতে অধিগ্ৰহণ কৰা মাটিৰ ক্ষতিপূৰণ দিয়া হৈছে বুলি উল্লেখ কৰিছে ৷ প্ৰশাসনৰ এই কাৰ্যই ৰাইজক আচৰিত কৰি তুলিছে ৷ কিয়নো পিতৃ-মাতৃৰ দিনৰ পৰা উত্তৰাধিকাৰী সূত্ৰে ভোগ দখল কৰি বসবাস কৰি থকা এই ভূমি ম্যাদী পট্টাৰ অন্তৰ্ভুক্ত হৈ আছে ৷

লগতে পঢ়ক : বাপুজীৰ প্ৰতিমূৰ্তি আঁতৰাই ক্লক টাৱাৰ নিৰ্মাণ : তীব্ৰ প্ৰতিক্ৰিয়া প্ৰাক্তন বিধায়কৰ

পুৰুষানুক্ৰমে ভোগ দখল কৰি থকা ম্যাদী পট্টাৰ এই ভূমি হঠাৎ চৰকাৰী ভূমি বুলি তালিকা প্ৰকাশ কৰাত ৰাইজ আচৰিত হৈ পৰিছে । ৰাইজে কোনো কাৰণত এই কথা মানি নলয় বুলি স্মাৰকপত্ৰখনত স্পষ্ট কৰি দিয়ে ৷ স্মাৰকপত্ৰখনৰ জৰিয়তে ৰাইজে উৰণসেতুখন নিৰ্মাণৰ ফলত ক্ষতি হ’ব পৰা ভূমিৰ গৰাকীক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ দাবী জনায় ৷

পত্ৰখনৰ জৰিয়তে ৰাইজে আয়ুক্তক আন কেবাটাও দাবী জনায় ৷ উক্ত পথটোৰ ১৯৬০ চনৰ মেপ মতে, (ৰে’লৱে’ ষ্টেছন আৰু মেডিকেল কলেজ স্থাপন হোৱাৰ পূৰ্বে) পর্যবেক্ষন কৰি ভূমিৰ অধিগ্ৰহণৰ দাবী জনোৱা হৈছে ৷ ভূমি অধিগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ পূৰ্বে ভাৰতীয় সংবিধানৰ ৩০০ ধাৰা (ক) অনুচ্ছেদ মতে ব্যৱস্থা গ্ৰহণ কৰাৰো দাবী জনাই ৰাইজে ৷

তদুপৰি পিতৃ-পিতামহৰ দিনৰ পৰা উত্তৰাধিকাৰী সূত্ৰে ম্যাদী পট্টা লৈ বসবাস কৰি থকা উক্ত ভূমি কিয় হঠাৎ চৰকাৰী ভূমি বুলি তালিকাত প্ৰকাশ কৰা হ'ল তাৰ এক তদন্তৰ ব্যৱস্থা কৰাৰ দাবী জনাই স্থানীয় লোকে ৷ ৰাইজে এই সমস্যাসমূহৰ সমাধানৰ আশা প্ৰকাশ কৰি প্ৰয়োজন সাপেক্ষে আদালতৰ দ্বাৰস্থ হ’বলৈও বাধ্য হ’ব বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: জোনাইৰ নৱ-নিৰ্মিত আদৰ্শ চিকিৎসালয় নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.