ETV Bharat / state

স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ, সৰুপথাৰত আৰক্ষী-কংগ্ৰেছ কৰ্মীৰ হতাহতি - Smart Electricity Meter

author img

By ETV Bharat Assamese Team

Published : Aug 30, 2024, 5:33 PM IST

Protest Against Smart Meter: স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে সৰুপথাৰত অব্যাহত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী । কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদত উত্তাল সৰুপথাৰ বিদ্যুৎ উপ-সংমণ্ডলৰ কাৰ্যালয়ৰ চৌহদ । প্ৰতিবাদকাৰীক বাধা প্ৰদান কৰাত আৰক্ষী আৰু কংগ্ৰেছ কৰ্মীৰ মাজত হতাহতি ।

Protest against smart electricity meter by congress in Sarupathar
সৰুপথাৰত আৰক্ষী-কংগ্ৰেছ কৰ্মীৰ হতাহতি (ETV Bharat Assam)

সৰুপথাৰ,৩০ আগষ্ট: সৰুপথাৰ বিদ্যুৎ উপ-সংমণ্ডলৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি । শুকুৰবাৰে কংগ্ৰেছ কৰ্মী আৰু আৰক্ষীৰ মাজত ব্যাপক হতাহতিৰ ফলত সৃষ্টি হয় এক উত্তেজনাময় পৰিস্থিতি । স্মাৰ্ট মিটাৰৰ লুণ্ঠনৰাজ বন্ধ কৰাৰ দাবীত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল সৰুপথাৰ ব্লক কংগ্ৰেছৰ কৰ্মীসকলে । প্ৰতিবাদস্থলীত সৰুপথাৰ বিদ্যুৎ উপ-সংমণ্ডলৰ কাৰ্যালয়ৰ গেটত আৰক্ষীয়ে বাধা প্ৰদান কৰে যদিও ব্লক কংগ্ৰেছৰ সদস্যসকলে ঠেলা হেঁচা কৰি কাৰ্যালয়ৰ চৌহদত প্ৰৱেশ কৰে ।

তেওঁলোকৰ দাবী- "অতি শীঘ্ৰে স্মাৰ্ট মিটাৰৰ লুণ্ঠনৰাজ বন্ধ কৰি সৰ্বসাধাৰণ ৰাইজক সকাহ প্ৰদান কৰক । আমি ৰাইজৰ হৈ ওলাই আহিছো । আমাৰ প্ৰতিবাদী কণ্ঠ কোনেও ৰোধ কৰিব নোৱাৰে ।" মঙলবাৰেও গোলাঘাট জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে সৰুপথাৰ বিদ্যুৎ উপ সংমণ্ডল কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ কাৰ্যসূচী সম্পন্ন কৰিছিল ।

কৃষক মুক্তিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে অসমৰ জনতাক কোৱা কথাৰ উত্তৰ দি বিদ্যুৎ বিষয়াক ২০২৩ বৰ্ষৰ জুলাই-আগষ্ট মাহৰ আৰু ২০২৪ বৰ্ষৰ জুলাই-আগষ্ট মাহৰ কেইবাখনো বিদ্যুৎ বিল দেখুৱাই আৰু বিলৰ আকাশ-পাতাল পাৰ্থক্য সন্দৰ্ভত সৰুপথাৰ বিদ্যুৎ উপ-সংমণ্ডল বিষয়া ৰাজু বৰাইকৰ পৰা উত্তৰ বিচাৰিছিল ।

আনহাতে ছাত্ৰ মুক্তিৰ জিলা সভাপতি আকাশ দাস আৰু কৃষক মুক্তিৰ জিলা সভাপতি শৰৎ শইকীয়াই সৰুপথাৰ বিদ্যুৎ উপ-সংমণ্ডলৰ বিষয়াগৰাকীক ভুল হৈ থকা সকলো বিদ্যুৎ বিল শুধৰণি কৰাৰ লগতে সকলো স্মাৰ্ট মিটাৰ খুলি পুৰণি মিটাৰসমূহ লগাই দিবলৈ এসপ্তাহৰ সময় সীমা বান্ধি দিয়ে । যদিহে তেওঁলোকৰ এই কথা অমান্য কৰে তেতিয়া অনাগত সময়ত হাজাৰ হাজাৰ মানুহ লৈ পুনৰ আন্দোলন কৰিব বুলি সকীয়াই দিয়ে । কাৰ্যসূচীৰ অন্তত প্ৰতিবাদকাৰীসকলে বিষয়াগৰাকীৰ যোগেদি জিলা আয়ুক্তলৈ এখনি স্মাৰকপত্ৰ প্ৰেৰণ কৰিছিল ।

লগতে পঢ়ক: স্মাৰ্ট মিটাৰৰ বিৰুদ্ধ কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদত কঁপিল ৰাজ্য - Smart Electricity Meter

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.