ETV Bharat / state

বিজেপিৰ মুখ্য কাৰ্যালয়ত উপস্থিত যুৱ মৰ্চাৰ নতুন সভাপতি ৰাকেশ দাস: প্ৰয়োজনত ৰাজনীতিৰ ঊৰ্ধত কাম কৰাৰ প্ৰতিশ্ৰুতি - NEW PRESIDENT OF BJYM ASSAM

author img

By ETV Bharat Assamese Team

Published : Jul 21, 2024, 10:50 PM IST

Rakesh Das: দায়িত্ব লাভৰ পিছতে বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত উপস্থিত ৰাকেশ দাস ৷ ৰাকেশ দাসক বিজেপি যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি হিচাপে দেওবাৰে নিযুক্তি দিয়ে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ৷

NEW PRESIDENT OF BJYM ASSAM
ভাৰতীয় জনতা যুৱ মৰ্চাৰ নতুন সভাপতি ৰাকেশ দাস (ETV Bharat Assam)

গুৱাহাটী, 21 জুলাই: অৱশেষত নিযুক্তি দিয়া হ’ল ভাৰতীয় জনতা যুৱ মৰ্চাৰ নতুন ৰাজ্যিক সভাপতি ৷ ৰাকেশ দাসক বিজেপি যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি হিচাপে নিযুক্তি দিয়া হয় ৷ পূৰ্বে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক সম্পাদকৰ দায়িত্বত আছিল ৰাকেশ দাস ৷

বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ (ETV Bharat Assam)

দেওবাৰে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ৰাকেশ দাসক ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি হিচাপে নিযুক্তি দিয়ে ৷ সিদ্ধাংকু অংকুৰ বৰুৱাৰ ঠাইত সভাপতি হিচাপে দায়িত্ব দিয়া হৈছে ৰাকেশ দাসক ৷

উল্লেখ্য যে, ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব কাক দিব তাক লৈ ব্যাপক চৰ্চা চলি থকাৰ সময়তে এই ঘোষণা কৰা হয় ৷ এই চৰ্চাত অৱশ্যে কেইবাজনৰো নাম সন্নিৱিষ্ট আছিল ৷ ইয়াৰ ভিতৰত ৰাকেশ দাসৰ নামটোও চৰ্চাত আছিল ৷ অৱশেষত সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই নিযুক্তি দিয়া হয় ৰাকেশ দাসক ৷

আনহাতে, সভাপতিৰ পদ লাভ কৰাৰ পিছতে পোনে পোনে প্ৰথমবাৰৰ বাবে বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ অসমৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয় ৰাকেশ দাস ৷ কাৰ্যালয়ত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাকেশ দাসে কয় যে, মই পোনপ্ৰথমে ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, ভৱেশ কলিতা, প্ৰধানমন্ত্ৰী মোদী, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে সকলো জ্যেষ্ঠক ধন্যবাদ জ্ঞাপন কৰিছো ৷ মোৰ ওপৰত বিশ্বাস ৰাখি এই গধুৰ দায়িত্ব প্ৰদান কৰাৰ বাবে ৷ যিটো আদৰ্শৰে বিগত দহ বছৰে মই ছাত্ৰ সমাজৰ মাজত কাম কৰি আহিছোঁ, সেই আদৰ্শৰে পুনৰ যুৱ প্ৰজন্মৰ বাবে কাম কৰি যাম ৷

সমান্তৰালকৈ দাসে কয় যে, সিদ্ধাংকু অংকুৰ বৰুৱাৰ সৈতে তেওঁৰ সম্পৰ্ক জ্যেষ্ঠ ভাতৃৰ লেখীয়া ৷ বৰুৱাই যুৱ মৰ্চাক যুৱ নেতৃত্বৰ মাজলৈ নিয়াৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে ৷ সিদ্ধাংকু অংকুৰ বৰুৱা ৰাকেশ দাসৰ ৰাজনৈতিক প্ৰতিদ্বন্দ্বী বুলি কোৱাৰ ক্ষেত্ৰত ৰাকেশ দাসে কয় যে, এয়া সকলো সংবাদ মাধ্যমে নিজাববীয়াকৈ প্ৰকাশ কৰা খবৰ । তেওঁ মোৰ পুৰণি চিনাকী তথা একে আদৰ্শৰ মানুহ ৷ দিনটোৰ ২৪ ঘণ্টাৰ ২২ ঘণ্টা সংগঠনক দিয়াৰ ক্ষেত্ৰত পৰৱৰ্তী সময়ত যুৱ মৰ্চাৰ নৱনিযুক্ত সভাপতিগৰাকী দায়বদ্ধ থাকিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰি প্ৰয়োজনত ৰাজনীতিৰ ঊৰ্ধত থাকি কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷

লগতে পঢ়ক: ভাৰতীয় জনতা যুৱ মৰ্চাৰ নতুন ৰাজ্যিক সভাপতি ৰাকেশ দাস - BJYM Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.