ETV Bharat / state

চিমেণ্ট উদ্যোগৰ বাবে ভূমি নিদিও : উমৰাংচোত ৰাইজৰ প্ৰতিবাদ - Umrangso public protest

author img

By ETV Bharat Assamese Team

Published : Aug 4, 2024, 1:02 PM IST

Umrangso public protest : উমৰাংচোত চিমেণ্ট উদ্যোগ স্থাপনৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ । পথ অৱৰোধ কৰি ৰাইজে চৰকাৰক সকীয়নি প্ৰদান কৰে । প্ৰদূষণ সৃষ্টিকাৰী চিমেণ্ট উদ্যোগৰ বাবে কোনো কাৰণ ভূমি নিদিয়াৰ হুংকাৰ ৰাইজৰ ।

Umrangso public protest
চিমেণ্ট উদ্যোগৰ বাবে ভূমি নিদিও উমৰাংচোত ৰাইজৰ প্ৰতিবাদ (ETV Bharat)

হাফলং, ৪ আগষ্ট : চিমেণ্ট উদ্যোগ স্থাপনক কেন্দ্ৰ কৰি ডিমা হাছাওৰ উমৰাংচোত তীব্ৰ উত্তেজনা । স্থানীয় লোকৰ অনুমতি অবিহনে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ সহযোগত চিমেণ্ট উদ্যোগ স্থাপনৰ যো-জা চলাইছে জে পি লক্ষ্মী চিমেণ্ট নামৰ প্ৰতিষ্ঠানটোৱে । চিমেণ্ট উদ্যোগৰ বাবে কোনো কাৰণতে ভূমি দিয়া নহ'ব বুলিও দাবী উত্থাপন কৰিছে দুখন গাঁৱৰ ৰাইজে ।

চিমেণ্ট উদ্যোগৰ বিৰোধিতা :

জানিব পৰা মতে, উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদে উমৰাংচোৰ পৰা ১৫ কিলোমিটাৰ দূৰত ছোট লাৰকং গাঁৱত চিমেণ্ট উদ্যোগ স্থাপনৰ বাবে জে পি লক্ষ্মী চিমেন্টক ২০০০ বিঘা ভূমি আৱণ্টন কৰিছে । গাঁৱৰ ৰাইজৰ সৈতে আলোচনা অবিহনে প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰিছে । যাক লৈ গাঁৱৰ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

গাঁওখনৰ ৰাইজে কোনো কাৰণতে চিমেণ্ট উদ্যোগৰ বাবে ভূমি দিয়া নহ'ব বুলি স্পষ্ট কৰি দিছে । ইতিমধ্যে চিমেণ্ট উদ্যোগ স্থাপনৰ বাবে প্ৰস্তুতি চলোৱাৰ লগতে এটা পথ নিৰ্মাণ কৰিছে বিভাগীয় কৰ্তৃপক্ষই । শনিবাৰে গাঁওখনৰ ৰাইজে সেই পথ বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

ৰাইজৰ ক্ষোভ :

ছোট লাৰকং গাঁৱৰ এগৰাকী বাসিন্দাই সাংবাদিকৰ আগত কয়, "নিপকোৰ বান্ধ নিৰ্মাণৰ বাবে আমি নিজৰ ভূমি এৰি ইয়াত আহি বসবাস কৰিবলৈ লৈছো । এতিয়া ইয়াৰ পৰাও চৰকাৰে আমাক বিতাড়িত কৰিব বিচাৰিছে । আমাৰ সৈতে আৰু গাঁওবুঢ়াৰ সৈতে কোনো ধৰণৰ আলোচনা নকৰাকৈয়ে চিমেণ্ট উদ্যোগ স্থাপনৰ বাবে উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদে ভূমি আৱণ্টন দিছে ।"

তেওঁ লগতে কয়, "আমাৰ এই গাঁৱত ৫৫ টা পৰিয়াল আছে । ইয়াৰে মাত্ৰ দুগৰাকী লোক হে চৰকাৰী চাকৰিত নিয়োজিত । বাকী সকলো পৰিয়াল কৃষিৰ ওপৰতে নিৰ্ভৰশীল । গতিকে আমাৰ ভূমি এনেদৰে কাঢ়ি ল'লে আমি ক'ত যাম, কি কৰিম ?’’

চিমেণ্ট উদ্যোগৰ বিৰোধিতা কৰি এগৰাকী যুৱকে কয়, "ভূমি আৱণ্টনৰ নামত ক্ষতিপূৰণ হিচাপে ওচৰৰ গাঁওখনক ২ লাখ টকাকৈ দিছে যদিও সকলো লোকে এই ক্ষতিপূৰণ পোৱা নাই ।" এই ক্ষেত্ৰত খেলিমেলি হোৱাৰ অভিযোগ কৰে যুৱকজনে । তেওঁ লগতে কয়, "চিমেণ্ট উদ্যোগে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াব । চৰকাৰে যদি শিক্ষা প্ৰতিষ্ঠান বা চিকিৎসালয় স্থাপন কৰিব বিচাৰে আমাৰ একো সমস্যা নাই । কিন্তু চিমেণ্ট উদ্যোগৰ বাবে আমি ভূমি নিদিও ।

লগতে পঢ়ক :কাৰ ভুলৰ ফল ভুগিলে ডালমিয়া চিমেন্ট ফেক্টৰীত কৰ্মৰত শ্ৰমিকে ? - Dalmia Cement plant in Umrongso

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.