ETV Bharat / state

বোমা সংস্থাপন : তথ্য দিয়া ব্যক্তিলৈ ৫ লাখ টকাৰ পুৰস্কাৰ ঘোষণা 'স্মাৰ্ট' অসম আৰক্ষীৰ - bomb plan by ULFA I

author img

By ETV Bharat Assamese Team

Published : Aug 16, 2024, 10:31 PM IST

Assam Police : ৰাজ্যৰ বিভিন্ন স্থানত 25 টাকৈ বোমা সংস্থাপন কৰা ঘটনা সন্দৰ্ভত তথ্য দিব পৰা ব্যক্তিলৈ পুৰস্কাৰ ঘোষণা অসম আৰক্ষীৰ ৷ গুৱাহাটীত বোমাসদৃশ সামগ্ৰী উদ্ধাৰ হোৱা ঘটনাৰ তদন্ত কৰাৰ দায়িত্ব এছ আই টিক দিয়া হৈছে ৷

Assam Police
বোমা সংস্থাপন : তথ্য দিয়া ব্যক্তিলৈ ৫ লাখ টকাৰ পুৰস্কাৰ ঘোষণা অসম আৰক্ষীৰ (ETV Bharat)

গুৱাহাটী, 16 আগষ্ট : আলফা স্বাধীনে স্বাধীনতা দিৱসৰ দিনা ৰাজ্যৰ বিভিন্ন স্থানত 25 টাকৈ বোমা সংস্থাপন কৰা ঘটনা সন্দৰ্ভত তথ্য দিব পৰা ব্যক্তিলৈ 5 লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰা হৈছে ৷ অসম আৰক্ষীয়ে ঘোষণা কৰিছে এই পুৰস্কাৰ ৷ আলফা স্বাধীনৰ দ্বাৰা বোমা সংস্থাপন কৰা ঘটনা সন্দৰ্ভত শুকুৰবাৰে গুৱাহাটীত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙৰ উপস্থিতিত আৰক্ষীৰ শীৰ্ষ বিষয়াৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ৷ আনহাতে গুৱাহাটীত বোমাসদৃশ সামগ্ৰী উদ্ধাৰ হোৱা ঘটনাৰ তদন্ত কৰাৰ দায়িত্ব এছ আই টিক দিয়া হৈছে ৷ যুটীয়া আৰক্ষী আয়ুক্তৰ নেতৃত্বত এছ আই টি গঠন কৰা হৈছে ৷

5 লাখ টকাৰ পুৰস্কাৰ ঘোষণা অসম আৰক্ষীৰ :

ইফালে অসম আৰক্ষীয়ে আলফা স্বাধীনে সংস্থাপন কৰা বোমা সন্দৰ্ভত তথ্য দিয়া ব্যক্তিলৈ 5 লাখ টকাৰ পুৰস্কাৰ দিয়াৰ কথা ঘোষণা কৰিছে ৷ তথ্য দিবৰ বাবে বিশেষ ফোন নম্বৰ মুকলি কৰিছে অসম আৰক্ষীয়ে ৷ কোনো লোকে বোমা সংস্থাপন কৰা ঘটনা সন্দৰ্ভত কিবা তথ্য থাকিলে 9132699735 নম্বৰত যোগাযোগ কৰিব পাৰিব ৷ তথ্য যোগান ধৰা ব্যক্তিৰ নাম গোপনে ৰখা হ'ব বুলি অসম আৰক্ষীৰ তৰফৰ পৰা জনোৱা হৈছে ৷ উল্লেখ্য যে স্বাধীনতা দিৱসৰ দিনটোত আলফা স্বাধীনে ৰাজ্যৰ বিভিন্ন প্ৰান্তত 25 টাকৈ বোমা সংস্থাপন কৰিছিল ৷ গুৱাহাটী মহানগৰীত সংস্থাপন কৰিছিল আঠটাকৈ বোমা ৷ কিন্তু বোমা সমূহ কিবা কাৰিকৰী কাৰণত বিস্ফোৰিত নোহোৱাত আলফা স্বাধীনে বিবৃতি যোগে সংবাদ মাধ্যমক অৱগত কৰে ৷ লগতে বোমা সংস্থাপন কৰা স্থানসমূহো নিৰ্দ্দিষ্ট কৰি দিয়ে ৷

থৰকাচুটি হেৰাল অসম আৰক্ষীৰ :

এই খবৰ প্ৰকাশ পোৱাৰ লগে লগে অসম আৰক্ষীৰ থৰকাচুটি হেৰায় ৷ বোমা স্থাপনৰ সংশ্লিষ্ট স্থানত আৰক্ষীয়ে অভিযান চলায় ৷ গুৱাহাটীৰ আঠটা স্থানতো চলে অভিযান ৷ বৃহস্পতিবাৰে গুৱাহাটীৰ দুটা স্থান পানবজাৰ আৰু গান্ধী মণ্ডপলৈ যোৱা পথৰ সমীপত বোমা সদৃশ সামগ্ৰী উদ্ধাৰ হয় ৷ ইফালে বোমা উদ্ধাৰৰ বাবে আজিও অভিযান চলোৱা হয় ৷ আজি গুৱাহাটীৰ সাতগাঁও আৰু দিছপুৰ লাষ্টগেটত বোমা সদৃশ সামগ্ৰী উদ্ধাৰ হয় ৷ অৱশ্যে সাতগাঁৱত উদ্ধাৰ হোৱা সামগ্ৰীখিনি বিস্ফোৰক বুলি আৰক্ষীয়ে সদৰী কৰিছে যদিও পৰীক্ষাৰ পাছতহে প্ৰকৃত সত্য পোহৰলৈ আহিব ৷

গুৱাহাটীৰ চাৰিটা স্থানত বোমাসদৃশ সামগ্ৰী উদ্ধাৰ :

এই পৰ্যন্ত গুৱাহাটীৰ চাৰিটা স্থানত বোমা সদৃশ সামগ্ৰী উদ্ধাৰ হৈছে ৷ লক্ষণীয় বিষয় যে আলফা স্বাধীনে গুৱাহাটীৰ মুঠ 8 টা স্থানত বোমা সংস্থাপনৰ দাবী কৰিছিল ৷ সেই অনুসৰিয়েই অভিযান চলাই এই পৰ্যন্ত চাৰিটা স্থানত বোমা সদৃশ সামগ্ৰী উদ্ধাৰ হয় যদিও বাকী চাৰিটা স্থানত এতিয়ালৈকে উদ্ধাৰ হোৱা নাই বোমা নাইবা তেনে কোনো ধৰণৰ বিস্ফোৰক সামগ্ৰী ৷

লগতে পঢ়ক : ২৫ টা স্থানত বোমা সংস্থাপনৰ দাবী আলফা(স্বা)ৰ: উপযুক্ত তদন্তৰ নিশ্চয়তা দিলে ডিজিপি জি পি সিঙে - bomb plan by ULFA I

লাঠী আৰু মূৰত আনৰ হেলমেট পিন্ধি 'স্মাৰ্ট' অসম আৰক্ষীৰ বোমাৰ সন্ধান :

লক্ষণীয় বিষয় যে আলফা স্বাধীনে বোমা সংস্থাপনৰ ঘটনাই উদঙালে অসম আৰক্ষীৰ প্ৰকৃত স্বৰূপ ৷ বোমা সংস্থাপনৰ ঘটনা ৰাজহুৱা হোৱাৰ পাছতে হাহাকাৰ লাগে অসম আৰক্ষীৰ মাজত ৷ ৰাজ্যৰ আন প্ৰান্তৰ কথা বাদেই, গুৱাহাটীৰ আঠটা স্থানত বোমা সংস্থাপন কৰা বুলি আলফা স্বাধীনে সদৰী কৰাৰ পাছতে মহানগৰীৰ স্মাৰ্ট আৰক্ষীৰ মাজত হুৱাদুৱা লাগে ৷ ঢাল-তৰোৱাল নোহোৱাকৈ নিধিৰাম চৰ্দাৰৰ ৰূপত বোমা নিষ্ক্ৰিয় কৰাৰ অভিযানত জপিয়াই পৰিল আৰক্ষী ৷ সুৰক্ষামূলক কোনো ধৰণৰ সামগ্ৰীৰ উপৰি কোনো ধৰণৰ আহিলা-পাতি নোহোৱাকৈ হাতত লাঠি লৈ বোমাৰ সন্ধানত অভিযানত নামি পৰিল মহানগৰ আৰক্ষী ৷ আনকি দিছপুৰ লাষ্টগেটত বোমাৰ সন্ধান কৰাৰ বাবে ৰক্ষাকবচ হিচাপে আৰক্ষীয়ে বাটত ৰৈ থকা এজন বাইক চালকৰ হেলমেটটোকে ব্যৱহাৰ কৰে ৷

হাতত লাঠী আৰু মূৰত আনৰ হেলমেট লগাই আৰক্ষীয়ে বোমাৰ সন্ধানত নামে ৷ এয়াই হৈছে মহানগৰ আৰক্ষীৰ স্বৰূপ ৷ গুৱাহাটীবাসীক নিৰাপত্তা দিবলৈ নিয়োজিত হোৱা আৰক্ষীৰ নিজৰে নাই সুৰক্ষা ৷ এয়া হৈছে অসম আৰক্ষীৰ আধুনিকীকৰণৰ প্ৰকৃত স্বৰূপ ৷ অৱশ্যে অসম আৰক্ষীৰ সাহসিকতা মানিবলগীয়া ৷ সুৰক্ষামূলক ব্যৱস্থা নাথাকিলে কিন্তু নিজৰ কথা চিন্তা নকৰি তেওঁলোকে দায়িত্ব পালনত থমকি ৰোৱা নাই ৷ তাৰ বাবে তেওঁলোক ধন্যবাদৰ পাত্ৰ ৷

লগতে পঢ়ক : মুখ্যমন্ত্ৰী আৱাসৰ পিছফালেই উদ্ধাৰ আলফা (স্বাধীন)ই স্থাপন কৰা বোমা - ULFA I BOMB PLANS

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.