ETV Bharat / state

আটছাৰ প্ৰতিবাদত কঁপিছে ৰাজ্য : বিভিন্ন ঠাইত জ্বলিল বৰমূৰীয়াৰ পুত্তলিকা - Proposed luxury hotels in Kaziranga

author img

By ETV Bharat Assamese Team

Published : Aug 1, 2024, 5:59 PM IST

AATSA protest at various places in Assam : সমগ্ৰ ৰাজ্যত আটছাৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৷ বিভিন্ন ঠাইত জ্বলিল মুখ্যমন্ত্ৰী, পৰ্যটন মন্ত্ৰী, শ্ৰমমন্ত্ৰীৰ পুত্তলিকা ৷ চাহ শ্ৰমিকক মাধমাৰ সোধোৱাৰ অভিযোগত উত্তাল হৈ পৰিছে ৰাজ্য ৷

PROPOSED LUXURY HOTELS IN KAZIRANGA
আটছাৰ প্ৰতিবাদত কঁপিছে ৰাজ্য (ETV Bharat Assam)

নিউজ ডেস্ক, 1 আগষ্ট : কাজিৰঙাত চাহ বাগিচাৰ ভূমি উচ্ছেদ কৰি পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ ৷ তাৰ মাজতে বুধবাৰে আৰক্ষীয়ে প্ৰতিবাদকাৰীক লাঠী চালনাৰে আঘাতপ্ৰাপ্ত কৰাক লৈ দাউদাউলৈ জ্বলিছে প্ৰতিবাদৰ জুই ৷ বৃহস্পতিবাৰে সমগ্ৰ ৰাজ্যতে সাব্যস্ত কৰা হ’ল প্ৰতিবাদী কাৰ্যসূচী ৷

লখিমপুৰত মুখ্যমন্ত্ৰী-পৰ্যটন মন্ত্ৰীৰ পুত্তলিকা দাহ :

লখিমপুৰত আটছাই জ্বলালে মুখ্যমন্ত্ৰী আৰু জয়ন্ত মল্লবৰুৱাৰ পুত্তলিকা ৷ বৃহস্পতিবাৰে দুপৰীয়া লখিমপুৰৰ দলহাট বজাৰৰ মাজত সদৌ চাহ জনজাতি ছাত্ৰ সন্থা -আটছাই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু পৰ্যটন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ পুত্তলিকা দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । কাজিৰঙাৰ হাতীখুলি বাগিচাত চৰকাৰী পক্ষই চাহ শ্ৰমিকৰ ওপৰত নিৰ্যাতন চলোৱাৰ অভিযোগেৰে প্ৰতিবাদ সাব্যস্ত কৰে আটছাৰ লখিমপুৰ জিলা সমিতিয়ে ৷

উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি আটছাৰ কেন্দ্ৰীয় সমিতিৰ সহ-সম্পাদক সুনীল তিৰ্কীয়ে কয়, ‘‘ জীৱিকাৰ বাবে চাহ জনগোষ্ঠীৰ লোকসকলে হাবাথুৰি খাবলগীয়া হৈছে । চাহ বাগিচাৰ ওপৰত নিৰ্ভৰশীল চাহ জনগোষ্ঠীৰ লোকসকল । তেনে সময়ত চৰকাৰে বাগিচা বন্ধ কৰি চাহ জনগোষ্ঠীৰ লোকসকলক অঘৰী কৰিবলৈ বিচাৰিছে । চাহ বাগিচা উচ্ছেদ কৰি হোটেল নিৰ্মাণ কৰিবলৈ বিচাৰিছে । কাজিৰঙাৰ হাতীখুলি চাহ বাগিচাৰ ১২ শ বিঘা মাটি উচ্ছেদ কৰি হোটেল নিৰ্মাণৰ প্ৰচেষ্টা কৰিছে । তাকে বাধা দিবলৈ যাওতে চৰকাৰী পক্ষই শ্ৰমিকৰ ওপৰত নিৰ্যাতন চলাইছে । চৰকাৰৰ এনে পদক্ষেপক আটছাই কোনো কাৰণত মানি নলয় ৷’’

পুঁজিপতিক ৰক্ষণাবেক্ষণ দি চাহ শ্ৰমিকক মাধমাৰ দিবলৈ ওলোৱা বুলি তেওঁ চৰকাৰক গৰিহণা দিয়াৰ লগতে মুখ্যমন্ত্ৰীক সতৰ্ক কৰি কয়, ‘‘ চৰকাৰে এনেদৰে চাহ শ্ৰমিকৰ ওপৰত নিৰ্যাতন চলাই বাগিচা উচ্ছেদ কৰিবলৈ বিচাৰিলে নিৰ্বাচনৰ পূৰ্বে যেনেদৰে বিজেপি চৰকাৰক ক্ষমতালৈ আনিবলৈ চাহ জনগোষ্ঠীৰ লোক ওলাই আহিছিল, তেনেদৰে এতিয়া চৰকাৰখনক ক্ষমতাচ্যুত কৰিবলৈও চাহ জনগোষ্ঠীৰ লোক দলে-বলে ওলাই আহিব ।’’

গোলাঘাটত মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ :

চাহ শ্ৰমিকক লগত লৈ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ যোৱা চাহ জনজতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক জগদীশ বৰাইককে ধৰি প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে লাঠিচালনা কৰাত জাঙুৰ খাই উঠিছে চাহ জনজাতি ছাত্ৰ সন্থাৰ গোলাঘাট শাখা সমিতি । যাৰ প্ৰতিবাদস্বৰূপে বৃহস্পতিবাৰে গোলাঘাটৰ তেতেলীতলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি দাহ কৰি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি আটছা গোলাঘাট শাখাৰ সম্পাদক অনুজ কুৰ্মীয়ে কয়, ‘‘ কাজিৰঙাৰ ৰঙাজান চাহ বাগিচাৰ কাষৰীয়া ইংলে পথাৰ এলেকাত শ্ৰমিক লগত আলোচনা নকৰাকৈ পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে হায়াট আৰু তাজ গ্ৰুপক ভূমি আৱণ্টন দিয়া কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছো ৷ অঞ্চলটোত চাহ শ্ৰমিকে শ শ বছৰ ধৰি কৃষিকৰ্মৰ জৰিয়তে নিজৰ পৰিয়াল পোহপাল দি আহিছে । কিন্তু ৰাজ্য চৰকাৰে সেই শ্ৰমিকসকলৰ লগত কোনোধৰণৰ আলোচনা নকৰাকৈ গ্ৰহণ কৰা এনে সিদ্ধান্ত কোনো কাৰণতে মানি লোৱা নহ'ব ৷’’

ডিব্ৰুগড়ত পুৱাই জ্বলিল মুখ্যমন্ত্ৰী-শ্ৰমমন্ত্ৰীৰ পুত্তলিকা :

বৃহস্পতিবাৰে পুৱাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণ মুৰ্দাবাদ, বিজেপি মুৰ্দাবাদ ,নৰেন্দ্ৰ মোদী মুৰ্দাবাদ ধ্বনিৰে উত্তাল হ’ল চেংলীজান চাহ বাগিচা ৷ কাজিৰঙাৰ ৰঙাজান চাহ বাগিচাৰ কাষৰীয়া ইংলেপথাৰ এলেকাত থকা ৬০ বিঘা ভূমিত ৰাজ্যৰ পৰ্যটন বিভাগৰ সহযোগত হায়াট গ্ৰুপে পঞ্চতাৰকাযুক্ত হোটেল নিৰ্মাণৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰা হ’ল ৷ যি ভূমিত বছৰ বছৰ ধৰি বহুলোকে বসবাস কৰি অহাৰ লগতে যুগ যুগ ধৰি স্থানীয় চাহ শ্ৰমিকে খেতি কৰি নিজৰ পৰিয়াল পোহপাল দি আহিছিল । তেনেস্থলত এই কৃষিভূমি ধ্বংস কৰি পঞ্চতাৰকাযুক্ত হোটেল নিৰ্মাণৰ বিৰোধিতা কৰিছে চাহ শ্ৰমিকসকলে ।

তদুপৰি বুধবাৰে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃবৰ্গৰ চৰজমিন পৰ্যবেক্ষণৰ বাবে যোৱাত অসম আৰক্ষীৰ দলে আটছাৰ কৰ্মীৰ লগতে মহিলাৰ ওপৰত বৰ্বৰ অত্যাচাৰ কৰাৰ অভিযোগত বৃহস্পতিবাৰে চাহ শ্ৰমিকসকলে প্ৰতিবাদ সাব্যস্ত কৰে ডিব্ৰুগড়ৰ লাহোৱালত ৷

সৰুপথাৰতো মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ পুত্তলিকা দাহ :

কাজিৰঙা হাতীখুলি চাহ বাগিছা উচ্ছেদৰ বিৰুদ্ধে গৰজি উঠিছে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সৰুপথাৰ শাখা । হাতীখুলি চাহ বাগিচা উচ্ছেদ কৰা আৰু চাহ জনগোষ্ঠী লোকসকলৰ ভোগ দখলত থকা কৃষিভূমি বলপূৰ্বকভাৱে কাঢ়ি ব্যক্তিগত খণ্ডক পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বাবে গতাই দিয়াৰ বিৰুদ্ধে সাব্যস্ত কৰা হ’ল প্ৰতিবাদী কাৰ্যসূচী ৷ বুধবাৰে আৰক্ষীয়ে প্ৰতিবাদকাৰীক আহত কৰাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ আটছাৰ সৰুপথাৰ আঞ্চলিক শাখা ৷ এই কাৰ্যক গৰিহনা দি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰা হয় সৰুপথাৰ নগৰৰ গান্ধী মূৰ্তিৰ সমীপত ।

লগতে পঢ়ক : কাজিৰঙাত উত্তপ্ত পৰিস্থিতি : আৰক্ষীৰ লাঠীচালনাত প্ৰতিবাদকাৰী আহত

লগতে পঢ়ক : চাহ শ্ৰমিকৰ মাটি কাঢ়ি গতাইছে বণিয়াক ! চাহ বাগিচাত বিজেপি বৰ্জনৰ হুংকাৰ

লগতে পঢ়ক : চাহ শ্ৰমিকৰ ক্ষেত্ৰত আটাইতকৈ বেছি নিয়ম ভংগ কৰিছে অসম চৰকাৰে : পৱন সিং ঘাটোৱাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.