মাজুলী: সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ ‘‘অ’ মোৰ ধৰিত্ৰী আই’’ শীৰ্ষক গীতি আপুনি নিশ্চয় শুনিছে ৷ চহা কৃষকক লৈ ৰচনা কৰা এই গীতটিৰেই এটা অংশত তেওঁ কৈছিল-
‘‘মাটিকে সাৱটি ধৰি
মাটিকে সাৰথি কৰি
মাটিৰ বুকুত শোণিত ঢালো
জিৰণি পাহৰি….
ধৰিত্ৰী আই মোৰ
আমাক তুমি নেৰিবা,
তোমাৰ চেনেহ বিনে আই
আমি নিৰুপায়...’’
নিবনুৱা, অবাটে যোৱা যুৱ প্ৰজন্ম, আধুনিকতাৰ গ্ৰাসত পৰি অতীত পাহৰা নৱপ্ৰজন্ম আদি কথাবোৰ নকৈ আজি অলপ যোগাত্মকভাৱে চাওঁ আহক কেইজনমান যুৱকক ৷
সচৰাচৰ কি হয়, আনে যোৱা বাটে নগৈ ব্যতিক্ৰম হ’লেই আজিকালি সেই ব্যক্তিবিশেষৰ বিষয়ে চৰ্চা আৰম্ভ হয় সমাজত ৷ সেই ব্যক্তি ল’ৰাও হ’ব পাৰে বা ছোৱালীও হ’ব পাৰে, সেই চৰ্চা উৎসাহপূৰ্ণও হ’ব পাৰে অথবা নেতিবাচকো হ’ব পাৰে ৷ কিন্তু কোনোবাই যদি ভাল কিবা এটা কৰিছেই তাকনো বেয়া বোলোঁ কিয় ৷
আজি ইচ্ছাকৃতভাৱেই লিখিবলৈ মন যোৱা নাই সততে প্ৰচলিত এই বিশেষ বাক্যকেইটা- ‘‘সংস্থাপন বিচাৰি একাংশ শিক্ষিত যুৱক বহিঃৰাজ্যলৈ ঢাপলি মেলাৰ সময়তে বা চাকৰি বিচাৰি শিক্ষিত নিবনুৱাই হাবাথুৰি খোৱাৰ সময়তে একাংশ যুৱকে কৃষি কৰ্মৰে দেখুৱাইছে আদৰ্শ’’ ৷ আজি ক’বলৈ মন গৈছে এনেকৈহে- নিজৰ মাটিকেই সাৰথি কৰি, কপালৰ ঘাম মাটিত পেলাই তেজক পানী, হাঁড়ক মাটি কৰি সোণ বুটলিছে কেইজনমান শক্তিমন্ত উদ্যমী যুৱকে ৷
এতিয়া আঘোণ মাহ, এফালে পকা ধান চপোৱাৰ সময় আনফালে ৰবি শস্যৰো বতৰ ৷ অসমৰ ভিন্ন প্ৰান্তৰ পথাৰবোৰ সোণোৱালী হৈ পৰিছে পকা ধানেৰে ৷ কবি-গীতিকাৰ কেশৱ মহন্তই লিখাৰ দৰেই জাক দাৱনীৰ জিৰণি গীতে পথাৰ জুৰি ধৰিছে ৷ তাৰ সমান্তৰালকৈ বহু পথাৰত, চাপৰিত কৃষকে আৰম্ভ কৰিছে ৰবি শস্যৰ খেতি ৷ কোনো কোনোৱে আগতীয়াকৈ কৰা খেতিৰ ফচল ইতিমধ্যে বিক্ৰীও কৰিছে ৷ মাজুলীৰ ভকত চাপৰিতো কেইজনমান যুৱকৰ সপোনৰ পথাৰখন লহপহকৈ যৌৱনমতী হৈছে ৷
ভকত চাপৰিৰ বৃহত্তৰ অঞ্চলত কবি, বেঙেনা, জলকীয়া, ৰঙালাওকে আদি কৰি ভিন ভিন শস্য উৎপাদন কৰিছে এই যুৱক কেইজনে । ভকত চাপৰিৰ জামগুৰি, ফাকুৱা, গৰুসুঁতি, পদুমনি, চামগুৰি, মদাৰগুৰি আদি অঞ্চলৰ শ শ বিঘা ভূমিত এতিয়া দেখা গৈছে বিঘাই বিঘাই শাক-পাচলি ৷ সততে চৰ্চা হৈ অহা ‘অসমীয়া ডেকাৰ পথাৰ দখল’’ৰ এয়া যেন কুচকাৱাজ !
ভকত চাপৰিৰ জামুগুৰি গাঁৱৰ ৰূপক কলিতা, পবিত্ৰ কলিতা আৰু ৰাজীৱ কলিতা- এই তিনি ভাই-ককায়ে মিলি প্ৰায় ২০ বিঘা মাটিত উন্নত প্ৰযুক্তিৰে পাচলিৰ খেতি কৰাৰ লগতে কেইবাজনো নিবনুৱাক খেতিত নিয়োজিত কৰি সংস্থাপন দিবলৈ সক্ষম হৈছে । এই পাচলি মাজুলীৰ বজাৰত বিক্ৰী কৰাৰ লগতে মাজুলীৰ বাহিৰৰ বিভিন্ন অঞ্চললৈ ৰপ্তানি কৰা হয় বুলি জানিবলৈ দিছে তেওঁলোকে ৷
আনহাতে গৰুসুঁতিৰ খহনীয়াগ্ৰস্ত অঞ্চলত ৩২ বিঘা মাটিত উদ্যমী যুৱক সৌৰভ হাজৰিকা, দুলাল হাজৰিকা আৰু ৰূপক কলিতাই মিলি গাঁৱৰে মাটি লীজত লৈ ৰঙালাও খেতি কৰি লাভৰ মুখ দেখিছে । অঞ্চলটোৰ খেতিয়কসকলে যাতায়তৰ অসুবিধাৰ বাবে কেতিয়াবা বজাৰ দখলৰ ক্ষেত্ৰত থমকি ৰ’ব লগা হৈছে যদিও তাৰ মাজতেই তেওঁলোকে কৃষিকাৰ্যৰেই মূৰ দাঙি থিয় দিছে স্বচ্ছল হৈ ৷
এগৰাকী কৃষকে কয়, ‘‘আগতীয়াকৈ শস্য ৰোপণ কৰিলে বজাৰত ভাল দাম পোৱা যায় ৷ আমি পাইকাৰী 50 টকা দৰত আৰম্ভণিতে বেঙেনা বিক্ৰী কৰিছিলোঁ ৷ বাকীবোৰ পাচলিতো ভাল দাম পাইছিলোঁ ৷ এতিয়া দাম অলপ কমিছে যদিও আমাৰ লাভ আদায় হৈছে ৷ কৃষি বিভাগৰ ফালৰ পৰা কেতবোৰ সুবিধা লাভ কৰিছোঁ যদিও খেতিত বেমাৰ লাগিলে কৃষি বিভাগৰ বিষয়াসকলে তৎক্ষণাৎ সমাধান দিব নোৱাৰে ৷ আমি নিজাকৈ ব্যৱস্থা কৰিব লাগে ৷’’
তেওঁ লগতে কয়, ‘‘গ্ৰাহকে বজাৰত সস্তাত পাচলি বিচাৰে ৷ বেপাৰীয়ে আমাৰ পৰা যদি দুই কেজি পাচলি কিনে, তেন্তে বাহিৰৰ খাৰুপেটীয়া আদিৰ পৰা তিনি কেজি পাচলি কিনি মিলাই দিয়ে ৷ য’ত সাৰৰ মাত্ৰা অধিক থাকে ৷ ফলত গ্ৰাহকৰ হাতত সাৰ দিয়া পাচলিহে পৰেগৈ ৷’’
মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনৰ সময়ত ভকত চাপৰি অঞ্চলক দ্বিতীয় খাৰুপেটীয়া হিচাপে গঢ়ি তুলিব বুলি দিয়া প্ৰতিশ্ৰুতিক সমালোচনা কৰে খেতিয়কসকলে । উপযুক্তভাৱে বাট-পথৰ উন্নয়ন নহ’লে বজাৰ দখল সম্ভৱ নহয় বুলি তেওঁলোকে উল্লেখ কৰে ৷ তাৰ বিপৰীতে মাজুলীৰ জিলা আয়ুক্তৰ প্ৰচেষ্টাত মাজুলী প্ৰশাসনে ভকত চাপৰি অঞ্চলৰ কৃষকসকলৰ জৰিয়তে খেতি কৰিবলৈ পদক্ষেপ হাতত লোৱা কাৰ্যক আদৰণি জনাই তেওঁলোকে ৷
লগতে পঢ়ক: পিতৃৰ আদৰ্শৰে বাটবুলা এগৰাকী শিক্ষিত যুৱক: চাকৰিৰ আশা নকৰি কৃষিকৰ্মৰে স্বাৱলম্বী
সশস্ত্ৰ বিপ্লৱ নহয়, কৃষি বিপ্লৱেৰে হৃদয় জিনিছে প্ৰাক্তন আলফা কেডাৰে - Self Reliant Cultivator