ETV Bharat / state

প্ৰয়োজনীয় ক্ষতিপূৰণ দাবী কৰি জিলা আয়ুক্তলৈ স্মাৰকপত্ৰ - Flyover in Lakhimpur

author img

By ETV Bharat Assamese Team

Published : Aug 6, 2024, 3:52 PM IST

Memorandum to Lakhimpur DC : ৰাইজৰ দাবীত নিৰ্মাণ হ’বলগীয়া লখিমপুৰৰ এখন উৰণ সেতুৱে সমস্যাত পেলাইছে স্থানীয় লোকক । উৰণ সেতুখনে স্থানীয় তিনি শতাধিক ব্যৱসায়িক পৰিয়ালৰ জীৱন-জীৱিকাত সমস্যাত পেলাব বুলি আশংকা প্ৰকাশ স্থানীয় লোকৰ । জিলা আয়ুক্তলৈ স্মাৰকপত্র প্ৰদান ।

public submit memorandum against construction of flyovers in lakhimpur
প্ৰয়োজনীয় ক্ষতিপূৰণ দাবী কৰি জিলা আয়ুক্তলৈ স্মাৰক পত্ৰ (ETV Bharat Assam)

লখিমপুৰ, 6 আগষ্ট: লখিমপুৰৰ প্ৰস্তাৱিত উৰণ সেতুৱে পেটৰ ভাত কাঢ়িব তিনি শতাধিক পৰিয়ালৰ । এই আশংকা প্ৰকাশ কৰি জিলা আয়ুক্তলৈ স্মাৰকপত্র প্ৰদান কৰে ব্যৱসায়ীসকলে । লখিমপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা মাথো 500 মিটাৰমান দূৰত্বত নকাৰী এলেকাত আছে এটা ৰে’লৱে ক্ৰ'ছিং ৷ সদাব্যস্ত এই পথটোৱে লখিমপুৰ মেডিকেল কলেজ, বিমান বন্দৰ, সেনা ছাউনি, পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়, অসম আৰক্ষীৰ বেটেলিয়নৰ ছাউনি আদি বহু গুৰুত্বপূৰ্ণ স্থানক সংযোগ কৰিছে । যাৰ বাবে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখৰ পৰা চাবতি-লীলাবাৰী আদি অঞ্চলক সংযোগ কৰা এই গুৰুত্বপূৰ্ণ পথটো দিনে নিশাই যান-জঁটে দেখা দিয়ে ।

বিশেষকৈ নকাৰী ৰে’লৱে ক্ৰ'ছিঙত গেট বন্ধ হৈ থকাৰ সময়ত যান-বাহনৰ অত্যধিক ভিৰ পৰিলক্ষিত হয় । যাৰ ফলত মেডিকেল কলেজলৈ অহা ৰোগীৰ অৱস্থা বৰ্ণনাতীত হৈ পৰে । সেয়ে এই ক্ৰ'ছিঙত এখন উৰণ সেতু নির্মাণৰ দাবী উঠি আহিছিল । শেহতীয়াকৈ চৰকাৰে নকাৰী ৰে’লৱে ক্ৰ'ছিঙত এখন উৰণ সেতু নির্মাণৰ প্ৰস্তুতি লৈ ইতিমধ্যে প্ৰাৰম্ভিক কাম কাজ আৰম্ভ কৰিছে ৷ প্ৰায় দুবছৰৰ সময় সীমাৰ ভিতৰত উৰণ সেতুখনৰ নিৰ্মাণ সম্পূর্ণ কৰাৰ লক্ষ্য লৈছে চৰকাৰে ।

সম্প্রতি নিৰ্মাণ কৰিবলৈ লোৱা এই উৰণ সেতুখনক লৈ ভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । উৰণ সেতুখনে স্থানীয় তিনি শতাধিক ব্যৱসায়িক পৰিয়ালৰ পেটৰ ভাত কাঢ়ি নিব বুলি আশংকা প্ৰকাশ কৰা হৈছে ।

উল্লেখ কৰা প্ৰয়োজন যে, উৰণ সেতুখন নিৰ্মাণ হ’বলগীয়া স্থানৰ দুয়োকাষে প্ৰায় তিনি শতাধিক পৰিয়ালে সাধাৰণ পান-তামোলৰ দোকানৰ পৰা নাৰ্চিং হোম পৰ্যন্ত স্থাপন কৰি ব্যৱসায়-বাণিজ্য চলাই আহিছে । তেনে প্ৰতিষ্ঠানবোৰত আন বহু লোকেও কৰ্ম সংস্থাপন লাভ কৰিছে ।

উৰণ সেতুখন নিৰ্মাণৰ সময়ত এই ব্যৱসায়িক প্ৰতিষ্ঠানবোৰ সম্পূৰ্ণ বন্ধ হৈ পৰিব ৷ যিয়ে পৰিয়াল পোহপাল দিয়াত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিব ব্যৱসায়িক পৰিয়ালবোৰৰ মাজত । এই আশংকা কৰি সোমবাৰে ব্যৱসায়ীসকলে জিলা আয়ুক্তক এখন স্মাৰকপত্র প্ৰদান কৰে । স্মাৰকপত্রখনত ব্যৱসায়ীসকলে বিকল্প সংস্থাপন, এককালীনেই হওক বা আন চৰকাৰী নিয়মৰ অধীনত সাহায্য দিবলৈ দাবী জনায় ।

লগতে পঢ়ক: ৰঙিয়াত একেদিনাই আৰম্ভ দুখনকৈ উৰণসেতু নিৰ্মাণৰ কাম - Bhumi pujan in Rangia

উৰণসেতু নিৰ্মাণত যমৰ-যাতনা মহানাগৰিকৰ : যাতায়াতকাৰীৰ বাবে মৰণফান্দ চানমাৰি-নুনমাটি পথ - Dighali Pukhuri Noonmati fly over

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.