ETV Bharat / state

বৰপেটাৰোডত একে নিশাই কেবাটাও মন্দিৰৰ মূৰ্তি ভাঙিলে দূস্কৃতিকাৰীয়ে: এজনক আটক - protest over Idols vandalised - PROTEST OVER IDOLS VANDALISED

Idols vandalised in Barpeta: একে নিশাই বৰপেটাৰোডৰ কেবাটাও মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰি দূস্কৃতিকাৰীয়ে ভাঙিলে ভগবানৰ মূৰ্তি ৷ ইয়াৰ পাছতেই চহৰখনত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ ৷ দূস্কৃতিকাৰী হিন্দুৱেই হওঁক, মুছলমানেই হওঁক কোনেও যাতে সাৰি যাব নোৱাৰে তাৰ বাবে গৃহ বিভাগ আৰু আৰক্ষী প্ৰশাসনক দাবী জনাইছে হিন্দু সুৰক্ষা সেনা অসমে ।

Idols vandalised in Barpeta
বৰপেটাৰোডত একে নিশাই কেবাটাও মন্দিৰৰ মূৰ্তি ভাঙিলে দূস্কৃতিকাৰীয়ে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 20, 2024, 4:29 PM IST

Updated : Aug 20, 2024, 8:35 PM IST

বৰপেটাৰোড 20 আগষ্ট: বৰপেটাৰোডৰ কেবাটাও মন্দিৰত সোমবাৰে নিশা অচিনাক্ত দুস্কৃতিকাৰীয়ে প্ৰৱেশ কৰি মূৰ্তি ভাঙি লণ্ডভণ্ড কৰে ৷ মঙলবাৰে পুৱা স্থানীয় লোকে মন্দিৰত সেৱা কৰিবলৈ আহি মূৰ্তিসমূহ ভাঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰি হতভম্ব হৈ পৰে । ইয়াৰ পাছতেই চহৰখনত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় ।

বৰপেটাৰোডত একে নিশাই কেবাটাও মন্দিৰৰ মূৰ্তি ভাঙিলে দূস্কৃতিকাৰীয়ে (ETV Bharat Assam)

দোষীক শাস্তি প্ৰদানৰ দাবীত বৰপেটাৰোড আৰক্ষী থানা ঘেৰাও:

বৰপেটাৰোডৰ কেবাটাও মন্দিৰৰ মূৰ্তি দূস্কৃতিকাৰীয়ে ভাঙি লণ্ডভণ্ড কৰা কাৰ্যত বৰপেটাৰোড চহৰৰ লোকসকল উত্তেজিত হৈ পৰে । উত্তেজিত লোকসকলে জয় শ্ৰীৰাম, চব হিন্দু এক হওঁক আদি শ্লোগান দি ৰাজপথত সমদল উলিয়াই মন্দিৰৰ মূৰ্তি ভাঙি লণ্ডভণ্ড কৰা দূস্কৃতিকাৰীক কৰায়ত্ত কৰি কঠোৰ শাস্তি দিয়াৰ দাবী জনাই বৰপেটাৰোড আৰক্ষী থানা ঘেৰাও কৰে ।

হিন্দু সুৰক্ষা সেনা অসমৰ প্ৰতিক্ৰিয়া:

হিন্দু সুৰক্ষা সেনা অসমেও এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে ৷ হিন্দু সুৰক্ষা সেনা অসমৰ নেতা কাঞ্চন দেৱনাথে বৰপেটাৰোডৰ মন্দিৰৰ মূৰ্তি ভঙা কাৰ্যৰ উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰি এই ঘটনা সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ এক ষড়যন্ত্ৰ বুলি মন্তব্য কৰিছে । হিন্দু সুৰক্ষা সেনাৰ নেতাগৰাকীয়ে ৰাজ্যৰ গৃহ বিভাগ, আৰক্ষী-প্ৰশাসনক এই ঘটনাৰ উপযুক্ত তদন্ত কৰি দূস্কৃতিকাৰীক কৰায়ত্ত কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিবলৈ 24 ঘন্টা সময়সীমা বান্ধি দিয়ে ৷ দূস্কৃতিকাৰী হিন্দুৱেই হওঁক বা মুছলমানেই হওঁক কোনেও যাতে সাৰি যাব নোৱাৰে তাৰ বাবে প্ৰশাসনক তেওঁ দাবী জনায় । তেওঁ লগতে ৰাইজক শান্তি-শৃংখলা অটুট ৰাখিবলৈ আহ্বান জনায় ৷

ঘটনাৰে জড়িত থকা সন্দেহত এজনক আটক:

বৰপেটাৰোডৰ কেবাটাও মন্দিৰৰ ভিতৰত অচিনাক্ত দুৰ্বৃত্তই প্ৰৱেশ কৰি মূৰ্তি ভাঙি থৈ যোৱাৰ পাছতে পুৱা উত্তেজিত লোকে বৰপেটাৰোড আৰক্ষী থানা ঘেৰাও কৰে ৷ ইয়াৰ পাছতেই বৰপেটাৰোড আৰক্ষী আৰু বৰপেটা জিলা আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰে । ইফালে স্থানীয় লোকে মন্দিৰৰ মূৰ্তি ভঙা কাৰ্যৰ লগত জড়িত থকা সন্দেহত মৃদুল সূত্ৰধৰ ওৰফে ৰাণা দাস নামৰ এজন লোকক কৰায়ত্ত কৰি উত্তম মধ্যম সোধাই বৰপেটাৰোড আৰক্ষীক গতাই দিয়ে ।

পৰিস্থিতি নিয়ন্ত্ৰণ আৰক্ষীৰ:

বৰপেটাৰোড আৰক্ষীয়ে মৃদুল সূত্ৰধৰক কৰায়ত্ত কৰি তদন্ত অব্যাহত ৰাখিছে । ধৃত মৃদুল সূত্ৰধৰৰ ঘৰ গোৱালপাৰাৰ আগিয়াত যদিও তেওঁ বৰপেটাৰোডৰ মিলন নগৰত ভাৰাতীয়া হিচাপে আছিল । মন্দিৰৰ মূৰ্তি ভঙাৰ দৰে জঘন্য ঘটনাৰ পাছত বৰপেটাৰোডৰ ৰাইজ স্বাভাৱিকতে আবেগিক হৈ উত্তেজিত হৈছিল যদিও পাছত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে । বৰপেটাৰোডৰ মন্দিৰৰ মূৰ্তি ভঙা কাৰ্যৰ লগত জৰিত কোনেও সাৰি যাব নোৱাৰে বুলি বৰপেটা আৰক্ষীয়ে উল্লেখ কৰি দোষীক কৰায়ত্ত কৰি আইনৰ আওতালৈ আনি শাস্তি দিয়াৰ কথা উল্লেখ কৰে বৰপেটা জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিদ্যুৎ বিকাশ বৰাই ৷

আচলতে হৈছিল কি ?

বৰপেটাৰোডৰ অম্বিকাগিৰী চ’কৰ সমীপৰ মেঘনাথ নগৰৰ অৰবিন্দ সংঘৰ কাষৰ এশ বছৰীয়া এটি পুৰণি মন্দিৰৰ ভিতৰত সোমবাৰে নিশা অচিনাক্ত দুৰ্বৃত্তই প্ৰৱেশ কৰি কালী মূৰ্তি ভাঙি লণ্ডভণ্ড কৰে ৷ একে নিশাতেই বৰপেটাৰোডৰ দেশবন্ধু পাৰা, খৈৰাবাৰী, বেলতলাকে ধৰি আন কেবাটাও ঠাইৰ মন্দিৰৰ মূৰ্তিও অচিনাক্ত দূস্কৃতিকাৰীয়ে ভাঙি লণ্ডভণ্ড কৰি থৈ যায় ।

বৰপেটাৰোডৰ একাংশ সচেতন লোকৰ মাজত চৰ্চা চলিছে যে, উজনি অসমৰ শিৱসাগৰত এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈক অনাঅসমীয়া লোকে প্ৰহাৰ কৰাৰ প্ৰতিবাদত বীৰ লাচিত সেনা, টাই আহোম ছাত্ৰ সন্থাকে ধৰি 30 টাকৈ জাতীয় সংগঠনে আন্দোলন অব্যাহত ৰাখিছিল ৷ এই আন্দোলন তল পেলাবলৈ দূস্কৃতিকাৰীয়ে পৰিকল্পিতভাৱে একে নিশাই বৰপেটাৰোডৰ কেবাটাও মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰি মন্দিৰৰ মূৰ্তি ভঙাৰ দৰে নিকৃষ্ট ঘটনা সংঘটিত কৰিছে ।

লগতে পঢ়ক: গুৱাহাটীৰ চিটী চেণ্টাৰত বোমাৰ আতংক : হুৱাদুৱা পৰিস্থিতি - Bomb scare at City Centre

Last Updated : Aug 20, 2024, 8:35 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.