ETV Bharat / state

স্মাৰ্ট মিটাৰ স্থাপন কৰি লুণ্ঠন চলাইছে বিদ্যুৎ বিভাগে: প্ৰতিবাদকাৰী - Protest against smart meters

APDCL Smart Meters: স্মাৰ্ট মিটাৰ আৰু বৰ্দ্ধিত বিদ্যুৎ মাচুলৰ বিৰুদ্ধে আমগুৰিত তীব্ৰ প্ৰতিবাদ । কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু স্থানীয় ৰাইজে ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী । আমগুৰি বিদ্যুৎ উপ-সংমণ্ডলৰ কাৰ্যালয় ঘেৰাও কৰি সাব্যস্ত কৰে প্ৰতিবাদ ।

Protest in Amguri against smart meters and rising power tariff
স্মাৰ্ট মিটাৰ আৰু বৰ্দ্ধিত বিদ্যুৎ মাচুলৰ বিৰুদ্ধে আমগুৰিত তীব্ৰ প্ৰতিবাদ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 9, 2024, 4:07 PM IST

আমগুৰি,৯ আগষ্ট: স্মাৰ্ট মিটাৰ আৰু বৰ্দ্ধিত বিদ্যুৎ মাচুলৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু স্থানীয় ৰাইজৰ প্ৰতিবাদী কাৰ্যসূচী । শিৱসাগৰ জিলাৰ আমগুৰি বিদ্যুৎ উপ-সংমণ্ডলৰ কাৰ্যালয় ঘেৰাও কৰি শুকুৰবাৰে ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী । কৃষক মুক্তি, ছাত্ৰ মুক্তি, বীৰ লাচিত সেনা, আাটাছুকে ধৰি বহুকেইটা দল-সংগঠনে ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী । স্মাৰ্টমিটাৰ স্থাপনৰ পাছতেই বিদ্যুৎ মাচুল বৃদ্ধিৰ অভিযোগত ঘেৰাও কৰে প্ৰতিবাদকাৰী ।

স্মাৰ্ট মিটাৰ আৰু বৰ্দ্ধিত বিদ্যুৎ মাচুলৰ বিৰুদ্ধে আমগুৰিত তীব্ৰ প্ৰতিবাদ (ETV Bharat Assam)

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, নন্দিতা গাৰ্লোচা গ' বেক শ্ল'গানেৰে উত্তাল হৈ পৰে আমগুৰি বিদ্যুৎ উপ-সংমণ্ডল । শীঘ্ৰেই বিদ্যুৎ মাচুল হ্ৰাস আৰু স্মাৰ্ট মিটাৰ বন্ধ নকৰিলে প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ কৃষক মুক্তিৰ । কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক ৰিতুমণি হাজৰিকা, শিৱসাগৰ জিলা সমিতিৰ যুটীয়া সম্পাদক ক্ৰমে কৰুণা শইকীয়া আৰু দুৰ্লভ দিহিঙীয়া, আটাছুৰ জিলা সভাপতি অখিল আহোম, বীৰ লাচিত সেনাৰ উদয়াদিত্য বড়াৰ নেতৃত্বত আমগুৰি সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শতাধিক কৰ্মীয়ে হাতে হাতে বেনাৰ-পোষ্টাৰ লৈ সাব্যস্ত কৰে প্ৰতিবাদ ।

স্মাৰ্ট মিটাৰ স্থাপন কৰি লুণ্ঠন বন্ধ কৰক, স্মাৰ্ট মিটাৰ লগাবলৈ হাৰাশাস্তি কৰা ঠিকাদাৰ পক্ষ হুচিয়াৰ, স্মাৰ্ট মিটাৰ বন্ধ কৰক আদি শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে । কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাংগঠনিক সম্পাদক ৰিতুমণি হাজৰিকাই প্ৰতিবাদী ৰাইজক উদেশ্যি ভাষণ প্ৰদান কৰাৰ লগতে অসম চৰকাৰৰ বিদ্যুৎ বিভাগক তীব্ৰ ভাষাৰে সমালোচনা কৰে ।

তেওঁ কয়,"আধুনিকৰণৰ নামত স্মাৰ্ট মিটাৰ স্থাপনৰ জৰিয়তে সাধাৰণ ৰাইজক লুণ্ঠন কৰাৰ বাহিৰে আন একো নহয় । ইয়াৰ উপৰি প্ৰতিঘৰ বিদ্যুতৰ গ্ৰাহকৰ ঘৰত স্মাৰ্ট মিটাৰসমূহ স্থাপনৰ নামত ঠিকাদাৰসকলে গ্ৰাহকক ভয়-ভাবুকি দিয়াৰ অভিযোগো উত্থাপন কৰিছে । তাৰোপৰি বিদ্যুৎ চুৰি ৰোধ কৰাৰ বাবে স্মাৰ্ট মিটাৰসমূহ স্থাপন কৰা আৰু সমগ্ৰ ৰাজ্যখনত স্মাৰ্ট মিটাৰ স্থাপনৰ কাম সম্পূৰ্ণ হোৱাৰ পাচত ৰিচাৰ্জ কৰাৰ পদ্ধতি আৰম্ভ হ'ব বুলি চলাহী কথাৰে স্থাপন কৰি যোৱাৰ এমাহ নৌহওতে ৰিচাৰ্জ শেষ হ'ল বুলি বিদ্যুৎ কৰ্তন কৰি দিয়া হৈছে ।"

আনহাতে পূৰ্বতে যিবোৰ পৰিয়ালে বিদ্যুতৰ মাচুলৰ নামত চাৰি-পাঁচশ টকা আদায় দিছিল এতিয়া সেইবোৰ পৰিয়ালে দুগুন ধন আদায় দিব লগা হোৱাৰ লগতে বিদ্যুৎ বিভাগে কেৱল লুণ্ঠন চলোৱাৰ বাবে স্মাৰ্ট মিটাৰ স্থাপন কৰা বুলি মন্তব্য কৰে প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক: গৌৰীসাগৰত প্ৰি প্ৰেইড স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে কৃষক মুক্তিৰ প্ৰতিবাদ - Protest against smart meters

তলাবন্ধ গেটৰ ওপৰেদি বগাই গৃহস্থ নথকা অৱস্থাতে স্মাৰ্ট মিটাৰ সংযোগ বিদ্যুৎ বিভাগৰ - APDCL SMART METERS

স্মাৰ্ট মিটাৰৰ নামত সাধাৰণ জনতাক মাধমাৰ বিদ্যুৎ বিভাগৰ - Poor Electricity Service

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.