ETV Bharat / state

বকোত ৰিম’ট পাইলট ট্ৰেইনিং অৰ্গেনাইজেশ্যন মুকলি - Remote Pilot Training

author img

By ETV Bharat Assamese Team

Published : Jun 26, 2024, 10:08 PM IST

Remote Pilot Training: বকোত উদ্বোধন কৰা হয় ৰিম’ট পাইলট ট্ৰেইনিং কেন্দ্ৰ । নৰ্থ-ইষ্ট চেণ্টাৰ ফৰ টেকন’লজি এপ্লিকেচন এণ্ড ৰিচ আৰু বকোৰ জৱাহৰলাল নেহৰু কলেজৰ সৈতে স্থাপন কৰা হয় এই কেন্দ্ৰটো ।

Remote Pilot Training Organization launched in Boko
বকোত ৰিম’ট পাইলট ট্ৰেইনিং অৰ্গেনাইজেশ্যন মুকলি (ETV Bharat Assam)

বকো,২৬ জুন: অসমৰ বাবে এক যুগান্তকাৰী পদক্ষেপ হিচাপে ভাৰত চৰকাৰৰ নৰ্থ-ইষ্ট চেণ্টাৰ ফৰ টেকন’লজি এপ্লিকেচন এণ্ড ৰিচ (নেক্টাৰ) এ বকোৰ জৱাহৰলাল নেহৰু কলেজৰ সৈতে অংশীদাৰিত্বৰে মহাবিদ্যালয়খনত স্থাপন কৰে ৰিম’ট পাইলট ট্ৰেইনিং অৰ্গেনাইজেশ্যন (আৰ পি টি অ’) । অসমত মহাবিদ্যালয় পৰ্যায়ত প্ৰথমবাৰৰ বাবে ড্ৰ’নৰ প্ৰশিক্ষণ প্ৰদান কৰা হ'ব । যোৱা ২৫ জুনত উদ্বোধন কৰা এই কেন্দ্ৰটোৰ লক্ষ্য হৈছে উত্তৰ-পূব ভাৰতৰ বিশেষকৈ অসমৰ নিবনুৱা সমস্যা সমাধান কৰি একবিংশ শতিকাৰ দক্ষতাৰে সজ্জিত কৰা ।

বকোস্থিত জে এন কলেজৰ অধ্যক্ষ ড৹ তপন দত্তই মহাবিদ্যালয় আৰু ৰাজ্যৰ বাবে এই উন্নয়নৰ তাৎপৰ্যৰ ওপৰত আলোকপাত কৰি আৰ পি টি অ’ মুকলি কৰাত গৌৰৱ প্ৰকাশ কৰে । তেওঁ উল্লেখ কৰে যে এই কাৰ্যসূচী অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ পৰা অনুমোদন লাভ কৰি নেক্টাৰৰ সহযোগত আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছে । উদ্বোধনী বেটচত মেঘালয়, ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, আৰু অসমৰ দহগৰাকী মহিলাই কেন্দ্ৰীয় চৰকাৰৰ 'ড্ৰ'ন ডিডি' আঁচনিৰ অধীনত বিনামূলীয়াকৈ প্ৰশিক্ষণ লাভ কৰিব ।

এই প্ৰশিক্ষাৰ্থীসকলক নিজা নিজা ৰাজ্য চৰকাৰে মনোনীত কৰে । নেক্টাৰৰ সঞ্চালক প্ৰধান ড৹ অৰুণ কুমাৰ শৰ্মাই এই পদক্ষেপৰ গুৰুত্ব আৰোপ কৰি গাঁও পৰ্যায়ত ড্ৰ’ন ব্যৱহাৰক প্ৰসাৰিত কৰাৰ লগতে কৃষি, প্ৰতিৰক্ষা, আৰু সংবাদ মাধ্যমটো প্ৰয়োজনীয়তাৰ বিষয়ে উল্লেখ কৰে । ড৹ শৰ্মাই ভাৰতত ড্ৰ’ন পাইলটৰ উল্লেখযোগ্য চাহিদাৰ কথাও আঙুলিয়াই দিয়ে । বৰ্তমানৰ ১০-২০ হাজাৰৰ তুলনাত দেশখনত এক লাখৰো অধিক ড্ৰ’ন পাইলটৰ প্ৰয়োজন ।

এই প্ৰশিক্ষণ কেন্দ্ৰ স্থাপনৰ লক্ষ্য হৈছে যুৱক-যুৱতীসকলক এই বৃত্তিৰ প্ৰতি আকৰ্ষণ কৰা আৰু সম্ভাৱনাময়ভাৱে ভূটান, নেপাল, বাংলাদেশৰ দৰে চুবুৰীয়া দেশসমূহৰ সেৱা আগবঢ়োৱা, যিবোৰ দেশ ড্ৰ’ন পাইলটৰ অভাৱৰ সন্মুখীন হৈছে । উদ্বোধনী অনুষ্ঠানত মহাবিদ্যালয়খনত দিনজোৰা কাৰ্যসূচীত বকোৰ বিধায়িকা নন্দিতা দাস আৰু ড৹ অৰুণ কুমাৰ শৰ্মাৰ সৈতে মুখ্য অতিথি হিচাপে অসম চৰকাৰৰ সচিব ড৹ লয়া মাদ্দুৰী উপস্থিত থাকে । বিভিন্ন খণ্ডত ব্যৱহৃত বিভিন্ন ড্ৰ’নৰ প্ৰদৰ্শন কৰা অনুষ্ঠানত বহুকেইগৰাকী বিশিষ্ট অতিথি আৰু ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে ।

মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ তপন দত্তৰ সভাপতিত্বত ড্ৰ’নৰ আবেদন আৰু আনুষংগিক বিষয়সমূহৰ ওপৰত এখন বৈঠক অনুষ্ঠিত হয় । ড৹ লয়া মাদ্দুৰীয়ে ড্ৰ’নৰ ব্যৱহাৰিক দিশৰ ওপৰত ভাষণ প্ৰদান কৰি বান মেপিঙত ইয়াৰ ব্যৱহাৰ আৰু অসমৰ শিলচৰত বানপানীৰ সময়ত অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰাৰ কথা উল্লেখ কৰি অঞ্চলটোত ড্ৰ’ন প্ৰযুক্তিৰ উল্লেখযোগ্য সম্ভাৱনাৰ ওপৰত আলোকপাত কৰে ।

লগতে পঢ়ক: ভাৰতীয় সেনাই নিজৰ অস্ত্ৰভাণ্ডাৰত অন্তৰ্ভুক্ত কৰিলে নাগঅস্ত্ৰ-১ ছুইচাইড ড্ৰোন - Indian Army

নৌসেনাৰ সহায়ৰ বাবে বিশেষ ড্ৰোণ নিৰ্মাণ আই আই টি কানপুৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.