ETV Bharat / state

৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত মৎস্য পালনৰ আহ্বান : যাতায়তৰ বাবে নহয় এই পথ - National Highway 37

author img

By ETV Bharat Assamese Team

Published : Sep 2, 2024, 6:58 PM IST

Protest in Tinsukia : ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ যাতায়তৰ বাবে মুঠেই সুবিধাজনক নহয় ৷ চৰকাৰেও বিষয়টোত গুৰুত্ব দিয়া নাই ৷ সেয়ে পথটোত থকা প্ৰকাণ্ড প্ৰকাণ্ড গাঁতবোৰত মীন বিভাগৰ জৰিয়তে মৎস্য পালনৰ আহ্বান জনাইছে একাংশ লোকে ৷

NATIONAL HIGHWAY 37
৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ দাবীত তিনিচুকীয়াৰ পানীতোলাত প্ৰতিবাদ (ETV Bharat Assam)

তিনিচুকীয়া, ২ ছেপ্তেম্বৰ : তিনিচুকীয়া জিলাৰ পানীতোলাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত মীন বিভাগক মাছ পালন কৰিবলৈ আহ্বান জনোৱা হৈছে ৷ এই আহ্বান জনাইছে মটক যুৱ-ছাত্ৰ সন্মিলনৰ তিনিচুকীয়া জিলা সমিতিয়ে ।

উল্লেখ্য যে চৰকাৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ কোনো মেৰামতি কৰা নাই, পথটোত বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হৈছে ৷ উক্ত জৰাজীৰ্ণ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ দাবীত সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ পানীতোলা আঞ্চলিক সমিতিয়ে পথ অৱৰোধ কৰি সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷ প্ৰতিবাদৰ সময়ত মটক যুৱ-ছাত্ৰ সন্মিলন জিন্দাবাদ, ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতি কৰক, লোকনিৰ্মাণ বিভাগ হায় হায়, বিজেপি হুচিয়াৰ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, মটক ঐক্য জাগিছে, মহিলা শক্তি জাগিছে, অতি সোনকালে জৰাজীৰ্ণ পথ মেৰামতি কৰক আদি বিভিন্ন শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ৷

প্ৰতিবাদৰ সময়তে মটক যুৱ ছাত্ৰ-সন্মিলনৰ তিনিচুকীয়া জিলা সমিতিৰ সাধাৰণ সম্পাদক সঞ্জয় গগৈয়ে অতি সোনকালে উক্ত পথটো মেৰামতি নকৰিলে অনাগত দিনত ইয়াতকৈ তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ৷ সমান্তৰালভাৱে কেন্দ্ৰীয় নেতা দুৰ্জয় গগৈয়ে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে বাইপাছ পথটোৰ লগত নিমিলাবলৈ আহ্বান জনাই পথটো অতি সোনকালে মেৰামতি কৰিবলৈ আহ্বান জনায় ৷ যিহেতু উক্ত পথছোৱাত বিগত দিনসমূহত বহুতো পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে ৷

পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতে ৰাজ্যৰ মটক যুৱ ছাত্ৰ সন্মিলনৰ পানীতোলা আঞ্চলিক সমিতিৰ সভাপতি পাৰ্থপ্ৰতিম বৰুৱা আৰু সাধাৰণ সম্পাদক ৰাজদ্বীপ বৰুৱাৰ স্বাক্ষৰিত এখন স্মাৰকপত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰি অতি সোনকালে পানীতোলাৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথটো মেৰামতি কৰাৰ দাবী জনায় ৷

লগতে পঢ়ক : মৃত্যুদূতৰূপী ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ; ২ দিনত প্ৰায় ৫ গৰাকী লোকৰ মৃত্যু

বিধ্বস্ত ঘাইপথ মেৰামতিৰ বাবে সাত দিনৰ সময়সীমা বান্ধি দিলে অসমীয়া যুৱ মঞ্চই

জুলাই-আগষ্টত পথ মেৰামতি কৰিলে ঠিকাদাৰহে ধনী হ’ব : মুখ্যমন্ত্ৰী ড৹ শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.