ETV Bharat / state

ফুলেৰে পৃথিৱীখন ধুনীয়া কৰাৰ সংকল্প; যোৰহাটত পুষ্প বিপ্লৱৰ প্ৰয়াস - FLOWER EXHIBITION IN JORHAT

ফুল আৰু ফুল । যোৰহাটত এতিয়া বিভিন্ন ফুলৰ সুবাস । নানাৰঙী ফুলেৰে জাতিষ্কাৰ হৈ পৰিছে যোৰহাট ষ্টেডিয়াম চৌহদ ।

flower exhibition in Jorhat
যোৰহাটত পুষ্পমেলা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 7, 2024, 10:46 AM IST

যোৰহাট : ফুল প্ৰতিগৰাকী লোকৰে আপোন আৰু ফুল ভাল নোপোৱা মানুহ এই পৃথিৱীত নাই বুলি ক'লেও ভুল কোৱা নহ'ব । আমাৰ ঘৰখন আৰু পদূলিমুখ বিবিধ ৰঙৰ ফুলেৰে সুশোভিত কৰাৰ সপোন সকলোৰে থাকে । এনে হাবিয়াস যদি আপোনাৰ পূৰণ কৰিবলৈ ইচ্ছা আছে তেন্তে যোৰহাটলৈ আহক । কিয়নো পুষ্প অনুৰাগী মিলন মঞ্চৰ উদ্যোগত যোৰহাটত অনুষ্ঠিত হৈছে পুষ্পমেলা ।

এদল কৰ্মোদ্যোমী তথা ফুলৰ খেতিৰ জৰিয়তে স্বাৱলম্বী হোৱা পুৰষ-মহিলাৰ সৌজন্যত যোৰহাট ষ্টেডিয়াম কমপ্লেক্স চৌহদত অনুষ্ঠিত পুষ্পমেলাখনত ফুলৰ সাজ-সজ্জা আৰু বুকে প্ৰতিযোগিতা অনুষ্ঠিত হৈছে । ইয়াত প্ৰায় অৰ্ধশতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে । আনহাতে, উক্ত মেলাখনিত এই পৰ্যন্ত ২৭ খন বিপণীয়ে অংশগ্ৰহণ কৰিছে ।

থলুৱা, দেশী-বিদেশী বিভিন্ন প্ৰজাতিৰ বিবিধ ৰঙৰ ফুলেৰে জাতিষ্কাৰ হৈ পৰিছে যোৰহাট ষ্টেডিয়াম কমপ্লেক্সৰ বাকৰি । বিবিধ ৰঙৰ ফুল দেখি অভিভূত হৈ পৰিছে সকলো লোক । লগতে বিবিধ ৰঙৰ ফুলৰ সুবাস ল'বলৈ পুষ্পানুৰাগীয়ে ভিৰ কৰা পৰিলক্ষিত হৈছে ।

যোৰহাটত পুষ্পমেলা (ETV Bharat Assam)

উল্লেখ্য যে, ফুলৰ দ্বাৰা উপাৰ্জনৰ পথ গঢ়া আৰু ফুলেৰে পৃথিৱীখন ধুনীয়া কৰাৰ মহান উদ্দেশ্যে আগত ৰাখিয়েই পুষ্প অনুৰাগী মিলন মঞ্চই এই প্ৰয়াস কৰা বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে ।

যোৰহাটত প্ৰথমবাৰ বাবে আয়োজন কৰা এনেধৰণৰ ব্যতিক্ৰমী পুষ্পমেলাত অংশগ্ৰহণ কৰা এগৰাকী প্ৰতিযোগীয়ে কয়, "মই ৰ'জ গাৰ্ডেনৰ তৰফৰ পৰা ইয়াত অংশগ্ৰহণ কৰিছো । বুকে আৰু ফুলসজ্জা শিতানত অংশগ্ৰহণ কৰিছো । বৰ্তমান প্ৰতিযোগিতাৰ ফল ঘোষণা হোৱা নাই । ভাল ফলাফল পাম বুলি আশা ৰাখিছো । যোৰহাটৰ ভিতৰতে প্ৰথমবাৰৰ বাবে এখনি পুষ্পমেলা পুষ্প অনুৰাগী মিলন মঞ্চৰ সৌজন্যত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰাৰ বাবে পুষ্প অনুৰাগী মিলন মঞ্চৰ সভানেত্ৰী মিনতি বৰা বাইদেউক ধন্যবাদ জনাইছো । ভৱিষ্যতেও এনেকুৱা ধৰণৰ ফুলৰ মেলা অনুষ্ঠিত হ'ব বুলি আশা ৰাখিছো ।"

আনহাতে, পুষ্প অনুৰাগী মিলন মঞ্চৰ সভানেত্ৰী তথা এই পুষ্পমেলাৰ উদ্যোক্তা মিনতি বৰাই কয়, "আমি খুব ফুল ভালপাওঁ । আমি পুষ্প অনুৰাগী । প্ৰথমে আমি নিজৰ কাৰণে কালেকচন কৰো, ঘৰখন সুন্দৰ কৰিবৰ কাৰণে । ঘৰৰ চৌহদটো আমি সুন্দৰ কৰাৰ চেষ্টা কৰো । প্ৰতিগৰাকী মহিলাৰ, প্ৰতিগৰাকী গৃহিণীৰ এই ইচ্ছাটো থাকে । পৃথিৱীত ফুল ভাল নোপোৱা মানুহতো নায়েই । গৃহিণীসকলে সাধাৰণতে ফুলেৰে ঘৰখন সজাব বিচাৰে আৰু সেই ফুল ভালপোৱা মহিলাসকলক লৈয়েই ভাবিছিলো যে এই মানুহখিনিক লৈ যদি এখন মঞ্চ তৈয়াৰ কৰিব পাৰো, সেই ইচ্ছাটোৱে পিচত বাস্তৱ হ'ল, যাৰ নাম এতিয়া পুষ্প অনুৰাগী মিলন মঞ্চ ।"

লগতে পঢ়ক :হেঁপাহ পলুৱাই কমলাৰ সোৱাদ ল’ব খোজে নেকি ? সোণাপুৰলৈ গ’লেই পাব এই সুবিধা
লগতে পঢ়ক :আঘোণৰ পথাৰত এতিয়া সপোনৰ সোণগুটি বুটলিছে চহা কৃষকে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.