ETV Bharat / state

ৰাজ্যৰ ৯ জিলাত কমিছে বৰষুণৰ পৰিমাণ - India Meteorological Department - INDIA METEOROLOGICAL DEPARTMENT

Rainfall Drops in Assam : ৰাজ্যৰ বাবে এক উদ্বেকজনক তথ্য । এই তথ্য ৯ খন জিলাৰ বাবে । বৰষুণৰ পৰিমাণ কমিছে ৰাজ্যৰ ৯ খন জিলাত । বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্যত প্ৰকাশ পাইছে এই উদ্বেগজনক তথ্য ।

Rainfall Drops in Assam
প্ৰতিনিধিত্বমূলক ছবি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 17, 2024, 7:08 AM IST

গুৱাহাটী, ১৭ আগষ্ট : ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্যত অসমৰ ৯ খন জিলাৰ উদ্বেগজনক তথ্য প্ৰকাশ পাইছে । ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ‌ কৰা তথ্য মতে, অসমৰ ৯ খন জিলাত হ্ৰাস পাইছে বৰষুণৰ পৰিমাণ । এই তথ্যই অসমৰ দৰে এখন কৃষিপ্ৰধান ৰাজ্যৰ বাবে চিন্তাজনক বাৰ্তা কঢ়িয়াই আনিছে ।

ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই চলিত বছৰৰ ১ জুনৰ‌ পৰা ১৫ আগষ্টলৈ আঢ়ৈমাহৰ ভিতৰত বৰষুণৰ পৰিমাণ অধ্যয়ন কৰি প্ৰকাশ কৰা তথ্য মতে, অসমৰ ৯ খন‌ জিলাত এই সময়ছোৱাত বৰষুণৰ পৰিমাণ হ্ৰাস পাইছে ।

কোন কোন জিলাত কমিছে বৰষুণৰ পৰিমাণ

এই সময়ছোৱাত বৰষুণৰ পৰিমাণ কমা জিলাকেইখন হৈছে

  • বঙাইগাঁও
  • চিৰাং
  • দৰং
  • ডিমা হাছাও
  • গোৱালপাৰা
  • কামৰূপ
  • কাৰ্বি আংলং (অবিভক্ত)
  • নগাঁও
  • ধেমাজি

ইয়াৰ‌ে ভিতৰত দৰং, নগাঁও আৰু কাৰ্বি আংলং জিলাত উদ্বেগজনকভাৱে বৰষুণৰ পৰিমাণ হ্ৰাস পাইছে ।

কোন জিলাত কিমান হ্ৰাস পাইছে বৰষুণৰ পৰিমাণ

বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে, এই জিলাকেইখনত হ্ৰাস পোৱা বৰষুণৰ পৰিমাণ হৈছে

জিলা শতাংশ
দৰং ৪৮
নগাঁও৩৯
কামৰূপ৩০
চিৰাং২৭
বঙাইগাঁও২১
ডিমা হাছাও২৫
গোৱালপাৰা২২
কাৰ্বি আংলং (অবিভক্ত)২৫
ধেমাজি২০

এই সন্দৰ্ভত বৰঝাৰত থকা আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী শোণিত দাসে কয়, "বৰষুণৰ পৰিমাণ হ্ৰাস যদি ১৯ শতাংশৰ ভিতৰত থাকে তেতিয়া বৰষুণ স্বাভাৱিক বুলি ধৰা হয় । কিন্তু বৰষুণৰ পৰিমাণ হ্ৰাস যদি ২০ শতাংশৰ পৰা ৫৯ শতাংশৰ ভিতৰত হয় তেতিয়া বৰষুণৰ পৰিমাণ হ্ৰাস হোৱা বুলি চিহ্নিত কৰা হয় । সেইফালৰ পৰা চালে অসমৰ ৯ জিলাত বৰষুণৰ পৰিমাণ ২০ শতাংশ তাতকৈ বেছি হ্ৰাস পাইছে ।"

১১ বছৰত গুৱাহাটীত হ্ৰাস পাইছে মাহিলি বৰষুণৰ পৰিমাণ

আনহাতে, বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে, গুৱাহাটীত আগষ্ট মাহত হোৱা বৰষুণৰ পৰিমাণ ক্ৰমাৎ হ্ৰাস পাইছে । এই তথ্য বিগত ১১ বছৰৰ । বতৰ বিজ্ঞান কেন্দ্ৰই যোৱা ২০১৩ চনৰ পৰা ২০২৩ চনলৈকে এই ১১ বছৰত গুৱাহাটীত আগষ্ট মাহত হোৱা বৰষুণৰ গড় পৰিমাণ অধ্যয়ন কৰে ।

এই অধ্যয়নৰ তথ্য মতে, গুৱাহাটীত বৰষুণ হ্ৰাস পোৱাৰ পৰিমাণ এনেধৰণৰ

চন পৰিমাণ (মিমি)
২০১৩১৩৫.৪
২০১৪২০০
‌২০১৫২৯৬.৯
২০১৬১০২.৬
২০১৭২০৩.৯
চন পৰিমাণ (মিমি)
২০১৮ ২৪৮.৯
২০১৯১৫০
২০২০ ১৭৩.৮
২০২১ ৭৯.৯
২০২২ ১৫২.৮
২০২৩ ৯০.১

উপৰিউক্ত তথ্যৰ পৰা দেখা যায় যে ২০২১ চনৰ পৰা আগষ্ট মাহত গুৱাহাটীত বৰষুণৰ পৰিমাণ ক্ৰমাৎ হ্ৰাস পাই আহিছে ।

লগতে পঢ়ক :চৰকাৰক শক্তিৰ উমান দিবলৈহে একেলগে ২৫ টা বোমা : আৰু কি কি ক’লে পৰেশ বৰুৱাই ? - ULFA I Bomb Plant
লগতে পঢ়ক :বোমা সংস্থাপন : তথ্য দিয়া ব্যক্তিলৈ ৫ লাখ টকাৰ পুৰস্কাৰ ঘোষণা 'স্মাৰ্ট' অসম আৰক্ষীৰ - bomb plan by ULFA I

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.