জনীয়া, ২০ মে’ : ৰাজ্য় চৰকাৰে ৰাস্তা-ঘাটৰ উন্নয়ন হোৱা বুলি দাবী কৰি আহিলেও কিছু অঞ্চলত আজিও ৰাইজে যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভোগ কৰিবলগীয়া হৈছে । ৰাইজৰ প্ৰতিবাদৰ পিচতো কাণসাৰ নাই জনপ্ৰতিনিধিৰ । সেইবাবে ৰাইজে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ গ্ৰহণ কৰিছে অভিনৱ পদক্ষেপ ।
ৰাজ্য়ৰ আন ঠাইৰ লগতে বৰপেটা জিলাৰ কলগাছিয়াতো ক্ষুব্ধ ৰাইজে এনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখা গ'ল । সোমবাৰে ৰাইজে জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভ উজাৰি পথতেই মাৰিলে জাল । বিধ্বস্ত পথ, উপযুক্ত নলা নিৰ্মাণৰ লগতে পানী নিষ্কাষণৰ পদক্ষেপ গ্ৰহণৰ দাবী জনাই ৰাইজে কৰিলে এই প্ৰতিবাদ ।
বৰপেটা জিলাৰ কলগাছিয়া বজাৰৰ সমীপত গড়কাপ্তানী পথত সৃষ্টি হৈছে কৃত্ৰিম বান । ফলত যমৰ যাতনাত ভুগিছে স্থানীয় ৰাইজৰ লগতে কেইবাখনো বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীয়ে । সেয়েহে ৰাইজে উক্ত পথতেই জালেৰে মাছ মাৰি সাব্যস্ত কৰিলে অভিনৱ প্ৰতিবাদ ।
উল্লেখ্য় যে, এই পথেৰে কলগাছিয়াস্থিত বৰপেটা অসামৰিক চিকিৎসালয়লৈ নিতৌ যাতায়ত কৰে সহস্ৰ ৰোগীয়ে । এজাক বৰষুণ হ'লেই পথটোত হৈ পৰে একাঠু পানী । যাৰ ফলত সঘনাই সংঘটিত হৈ আহিছে সৰু বৰ দুৰ্ঘটনা ।
এই পথছোৱা হৈছে ২০০ মিটাৰ নিলগত ড'লফিন একাডেমী, ৰয়েল গ্লোবেল একাডেমী, কলগাছিয়া পাব্লিক স্কুল, আজমল কলেজৰ লগতে কলগাছিয়া নৱজ্য়োতি মহাবিদ্যালয়লৈ যোৱা একমাত্ৰ পথ । জনীয়া সমষ্টিৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামৰ ঘৰৰ পৰা ওলায়ে চকুত পৰা পথছোৱাৰ কাষেদি নলা নিৰ্মাণ কৰি পানী উলিয়াই দিব নোৱাৰা কাৰ্য লজ্জাজনক বুলি স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰি কয় ।
এজাক বৰষুণত একাঁঠু পানী হোৱাত যাতায়াতৰ ক্ষেত্ৰত বহু অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছে কলগাছিয়াৰ ৰাইজ । একাঁঠুকৈ পানীৰ মাজত বহি ব্যৱসায় কৰিব লগা হৈছে ব্যৱসায়ীসকলে ।
কলগাছিয়াৰ পৰা সৰভোগৰ পৰা বৰপেটাহৈ গুৱাহাটীলৈ যোৱা একমাত্ৰ পথেদি জনীয়া সমষ্টিৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলাম সকলো সময়তে যাতায়ত কৰাৰ পিছতো দৃষ্টিগোচৰ নোহোৱাত ভুক্তভোগী ৰাইজে ৰাস্তাৰ মাজত জালেৰে মাছ মাৰি অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে ।