ETV Bharat / state

ভূটান ভ্ৰমণে বিকাশৰ কেন্দ্ৰ হিচাপে অসমৰ ভূমিকাৰ প্ৰতিফলন ঘটাইছে: মুখ্যমন্ত্ৰী - ASSAM CM ON BHUTAN VISIT

ভাৰত আৰু ভূটানৰ মাজত সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত অসমে যাতে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে সেয়া নিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি লৈ আহিছোঁ । মুখ্যমন্ত্ৰীয়ে কয় ।

Assam CM on Bhutan visit
ভূটান ভ্ৰমণ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য (ETV Bharat Assam)
author img

By ANI

Published : Dec 20, 2024, 1:40 PM IST

গুৱাহাটী: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে তেওঁৰ শেহতীয়া ভূটান ভ্ৰমণে 'বিকাশৰ কেন্দ্ৰ' হিচাপে ৰাজ্যখনৰ ভূমিকাৰ প্ৰতিফলন ঘটাইছে । তেওঁ কয়, অসম আৰু ভূটানৰ পাৰস্পৰিক বিকাশ নিশ্চিত কৰাৰ বাবে অসমে ভূটানৰ সৈতে বহুক্ষেত্ৰীয় সহযোগিতাৰ সন্ধান কৰি আছে, বিশেষকৈ বাণিজ্য, শক্তি আৰু খোৱাপানীৰ ক্ষেত্ৰত ।

X-ৰ এটা পোষ্টত ভূটান ভ্ৰমণৰ মুখ্য বিষয়সমূহ শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰীয়ে কয়, "শেহতীয়াকৈ ভূটান ভ্ৰমণে বিকাশৰ কেন্দ্ৰ হিচাপে অসমৰ ভূমিকাৰ প্ৰতিফলন ঘটাইছে । আমি ভূটানৰ সৈতে বহুক্ষেত্ৰীয় সহযোগিতাৰ অন্বেষণ কৰি আছোঁ, যাতে অসম আৰু ভূটান দুয়োৰে পাৰস্পৰিক বিকাশ নিশ্চিত হয়, বিশেষকৈ বাণিজ্য, শক্তি আৰু খোৱাপানীৰ ক্ষেত্ৰত ।"

ৰাষ্ট্ৰীয় দিৱসলৈ আমন্ত্ৰণ জনোৱা সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে

ভিডিঅ' বাৰ্তাৰ সৈতে তেওঁ এটা লিখিত বিবৃতিও শ্বেয়াৰ কৰি তেওঁ উল্লেখ কৰে যে অসমক ভূটানৰ ৰাষ্ট্ৰীয় দিৱসলৈ আমন্ত্ৰণ জনোৱাটোৱে এক উদীয়মান অৰ্থনৈতিক শক্তি হিচাপে ৰাজ্যখনৰ বৰ্ধিত স্বীকৃতি প্ৰদৰ্শন কৰে ।

বিবৃতিটোত কোৱা হৈছে, "ভূটানৰ ৰাষ্ট্ৰীয় দিৱসলৈ অসমৰ আমন্ত্ৰণে এক উদীয়মান অৰ্থনৈতিক শক্তি হিচাপে ইয়াৰ বৰ্ধিত স্বীকৃতিৰ ওপৰত আলোকপাত কৰিছে । অৰ্থনৈতিক বিকাশৰ বাবে অসমক ২০২৬, ২০২৭, ২০২৮ বৰ্ষৰ ভিতৰত বাৰ্ষিক অতিৰিক্ত ৩০০ মেগাৱাট বিদ্যুতৰ প্ৰয়োজন । তাৰ বাবে ভূটান, অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ সৈতে জলবিদ্যুৎ বিকল্প অন্বেষণ কৰিব পাৰি ।"

বিকল্প জলবিদ্যুতৰ অন্বেষণ

"জলবিদ্যুৎ অবিহনে অসম কয়লাৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিব লাগিব, যিটো ২০৩৫ চনৰ পিছত বহনক্ষম নহ'ব পাৰে । ভূটান আৰু চুবুৰীয়া অঞ্চলৰ জলসম্পদ জলসিঞ্চনৰ বাবে আৰু গুৱাহাটীলৈ পানী যোগান উন্নত কৰাৰ বাবে ব্যৱহাৰ কৰিব পাৰি । যদি সোণকোষ নদীৰ পানী বি টি এ ডিলৈ দিশ পৰিৱৰ্তন কৰিব পাৰি, ই অঞ্চলটোৰ অৰ্থনীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিব । যদি ইয়াৰ পৰা বৈ অহা পানী পাইপৰ জৰিয়তে গুৱাহাটীলৈ বোৱাই আনিব পাৰি, তেন্তে চহৰখনৰ পানী যোগান উন্নত হ'ব পাৰে ।" বিবৃতিটোত লগতে কোৱা হৈছে ।

উল্লেখ্য যে শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ সৈতে চাৰিদিনীয়া ভূটান ভ্ৰমণ কৰে । আনহাতে, ভূটান ভ্ৰমণ কৰি অহাৰ পিছত তেওঁ ভূটানৰ ৰজা জিগমে খেছাৰ নামগাইল ৱাংচুক আৰু দেশখনৰ জনসাধাৰণক তেওঁলোকৰ উষ্ম আদৰণি আৰু উদাৰতাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে । তেওঁ এই কথাত গুৰুত্ব দি কয় যে ভাৰত আৰু ভূটানৰ মাজত থকা 'গভীৰ সম্পৰ্ক' শক্তিশালী কৰাত অসমে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।

ভূটান ভ্ৰমণ কৰি অভিভূত মুখ্যমন্ত্ৰী

X-ত ভূটান ভ্ৰমণৰ আভাস প্ৰদান কৰি তেওঁ কয়, "ৰিণিকি আৰু মই আমাৰ অবিস্মৰণীয় ভূটান ভ্ৰমণ সমাপ্ত কৰি মহামান্য জিগমে খেছাৰ নামগিয়েল ৱাংচুক আৰু ভূটানৰ সুন্দৰ লোকসকলক তেওঁলোকৰ উষ্ম আদৰণি আৰু উদাৰতাৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ । ভাৰত আৰু ভূটানৰ মাজত গভীৰ সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত অসমে যাতে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে সেয়া নিশ্চিত কৰাৰ বাবে আমি সজীৱ স্মৃতি, অমূল্য শিক্ষা আৰু এক নতুন প্ৰতিশ্ৰুতিৰে ঘৰলৈ উভতি আহিছোঁ ।"

গেলেফু চিটি প্ৰকল্পৰ সম্ভাৱনীয়তা

ভূটান ভ্ৰমণৰ সময়ত বুধবাৰে ড৹ হিমন্ত বিশ্ব শৰ্মাই গেলেফু মাইণ্ডফুলনেছ চিটি প্ৰকল্পৰ প্ৰেজেণ্টেচনতো অংশগ্ৰহণ কৰে । এই উপস্থাপনত প্ৰকল্পটোৰ উদ্দেশ্য আৰু আন্তঃগাঁথনিৰ বিষয়ে মূল্যৱান অন্তৰ্দৃষ্টি প্ৰদান কৰে । ড্ৰুক হ'ল্ডিং এণ্ড ইনভেষ্টমেণ্টছ লিমিটেডৰ প্ৰতিনিধিসকলে অৰ্থনৈতিক বিকাশৰ লগতে পৰিৱেশৰ স্থিৰতা বৃদ্ধিৰ লক্ষ্যৰে তেওঁলোকৰ চলিত পদক্ষেপসমূহৰ ওপৰত আলোকপাত কৰে ।

এই প্ৰেজেণ্টেচনটোত ভূটানৰ শক্তি প্ৰকল্পসমূহো প্ৰদৰ্শন কৰা হয় । ইয়াত অসম আৰু ভূটানৰ অংশীদাৰী স্বাৰ্থ শক্তিশালী কৰাৰ সম্ভাৱনাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় ।

এডভাণ্টেজ অসমলৈ আমন্ত্ৰণ ভূটানৰ প্ৰতিনিধিক

আনহাতে, মুখ্যমন্ত্ৰী ড৹ শৰ্মাই অংশগ্ৰহণকাৰী বিশিষ্ট ব্যক্তি আৰু উদ্যোগীসকলক আন্তঃগাঁথনি আৰু বিনিয়োগৰ সুযোগৰ বাবে আয়োজিত আগন্তুক এডভাণ্টেজ অসম 2.0 সন্মিলনত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনায় ।

প্ৰেজেণ্টেচনৰ পিছত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই গেলেফু মাইণ্ডফুলনেছ চিটি প্ৰকল্পৰ গৱৰ্ণৰ ড৹ লোটে শ্বেৰিঙে আয়োজন কৰা এক দুপৰীয়াৰ আহাৰতো অংশগ্ৰহণ কৰে । পিছত মুখ্যমন্ত্ৰীয়ে তেওঁৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ সৈতে থিম্ফুৰ ইণ্ডিয়া হাউছত সন্মানীয় আধ্যাত্মিক নেতা সদগুৰুক সাক্ষাৎ কৰে ।

তেওঁলোকে বিভিন্ন আধ্যাত্মিক বিষয়ত আলোচনা কৰে । এই আলোচনাক মুখ্যমন্ত্ৰীয়ে এক গভীৰভাৱে সমৃদ্ধ অভিজ্ঞতা বুলি উল্লেখ কৰে। আলোচনাৰ সময়ত ভূটানৰ প্ৰধানমন্ত্ৰী দাশো শ্বেৰিং টবগে আৰু তেওঁৰ পত্নী তাছি ডোমাৰ লগতে ভূটানত থকা ভাৰতৰ ৰাষ্ট্ৰদূত সুধাকৰ দালেলা আৰু তেওঁৰ পত্নী নম্ৰতা দালেলাও উপস্থিত থাকে ।

শিক্ষাবিদ অৰুণ কাপুৰৰ সৈতে আলোচনা

ইয়াৰ উপৰি মুখ্যমন্ত্ৰীয়ে প্ৰখ্যাত শিক্ষাবিদ অৰুণ কাপুৰৰ সৈতেও এক আলোচনাত মিলিত হয় । তেওঁ শিক্ষাখণ্ডত চাৰি দশকতকৈও অধিক সময় ধৰি এক দৃষ্টান্তমূলক সেৱা আগবঢ়াইছে । মুখ্যমন্ত্ৰীয়ে ভূটানৰ এক প্ৰতিষ্ঠিত আধ্যাত্মিক আৰু সাংস্কৃতিক স্থান ঐতিহাসিক চিমটোখা ডজং ভ্ৰমণ কৰি প্ৰাৰ্থনা জনাই আৰু শান্তি আৰু সমৃদ্ধিৰ বাবে আশীৰ্বাদ বিচাৰে ।

ভূটানৰ ৰজাক সাক্ষাৎ

ভ্ৰমণকালত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুকক সাক্ষাৎ কৰে আৰু অসম আৰু ভূটানৰ মাজত ঐতিহাসিক সম্পৰ্ক শক্তিশালী কৰা আৰু দুয়োটা অঞ্চলৰ মাজত সহযোগিতামূলক প্ৰচেষ্টা আগবঢ়োৱা সন্দৰ্ভত আলোচনা কৰে । আলোচনাত ভূটানৰ উন্নয়নৰ বিকাশ, ইয়াৰ জনসাধাৰণৰ কল্যাণ বৃদ্ধি আৰু বিস্তৃত আঞ্চলিক অৰ্থনৈতিক বিকাশৰ প্ৰসাৰৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয় ।

ভূটানৰ প্ৰধানমন্ত্ৰী টবগে শ্বেৰিং টগবেৰ সৈতে দুপৰীয়াৰ আহাৰ গ্ৰহণৰ সময়ত অনুষ্ঠিত আন এক বৈঠকত মুখ্যমন্ত্ৰীয়ে পাৰস্পৰিক স্বাৰ্থৰ বিষয়সমূহ সমাধান কৰা আৰু দুয়োটা অঞ্চলৰ মাজত বাণিজ্যিক অংশীদাৰিত্ব সুদৃঢ় কৰাৰ পথ অন্বেষণ কৰা বিষয়সমূহৰ বিষয়েও আলোচনা কৰে ।

লগতে পঢ়ক :থিম্ফুত কি কথা পাতিলে ভূটানৰ ৰজা আৰু মুখ্যমন্ত্ৰীয়ে ? - ASSAM CM BHUTAN VISIT
লগতে পঢ়ক :ভূটানৰ আতিথ্যত অভিভূত মুখ্যমন্ত্ৰী ড৹ শৰ্মা - ASSAM CM BHUTAN VISIT

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.