ETV Bharat / state

বাৰে বাৰে বেদখল শিলপুখুৰী শ্মশান কালীমন্দিৰ খেলপথাৰ - Encroachment Of Playground - ENCROACHMENT OF PLAYGROUND

Silpukhuri Kalimandir : গুৱাহাটী মহানগৰীৰ মাজমজিয়াত থকা শিলপুখুৰী শ্মশান কালীমন্দিৰ খেলপথাৰ কোনে কৰিছে বেদখল ? নৱগ্রহ শ্মশান উন্নয়ন সমিতিৰ কামকাজ স্থবিৰ হোৱাত একাংশই লৈছে সুযোগ ।

Silpukhuri Crematorium Kalimandir
শিলপুখুৰী শ্মশান কালীমন্দিৰ খেলপথাৰ ইতিহাস (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 13, 2024, 10:06 PM IST

গুৱাহাটী, ১৩ আগষ্ট: গুৱাহাটী মহানগৰীত দিনক দিনে সংকুচিত হ'বলৈ ধৰিছে মুকলি ঠাই । আন ঠাইৰ কথাটো বাদেই, এতিয়া মহানগৰীৰ বুকুত থকা কেইবাখনো ৰাজহুৱা খেলপথাৰ বিভিন্ন কাৰণত সংকুচিত হৈ পৰিছে । ফলত নৱপ্ৰজন্মই খেল-ধেমালিৰ বাবে মুকলি ঠাই নোপোৱা অৱস্থাৰ সৃষ্টি হৈছে । ইয়াৰ মাজতেই মহানগৰীৰ মাজমজিয়াত থকা এখন খেলপথাৰ বেদখলমুক্ত কৰিবলৈ ৰাইজ ওলাই আহিছে । এই খেলপথাৰখন হৈছে মহানগৰীৰ শিলপুখুৰী শ্মশান কালীমন্দিৰ খেলপথাৰ । খেলপথাৰখনৰো আছে এক ইতিহাস । এই ইতিহাসৰ বিষয়ে ই টিভি ভাৰতৰ আগত ব্য়াখ্য়া কৰিলে স্থানীয় ব্য়ক্তি তথা জ্যেষ্ঠ নাগৰিক চন্দ্ৰধৰ বৰাই ।

শিলপুখুৰী শ্মশান কালীমন্দিৰ খেলপথাৰ ইতিহাস (ETV Bharat Assam)

শিলপুখুৰী শ্মশান কালীমন্দিৰ খেলপথাৰৰ ইতিহাস :

জ্যেষ্ঠ নাগৰিক চন্দ্ৰধৰ বৰাই এই প্ৰসংগত কয়," বৰ্তমান নৱগ্ৰহ পাহাৰৰ পুৰণি নাম আছিল চিত্ৰাচল । এই চিত্রাচল পাহাৰতে আদিত্যাদি নৱগ্ৰহ মন্দিৰ অৱস্থিত । এই মন্দিৰত প্ৰাচীন কালৰ পৰা জ্যোতিষবিদ্যা প্ৰৱৰ্তন হৈ থকা বুলি ইতিহাসবিদসকলে কৈ গৈছে । এনেহেন ঐতিহ্যপূৰ্ণ মন্দিৰ অৱস্থিত পাহাৰৰ পাদদেশৰ দক্ষিণ দিশত হিন্দুসকলৰ মুক্তিধাম শ্রীশ্রীনৱগ্রহ শ্মশান অৱস্থিত ।"

শ্মশানৰ বাবে ২৫ বিঘা মাটি দান দিছিল প্ৰথম অসমীয়া কর্ণেলে :

জ্যেষ্ঠ নাগৰিক চন্দ্ৰধৰ বৰাই পুনৰ কয়," স্বাধীনতাৰ পিছতে এই শ্মশানৰ বাবে প্ৰথম অসমীয়া কর্ণেল ডাঃ শিৱৰাম বৰাই ২৫ বিঘা মাটি দান দিয়ে । পৰৱৰ্তী সময়ত যেতিয়া শ্মশানখনৰ মাজেৰে এটা পথ নিৰ্মাণ কৰা হয়, তেতিয়া মাটিখিনি দুটা ভাগত ভাগ হয় । এটা ভাগত শ্মশানখন থাকে আৰু আন এটা ভাগত ১০-১২ বিঘা মাটি সামৰি খেলপথাৰ হিচাপে থাকে । সেই খেলপথাৰখনত দীপক সংঘ, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যালয়, চৰকাৰী অনুদানপ্রাপ্ত শিলপুখুৰী হাইস্কুল,কণ্বাচল সন্মিলিত সংঘ আছিল । কিন্তু পৰৱৰ্তী সময়ত ১৯৬৩ চনত তেতিয়াৰ কামৰূপ জিলাৰ উপায়ুক্তৰ নেতৃত্বত বেদখল হিচাপে থকা দীপক সংঘ, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যালয়, চৰকাৰী অনুদানপ্রাপ্ত শিলপুখুৰী হাইস্কুল,কণ্বাচল সম্মিলিত সংঘ ভাঙি বেদখল মুক্ত কৰা হয় ।"

তেওঁ পুনৰ কয় " ইয়াৰ পিছতেই এই মুকলি ঠাইত গুৱাহাটী পৌৰ নিগমৰ লগতে স্থানীয় ব্যক্তিৰ দ্বাৰা শিশুসকলৰ খেলা-ধূলাৰ বাবে এখনি উদ্যানৰ ব্যৱস্থা কৰা হয় । পৰৱৰ্তী সময়ত পুনৰ বেদখল হোৱাৰ লগতে উদ্যানখন ধংস হোৱাৰ পৰিপ্ৰেক্ষিতত স্থানীয় কিছু সমাজ সচেতন ব্যক্তিৰ উদ্যোগত ৩২ বছৰমান আগতে ১৯৯২ চনত এই খেলপথাৰতেই সমাজকর্মী, উজানবজাৰৰ বাসিন্দা প্রয়াত ক্ষীৰদা বিষয়াৰ সভাপতিত্বত অনুস্থিত ৰাজহুৱা সভাত নৱগ্রহ শ্মশান আৰু এই খেলপথাৰখনিৰ উন্নয়নৰ ব্যৱস্থা ল'বলৈ প্রয়াত বীৰেন্দ্ৰ মোহন গোস্বামীক সভাপতি আৰু প্রয়াত ডাঃ বি এন গগৈক সম্পাদক হিচাপে লৈ ২৫ জনীয়া নৱগ্রহ শ্মশান উন্নয়ন সমিতি গঠন কৰা হয় ।"

খেলপথাৰখনৰ বৰ্তমানৰ ছবিখন :

১৯৯২ চনত গঠন কৰা ২৫ জনীয়া নৱগ্রহ শ্মশান উন্নয়ন সমিতিৰ নেতৃত্বত থকাসকলৰ অধিকাংশৰে মৃত্যু হোৱাত সমিতিৰ কামকাজ স্থিমিত হৈ পৰে । ফলত খেলপথাৰখন এফালৰ পৰা পুনৰ বেদখল হোৱাত সংকুচিত হৈ পৰে । বৰ্তমান সময়ত শিৱ মন্দিৰ আৰু কালী মন্দিৰ দুটাত সঘনে অনুষ্ঠিত হৈ থকা বিয়া-সবাহ, অভ্যর্থনা আদিৰ বাবে খেলপথাৰখন হৈ পৰিছে পাৰ্কিং । মন্দিৰ দুটাই আৰ্থিক দিশ টনকিয়াল কৰাৰ স্বাৰ্থত বিবাহ-সভাহৰ বাবে ভাৰা দিছে । ফলত খেলপথাৰখনৰ যি ক্ষুদ্ৰ অংশ আছে সেইখিনিতো গাড়ী পাৰ্কিং স্থানলৈ পৰ্যবসিত হৈছে । সেয়েহে এই বৃহৎ অঞ্চলটোৰ ল'ৰা-ছোৱালীৰ খেল-ধেমালিত ব্য়াঘাত । বৃহৎ অঞ্চলৰ ল'ৰা ছোৱালী নৱপ্ৰজন্মৰ প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি ইয়াক বেদখলমুক্ত কৰাৰ লগতে সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ দেওবাৰে ৰাজহুৱা সভা অনুষ্ঠিত হয় ।

লগতে পঢ়ক:ৰাজহুৱা খেলপথাৰ বেদখল কৰি নিৰ্মাণ কৰিছে বিবাহ ভৱন-সংঘ: ৰাইজৰ প্ৰতিবাদ - Encroachment Of Playground

লংকাত ৰে’ল বিভাগৰ উচ্ছেদ অভিযান - Railway land encroachment

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.