ETV Bharat / state

ৰঙিয়াৰ তুলসীবাৰীত মৃতদেহ লৈ প্ৰতিবাদ ৰাইজৰ, হত্যাকাৰীক ফাঁচীৰ দাবী - Rangia Murder Case

Public Protest Rangia : হত্যাকাৰীক ফাঁচীৰ দাবীত শ শ লোকৰ উত্তাল কৰি তুলিলে তুলসীবাৰী আৰক্ষী চকী ৷ একাংশই যুৱতীগৰাকীৰ মৃতদেহ লৈ হত্যাকাৰী প্ৰেমিকৰ ঘৰতে কবৰ দিব বিচাৰে ৷

MURDER CASE IN RANGIA
তুলসীবাৰী আৰক্ষী চকী ঘেৰাও অগণন জনতাৰ (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : May 19, 2024, 10:46 PM IST

তুলসীবাৰী আৰক্ষী চকীত শ শ লোকৰ প্ৰতিবাদ (ETV BHARAT ASSAM)

ৰঙিয়া, 19 মে’ : ৰঙিয়াৰ তুলসীবাৰীত মৃতদেহ লৈ ৰাইজৰ প্ৰতিবাদ ৷ তুলসীবাৰী আৰক্ষী চকী ঘেৰাও অগণন জনতাৰ ৷ হত্যাকাৰীক ফাঁচীৰ দাবীত শ শ লোকে উত্তাল কৰি তুলিলে তুলসীবাৰী আৰক্ষী চকী ৷ বৃহস্পতিবাৰে মাজনিশা তুলসীবাৰী আৰক্ষী চকীৰ অন্তৰ্গত তুলসীবাৰীৰ মাহতলিৰ নিবাসী তথা প্ৰেমিক তফিকুল আলীয়ে ইচ্ছাপুৰৰ নিবাসী এগৰাকী যুৱতী তথা প্ৰেমিকাক নৃশংসভাৱে হত্যা কৰিছিল ৷ এই ঘটনাক লৈয়ে সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ ৷

ঘটনাৰ পিচত তুলসীবাৰী আৰক্ষী চকীত আত্মসমৰ্পণ কৰিছিল হত্যাকাৰী প্ৰেমিক তফিকুল আলীয়ে ৷ আৰক্ষীৰ জিম্মাত ৰাখিছিল হত্যাকাৰী তফিকুল আলীক ৷ লগতে যুৱতীগৰাকীৰ মৃতদেহ মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছিল আৰক্ষীয়ে ৷ শনিবাৰে মৃতদেহ ৰঙিয়া আহি পোৱাৰ পিচতে পুনৰ উত্তপ্ত হৈ পৰে ৰঙিয়া ৷ ৰাইজে মৃতদেহ লগত লৈ তুলসীবাৰী আৰক্ষী চকীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ হত্যাকাৰীক ফাচী দিয়ক, পৰিয়ালক ন্যায় দিয়ক শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ৷

ইফালে একাংশই যুৱতীগৰাকীৰ মৃতদেহ লৈ হত্যাকাৰী প্ৰেমিকৰ ঘৰতে কবৰ দিব বিচাৰে ৷ ইয়াৰ পিচতে অধিক উত্তপ্ত হৈ পৰে সমগ্ৰ অঞ্চল ৷ আৰক্ষীয়ে বহু সময়ৰ অন্ততঃ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়, লগতে ৰাইজ ক্ষান্ত হয় ৷ পিচত পৰিয়ালৰ লোকে মৃতদেহ চমজি লৈ ৰাজহুৱা কবৰস্থানত কবৰ দিয়াৰ ব্যৱস্থা কৰে ৷

উল্লেখ্য যে, তুলসীবাৰী আৰক্ষী চকীৰ অন্তৰ্গত তুলসীবাৰীৰ মাহতলিৰ নিবাসী তথা তফিকুল আলীয়ে ইচ্ছাপুৰৰ নিবাসী এগৰাকী যুৱতী তথা নিজৰ প্ৰেমিকাক নৃশংসভাৱে হত্যা কৰি নোনো নৈৰ মথাউৰিৰ ওপৰৰ পৰা মাজনিশা পেলাই দিছিল ৷ ইয়াৰ পিচতে তুলসীবাৰী আৰক্ষী চকীত আত্মসমৰ্পণ কৰে হত্যাকাৰী তফিকুল আলীয়ে ৷ শুকুৰবাৰে নিশা প্ৰেমিকাক পলুৱাই লৈ গৈছিল প্ৰেমিক তফিকুলে ৷ কিন্তু পলায়ন কৰি ৰঙিয়া পাৰ হোৱাৰ সময়ত যুৱতীগৰাকীয়ে মন সলনি কৰি পৰিয়ালক এৰি নোযোৱাৰ কথা কোৱাৰ বাবেই খঙত অগ্নিশৰ্মা হৈ প্ৰেমিক তফিকুলে যুৱতীগৰাকীক হত্যা কৰিছিল ৷

লগতে পঢ়ক : এয়াই প্ৰেম! প্ৰথমে বিবাহৰ ছলেৰে প্ৰেমিকাক পলুৱাই আনি হত্যা; পাচত থানাত আত্মসমপৰ্ণ - Man Kills Girlfriend

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.