ETV Bharat / state

দেৰগাঁৱৰ ঘাইপথৰ বিষাক্ত পাৰ্থেনিয়াম গছ ধ্বংস কৰিবলৈ প্ৰশাসনক আহ্বান ৰাইজৰ - Parthenium trees in Dergaon

author img

By ETV Bharat Assamese Team

Published : Jun 25, 2024, 4:24 PM IST

Parthenium awarness :পাৰ্থেনিয়াম গছৰ বাবে বিভিন্ন ধৰণৰ ৰোগৰ সৃষ্টি হয় । পথৰ দুয়োফালে গজি উঠা এই গছে কেনে অপকাৰ কৰে ? জানিব কেনেকৈ ?

Parthenium trees
বিষাক্ত পাৰ্থেনিয়াম গছ (ETV BHARAT ASSAM)

দেৰগাঁও, ২৫ জুন : ৰাজ্য়ৰ বিভিন্ন ঠাইত ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োফালে ভৰি পৰিছে বিষাক্ত পাৰ্থেনিয়াম গছ । সমগ্ৰ অসমৰ লগতে গোলাঘাট জিলাতো দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে এই পাৰ্থেনিয়াম গছৰ সংখ্যা । দেৰগাঁৱৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োফালে বিষাক্ত পাৰ্থেনিয়াম গছ ভৰি পৰাত ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছে ৷ এই পাৰ্থেনিয়ামে গছসমূহে সকলোৰে অগোচৰে এক ভয়ংকৰ সমস্যা কঢ়িয়াই আনিছে ৷

যদিহে এই গছৰ সংখ্য়া বৃদ্ধি হৈ থাকে তেতিয়াহ'লে ভৱিষ্যতে অঞ্চলটোৰ বহু লোক শ্বাস-প্ৰশ্বাসজনিত ৰোগত ভোগাৰ আশংকা বৃদ্ধি পাইছে ৷ বিভিন্ন ধৰণৰ অসুখৰ কাৰক এই পাৰ্থেনিয়াম গছবিধ মাৰাত্মক ৰোগৰো বাহক স্বৰূপ । কিন্তু অতিকৈ পৰিমাপৰ বিষয় এই যে চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰে গজি উঠা এই পাৰ্থেনিয়াম গছসমূহ বিভাগীয় বিষয়া সকলে ধ্বংস কৰা নাই ।

মানৱ জীৱনৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা এই পাৰ্থেনিয়াম গছ আঁতৰোৱাৰ ক্ষেত্ৰত চৰকাৰ তথা প্ৰশাসনে শীঘ্ৰে গুৰুত্ব প্ৰদান কৰিবলৈ সচেতন ৰাইজে আহ্বান জনাইছে ৷ এই প্ৰসংগত প্ৰৱক্তা জ্যোতি কুমাৰী শৰ্মা বৰঠাকুৰে কয় যে এই পাৰ্থেনিয়াম গছৰ ফুলবোৰ ফুলাৰ পিচত তাৰ ৰেণু বতাহত মিলি গ’লে বহু লোক জ্বৰ,কাহ,পানীলগাৰ উপৰি হাঁপানীৰ দৰে জটিল ৰোগত আক্ৰান্ত হ’ব ৷ বিশেষকৈ শ্বাস-প্ৰশ্বাসৰ পুৰনি ৰোগত আক্ৰান্ত হৈ থকা লোকৰ বাবে কথাটো আৰু বিপদজনক ।

লগতে পঢ়ক:চাইকেল চলাই দূৰ কৰক শৰীৰৰ এইসমূহ সমস্যা - Cycling Benefits

এই পাৰ্থেনিয়াম গছসমূহ ইমানেই বিষাক্ত যে কোনো জীৱ-জন্তুৱে ইয়াক ভক্ষণ নকৰে ৷ এই বিষাক্ত অপতৃণবিধ এসময়ত ঘেঁহু আমদানি কৰোতে আফ্ৰিকাৰ পৰা ভাৰতলৈ আহিছিল ৷ মানৱ জীৱনৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা এই পাৰ্থেনিয়াম গছসমূহ বিভাগীয় বিষয়াসকলে গুৰুত্ব প্ৰদান কৰি ধ্বংস কৰিবলৈ সচেতন ৰাইজে দাবী জনাইছে ।

লগতে পঢ়ক:কাঠফুলা বিষাক্ত হয়নে নহয় কেনেকৈ চিনাক্ত কৰিব ? চিকিৎসকৰ পৰা জানি লওক - Poisonous Mushrooms

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.