ETV Bharat / state

শদিয়াৰ অপহৃত কিশোৰৰ মৃতদেহ অৰুণাচলত উদ্ধাৰৰ পিচতে তীব্ৰ প্ৰতিবাদ - kidnapping and murder in Arunachal

author img

By ETV Bharat Assamese Team

Published : Jul 31, 2024, 5:28 PM IST

Protest in Sadiya : শদিয়াৰ ১২ বছৰীয়া কিশোৰৰ মৃতদেহ অৰুণাচলত উদ্ধাৰৰ পিচতে উত্তাল প্ৰতিবাদ ৷ গোৰ্খা ছাত্ৰ সন্থাৰ নেতৃত্বত অসম-অৰুণাচলৰ পথ অৱৰোধ ৷ দোষীক ফাঁচি দিয়াৰ লগতে পৰিয়ালক এককালীন সাহাৰ্য প্ৰদানৰ দাবী ৷

Protest in Sadiya
অপহৃত কিশোৰৰ মৃতদেহ উদ্ধাৰৰ পিচতে প্ৰতিবাদ (ETV Bharat Assam)

তিনিচুকীয়া, ৩১ জুলাই : বুধবাৰে অৰুণাচল প্ৰদেশত উদ্ধাৰ হয় শদিয়াৰ এটা ১২ বছৰীয়া অপহৃত কিশোৰ ৷ কিশোৰটিৰ মৃতদেহ উদ্ধাৰ কৰাৰ পিচতে সৃষ্টি হৈছে এক উত্তপ্ত পৰিস্থিতিৰ ।

শদিয়াৰ অতি ভিতৰুৱা অসম-অৰুণাচল সীমান্তৰ ডিগাৰু অৰুণাচল পুলিচ চেকগেটত গোৰ্খা ছাত্ৰ সন্থাৰ লগতে জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বত সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ ৷ পথ অৱৰোধ কৰি শ শ প্ৰতিবাদকাৰীৰে প্ৰতিবাদ সাব্যস্ত কৰি উক্ত অপহৰণকাণ্ডৰ সৈতে জড়িত দোষীক ফাঁচীৰ দাবী উত্থাপন কৰাৰ লগতে কিশোৰটিৰ পৰিয়ালবৰ্গক এককালীন সাহাৰ্য প্ৰদান কৰাৰ দাবী জনায় ৷

উল্লেখ্য যে বুধবাৰে পুৱা অৰুণাচলৰ কালিখোলা নামৰ স্থানৰ পৰা উদ্ধাৰ কৰা হয় কিশোৰটিৰ মৃতদেহ । অপহৰণকাণ্ড সংঘটিত হোৱা স্থানৰ পৰা প্ৰায় ৮০০ মিটাৰ দূৰৈত গাঁতৰ পৰা উদ্ধাৰ কৰা হয় কিশোৰটিৰ মৃতদেহটো । অপহৰণৰ সৈতে জড়িতৰ সন্দেহত আটক কৰা দুই লোকৰ স্বীকাৰোক্তিৰ পিচতে অৰুণাচল আৰক্ষীয়ে উদ্ধাৰ কৰে কিশোৰটিৰ মৃতদেহ ।

কিশোৰটিক অপহৰণ কৰা দিনাই অৰ্থাৎ ২২ জুলাইতেই হত্যা কৰাৰ সন্দেহ কৰা হৈছে ৷ শদিয়াৰ অতি ভিতৰুৱা চূণপোৰা উদয়পুৰ গাঁৱৰ নৰ বাহাদুৰ ছেত্ৰীৰ ১২ বছৰীয়া পুত্ৰ আছিল ৰোহিত বাহাদুৰ ছেত্ৰী । অৰুণাচল প্ৰদেশৰ ২৮ মাইল নামৰ ঠাইত সংঘটিত হৈছিল অপহৰণৰ ঘটনাটো ৷ নৰ বাহাদুৰ ছেত্ৰীয়ে জীৱিকাৰ বাবে পৰিয়ালৰ সৈতে অৰুণাচলৰ ২৮ মাইল নামৰ ঠাইত বসবাস কৰিছিল ৷

বিদ্যালয়ৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাতেই ছাত্ৰজনক ২২ জুলাই তাৰিখে অপহৰণ কৰিছিল দুৰ্বৃত্তই ৷ অপহৰণৰ দুটা দিনৰ পিচত ২৫ লাখ টকা ধন দাবী কৰিছিল অপহৰণকাৰীয়ে ৷ অপহৰণ কৰাৰ সময়ত কিশোৰ ৰোহিত বাহাদুৰ ছেত্ৰীয়ে গোবিন্দ তামাঙক চিনি পাইছিল ৷ ৰোহিত বাহাদুৰ ছেত্ৰীৰ ঘৰলৈ অহা-যোৱা আছিল অভিযুক্ত গোবিন্দ তামাঙৰ ৷

কিশোৰটিয়ে চিনি পোৱাৰ বাবেই হত্যা কৰা বুলি আৰক্ষীৰ জেৰাত স্বীকাৰোক্তি দিছে দুই অভিযুক্ত অপহৰণকাৰীয়ে ৷ তেজুৰ আৰক্ষী অধীক্ষকে সদৰী কৰিছে এই কথা ৷ ইতিমধ্যেই মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে তেজু আৰক্ষীয়ে ৷ সমান্তৰালভাৱে অপহৰণৰ সৈতে জড়িত থকাৰ সন্দেহত অৰুণাচল আৰক্ষীয়ে আটক কৰা নাজুচৌ তামাই আৰু গোবিন তামাং নামৰ দুজন অৰুণাচলীক নিজৰ জিম্মাত ৰাখি তদন্ত অব্যাহত ৰখা হৈছে ৷

লগতে পঢ়ক : শদিয়াৰ অপহৃত কিশোৰৰ মৃতদেহ অৰুণাচলত উদ্ধাৰ, অপহৰণকাৰীয়ে হত্য়া কৰি দাবী কৰিছিল মুক্তিপণ

লগতে পঢ়ক : যোৰহাটত এমাহতে দুবাৰকৈ শিশু অপহৰণৰ অপচেষ্টা দুৰ্বৃত্তৰ

লগতে পঢ়ক : এসপ্তাহেই সন্ধান নাই গোলাঘাটৰ পৰা অপহৃত কলেজীয়া ছাত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.