ETV Bharat / state

ছত্তীশগড়ৰ ৰাজ্যপালৰূপে বুধবাৰে শপত ল'ব ৰমেন ডেকাই : মঙলবাৰে আচাৰ্যই ল'ব শপত - Ramen Deka

author img

By ETV Bharat Assamese Team

Published : Jul 29, 2024, 7:04 PM IST

Governor of Chhattisgarh : 31 জুলাইত শপতগ্ৰহণ কৰিব ছত্তীশগড়ৰ নৱ-নিযুক্ত ৰাজ্যপাল ৰমেন ডেকাই ৷ সোমবাৰে ই টিভি ভাৰত অসমৰে হোৱা এক বাৰ্তালাপত এই কথা জানিবলৈ দিছে ৰাজ্যৰ জ্যেষ্ঠ বিজেপি নেতাগৰাকীয়ে ৷ 2023 চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা ছত্তীশগড়ৰ ৰাজ্যপালৰ দায়িত্বত থকা বিশ্বভূষণ হৰিচন্দনৰ পৰা দায়িত্ব ল’ব ডেকাই ৷

Governor of Chhattisgarh
ছত্তীশগড়ৰ ৰাজ্যপালৰূপে বুধবাৰে শপত ল'ব ৰমেন ডেকাই (ETV Bharat Assam)

নিউজ ডেস্ক, 29 জুলাই : 31 জুলাই, বুধবাৰে ছত্তীশগড়ৰ ৰাজ্যপাল হিচাবে শপতগ্ৰহণ কৰিব জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰাক্তন সাংসদ, প্ৰদেশ বিজেপিৰ প্ৰাক্তন সভাপতি ৰমেন ডেকাই ৷ ৰায়পুৰস্থিত ৰাজভৱনত 31 জুলাইৰ পুৱা 10.15 বজাত শপতগ্ৰহণ কৰিব ৰাজ্যখনৰ নৱ-নিযুক্ত ৰাজ্যপাল ৰমেন ডেকাই ৷ ৰাজভৱনত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত ছত্তীশগড় উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰমেশ সিনহাই ৰাজ্যপাল হিচাবে ৰমেন ডেকাক শপত বাক্য পাঠ কৰোৱাব ৷ 2023 চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা ৰাজ্যপালৰ দায়িত্বত থকা বিশ্বভূষণ হৰিচন্দনৰ পৰা দায়িত্ব ল’ব ডেকাই ৷

এই সন্দৰ্ভত সোমবাৰে ই টিভি ভাৰতৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপত ডেকাই কয়- "31 জুলাইত ৰায়পুৰৰ ৰাজভৱনত শপতগ্ৰহণ অনুষ্ঠিত হ’ব ৷ শপতগ্ৰহণৰ বাবে মঙলবাৰে দিনৰ 2 বজাত গুৱাহাটীৰ পৰা ৰায়পুৰ অভিমুখে ৰাওনা হ’ম ৷"

উল্লেখ্য যে, অসমৰ এগৰাকী জ্যেষ্ঠ বিজেপি নেতা ৰমেন ডেকাক ছত্তীশগড়ৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে ৷ ৰাষ্ট্ৰপতি ভৱনৰ নিৰ্দেশ অনুযায়ী, পূৰ্বৰ মঙলদৈ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদগৰাকীক 27 জুলাইত ছত্তীশগড়ৰ ৰাজ্যপাল হিচাবে নিযুক্তি দিয়া হৈছে ৷ বিজেপি দলৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সম্পাদকো আছিল ৰমেন ডেকা ৷ ৰাজ্যপালৰ দৰে সন্মানীয় সাংবিধানিক পদত অধিষ্ঠিত হোৱা ৰমেন ডেকা হৈছে অষ্টমগৰাকী অসমীয়া ৷

লগতে পঢ়ক : উত্তৰ প্ৰদেশ বিজেপিৰ জ্যেষ্ঠ নেতাক অসমৰ ৰাজ্যপালৰ দায়িত্ব : নতুন ৰাজ্যপালৰ তালিকাত নাম ৰমেন ডেকাৰ - Governor reshuffle

বিজেপি আনুষ্ঠানিকভাৱে গঠন হোৱাৰ আগৰে পৰাই এই নীতি-আদৰ্শত কাম কৰি আছিল ৰমেন ডেকাই ৷ জনসংঘৰ অসম শাখাৰ সাধাৰণ সম্পাদক আছিল ৰমেন ডেকা ৷ ভাৰতীয় জনতা পাৰ্টী গঠনৰ সময়ত ৰমেন ডেকা আছিল দলটোৰ এগৰাকী মুখ্য সদস্য ৷ ইয়াৰ পিচত বিজেপিৰ মুখপাত্ৰ, ৰাজ্যিক সাধাৰণ সম্পাদক, ৰাজ্যিক উপ-সভাপতিৰ দৰে দায়িত্ব পালন কৰিছিল তেওঁ ৷ 2005 চনৰ পৰা 2009 চনলৈ অসম বিজেপিৰ সভাপতি পদতো আছিল ৰমেন ডেকা ৷

ইফালে মঙলবাৰে অসমৰ ৰাজ্যপাল হিচাপে শপতগ্ৰহণ কৰিবলৈ সাজু হৈছে নৱ-নিযুক্ত লক্ষ্মণ প্ৰসাদ আচাৰ্যই ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণয়ে দিনৰ 12.10 বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত লক্ষ্মণ প্ৰসাদ আচাৰ্যক শপতবাক্য পাঠ কৰোৱাব ৷

লগতে পঢ়ক : আমি ৰাজনীতি নিষ্ঠা আৰু আদৰ্শগতভাৱে কৰিছো : ছত্তীশগড়ৰ ৰাজ্যপাল হিচাপে নিযুক্তি লাভৰ পিচতে ৰমেন ডেকাৰ প্ৰতিক্ৰিয়া - Governor of Chhattisgarh

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.