ETV Bharat / state

অসম-অৰুণাচল সীমান্তৱৰ্তী মানশিৰি নৈৰ দলঙৰ অংশ খহালে বৰষুণে, যাতায়ত বন্ধ - Mansiri River Bridge - MANSIRI RIVER BRIDGE

Erosion in Mansiri River:অসম-অৰুণাচল সীমান্তৰ ৰাইজৰ যাতায়তত বিড়ম্বনা । মানশিৰি নৈখনৰ ওপৰত থকা পকী দলঙখনৰ এটা অংশত খহনীয়া হোৱাত বন্ধ হৈ পৰিছে যাতায়ত ।

Erosion in Mansiri River
অসম-অৰুণাচল সীমান্ত (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : Jun 17, 2024, 3:30 PM IST

ৰঙাপৰা, ১৭ জুন: শোণিতপুৰ জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী এটা গুৰুত্বপূৰ্ণ পথত পুনৰ যান-বাহন চলাচল সম্পূর্ণভাৱে বন্ধ হৈ পৰিছে । মুষলধাৰ বৰষুণৰ পানীয়ে পকী দলং সংলগ্ন মাটি খহাই নিয়াত স্থানীয় ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীসকলে অহা-যোৱা কৰাত দুর্ভোগ ভুগিবলগীয়া হৈছে । পথছোৱাৰ মানশিৰি নৈখনৰ ওপৰত থকা পকী দলংখনৰ এটা অংশ বৰষুণৰ পানীয়ে খহাই নিয়ে । বৰ্তমান এই পথছোৱাৰে চাৰিচকীয়া যান-বাহন চলাচল সম্পূর্ণভাৱে বন্ধ হৈ পৰিছে । পথছোৱাৰে চাইকেল, মটৰ চাইকেল লৈ ৰাইজ তথা ছাত্র-ছাত্রীসকলে বিপদশংকুলভাৱে অহা-যোৱা কৰিবলগীয়া হৈছে ।

অসম-অৰুণাচল সীমান্ত (ETV BHARAT ASSAM)

উল্লেখ্য যে ৰঙাপৰাৰ মাইনাওশ্ৰীৰ পৰা কয়লাজুলি হৈ চাৰিদুৱাৰলৈ যোৱা লোকনিৰ্মাণ বিভাগৰ পথছোৱাত থকা মানশিৰি নৈখনৰ ওপৰত কিছু বছৰৰ আগতে ৰাজ্য চৰকাৰে এখন পকী দলং নিৰ্মাণ কৰিছিল । পথছোৱাৰে কয়লাজুলি, থুৰিবাৰী, ফাখ্ৰিগুৰি, কঠালজুলি, ৰঙাগড়া আদিকে ধৰি কেইবাখনো গাঁৱৰ ৰাইজ আৰু বড়ো মাধ্যমৰ লক্ষেশ্বৰ ব্ৰহ্ম মধ্য ইংৰাজী আৰু হাইস্কুল, অমলা বড়ো প্রাথমিক বিদ্যালয়লৈ ছাত্ৰ-ছাত্ৰীসকলে অসুবিধা নোহোৱাকৈ অহা-যোৱা কৰি আহিছিল ।

পথছোৱাৰে নিতৌ শ শ যান-বাহন চলাচল কৰিছিল । কিন্তু যোৱাটো বৰ্ষৰ বাৰিষা কালত মানশিৰি নৈখনৰ বাঢ়নি পানীয়ে দলংখনৰ এটা অংশ খহাই নিয়ে । তাৰ পাচত উক্ত পথছোৱাত যান-বাহন চলাচল বন্ধ হৈ পৰাত ৰাইজে অহা-যোৱা কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় । ইফালে, মানশিৰি নৈখনৰ ওপৰত থকা দলংখনৰ খহনীয়াস্থলী মেৰামতি কৰাৰ বাবে ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী অশোক সিংহলক স্থানীয় ৰাইজে দাবী জনাইছিল আৰু মন্ত্ৰীগৰাকীয়ে লোকসভা নিৰ্বাচনৰ পূৰ্বে খহনীয়া মেৰামতি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে ।

খহনীয়াস্থলীত বালি-মাটি ভৰোৱাৰ পাচত যাতায়ত সুচল হয় । যান-বাহনসমূহ চলাচলো আৰম্ভ হয় । অতি পৰিতাপৰ বিষয় যে কিছুদিন পূৰ্বে হোৱা মুষলধাৰ বৰষুণৰ পানীয়ে নতুনকৈ ভৰোৱা বালি-মাটিখিনি খহাই নিয়ে । তাৰ পাচৰে পৰা অঞ্চলবাসী ৰাইজে পুনৰ যাতায়তৰ ক্ষেত্ৰত চৰম দুর্ভোগ ভুগিবলগীয়া হয় । দলংখনৰ মাটি খহাই নিয়াৰ পাচত উক্ত পথছোৱাত যাতায়ত ব্যৱস্থা বন্ধ হৈ পৰে ।

এই সন্দৰ্ভত স্থানীয় লোকে অভিযোগ উত্থাপন কৰি কয়," মানশিৰি নৈখনৰ খহনীয়া অংশত ঠিকাদাৰে বালি-মাটি ঠিকেই ভৰালে । তেওঁলোকে বালি-মাটি ভৰোৱাৰ পাচত ব'ল্ডাৰ দিব লাগিছিল যদিও সেয়া নকৰিলে । এতিয়া ৰাইজে পুনৰ দুর্ভোগ ভুগিবলগীয়া হৈছে । পথছোৱাৰে যান-বাহন চলাচল নোহোৱাত ৰাইজৰ বহুত অসুবিধা হৈছে । বিশেষকৈ সংকটজনক ৰোগী আৰু প্ৰসৱ বেদনাত ভুগি থকা মহিলাক ৰঙাপৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ নিয়াৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে ।"

ইপিনে, এই পথছোৱাত যাতায়ত ব্যৱস্থা বন্ধ হৈ পৰা স্থানীয় ৰাইজে গাড়ীৰে কোনো সামগ্রী অনা-নিয়া কৰিব পৰা নাই । পথছোৱাৰে যেনেতেনে চাইকেল, মটৰ চাইকেল চলাই অহা-যোৱা কৰিছে । বাকী থকা অংশ যদি খহনীয়াৰ কৱলত পৰে তেতিয়াহ'লে ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীসকলে খোজ কাঢ়ি অহা-যোৱা কৰাটোও বন্ধ হৈ পৰিব । ইপিনে, মাইনাওশ্ৰী-চাৰিদুৱাৰ সংযোগী পথছোৱাত থকা মানশিৰি নৈখনৰ পকী দলংখনৰ খহনীয়া অংশ ব'ল্ডাৰৰে সুৰক্ষিত কৰি ঠিকাদাৰে মাটি নভৰোৱাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে ।

লগতে পঢ়ক:উপায়বিহীন জনতা ! জৰাজীৰ্ণ দলঙেৰে অব্যাহত যাতায়ত - Bridge Above The Harang River

বিকাশ বিচাৰি হাবাথুৰি ভাৰত-ভূটান সীমান্তৱৰ্তী কেইবাখনো গাঁৱৰ ৰাইজৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.