ETV Bharat / state

কাইলৈ হিংসাজৰ্জৰ মণিপুৰলৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধী - Rahul Gandhi’s Visit To Manipur

Manipur Violence: হিংসাজৰ্জৰ মণিপুৰলৈ সোমবাৰে পুনৰ আহিব কংগ্ৰেছ নেতা ৰাহুল গান্ধী ৷ আজি শিলচৰত এই বিষয়ে জনায় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷

author img

By ETV Bharat Assamese Team

Published : Jul 7, 2024, 6:31 PM IST

Rahul Gandhi to visit riot hit Manipur next week, to meet people living in camps
কাইলৈ হিংসাজৰ্জৰ মণিপুৰলৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধী (ETV Bharat Assam)

শিলচৰ, 7 জুলাই: পুনৰ মণিপুৰলৈ আহিব কংগ্ৰেছ নেতা ৰাহুল গান্ধী ৷ হিংসাজৰ্জৰ মণিপুৰৰ পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যৰে সোমবাৰে মণিপুৰলৈ আহিব লোকসভাৰ বিৰোধী দলনেতা ৰাহুল গান্ধী । প্ৰাণৰ মমতাত মণিপুৰৰ পৰা কাছাৰৰ ফুলেৰতলত আশ্ৰয় লোৱা আশ্ৰয় শিবিৰো ৰাহুল গান্ধীয়ে পৰিদৰ্শন কৰিব বুলি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই দেওবাৰে জনায় ৷

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা (ETV BHARAT ASSAM)

শিবিৰত আশ্ৰয় লোৱা লোকসকলৰ সৈতে মত বিনিময়ত অংশগ্ৰহণ কৰিব বিৰোধী দলপতি ৰাহুল গান্ধীয়ে ৷ পুৱা 9 টা বজাত শিলচৰ কুম্ভীৰগ্ৰাম বিমানবন্দৰৰ পৰা পোনে পোনে লক্ষীপুৰৰ ফুলেৰতল আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি পুনৰ পথেৰে মণিপুৰৰ জিৰিবাম জিলালৈ যাব ৰাহুল গান্ধী । জিৰিবামত গৈ ৰাজ্যৰ শেহতীয়া পৰিস্থিতিৰ বুজ লৈ পুনৰ শিলচৰ বিমানবন্দৰলৈ উভতি আহিব ৰাহুল গান্ধী ।

অসম প্ৰদেশ কংগ্ৰেছে জানিবলৈ দিয়া অনুসৰি শিলচৰ বিমানবন্দৰত অসম প্ৰদেশ কংগ্ৰেছৰ নেতা-কৰ্মীৰ লগত অসমৰ শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত আলোচনাত মিলিত হ’ব ৰাহুল গান্ধী । ইয়াৰ পাছত দুপৰীয়া শিলচৰ বিমানবন্দৰৰ পৰা বিশেষ বিমানেৰে মণিপুৰৰ ইম্ফললৈ যাব কংগ্ৰেছ নেতাগৰাকী ৷ ইম্ফলত কেইবাটাও আশ্ৰয় শিবিৰলৈ গৈ পৰিস্থিতিৰ বুজ লোৱাৰ পাছত নিশা ইম্ফলতে কটাব ৰাহুল গান্ধীয়ে ।

তাৰ পিছদিনা অৰ্থাৎ মঙলবাৰে সাংসদগৰাকীয়ে ইম্ফলৰ পৰা নাগালেণ্ড অভিমুখে ৰাওনা হ’ব বুলি আজি শিলচৰত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই জনায় ৷

উল্লেখ্য যে, কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বিগত বছৰৰ 29 আৰু 30 জুনৰ দিনা দুদিনীয়া কাৰ্যসূচীৰে সংঘৰ্ষগ্ৰস্ত মণিপুৰ ভ্ৰমণ কৰি ৰাজ্যখনৰ পৰিস্থিতিৰ বুজ লৈছিল ৷ গান্ধীয়ে ভ্ৰমণকালত সাহায্য শিবিৰসমূহ পৰিদৰ্শন কৰাৰ লগতে ৰাজ্যখনৰ নাগৰিকসকলৰ সৈতেও মত বিনিময়ত ভাগ লয় ৷ উঃপূঃৰ এই ৰাজ্যখনত এই পৰিস্থিতি আৰম্ভ হোৱা এবছৰ ওকলিল যদিও বৰ্তমানেও শাম কটা নাই উত্তপ্ত পৰিস্থিতিৰ ৷

লগতে পঢ়ক: Manipur Violence: মণিপুৰৰ পৰিস্থিতি দ্ৰুতগতিত স্বাভাৱিক হৈ আহিছে; ড৹ হিমন্ত বিশ্ব শৰ্মা

Rahul Gandhi Manipur visit : ৰাহুল গান্ধীৰ ভ্ৰমণক লৈ অসন্তুষ্ট মণিপুৰৰ যোগান মন্ত্ৰী

Manipur needs peace: মণিপুৰত শান্তি লাগে; চিত্ৰাংগদাৰ ৰাজ্যত ভৰি থৈ ৰাহুল গান্ধীয়ে ক’লে

Rahul Gandhi Manipur visit : মণিপুৰ ভ্ৰমণৰ মাজতে ৰাহুল গান্ধীৰ আৱেগিক পোষ্ট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.