ETV Bharat / state

এতিয়াও সন্ধান নাই ৰমেন বৰুৱাৰ: স্নিফাৰ ডগৰ সহায়ত যশস্বী শিল্পীগৰাকীৰ সন্ধানত অভিযান - Ramen Baruah missing

Music composer Ramen Baruah: দুদিনৰ পিছতো সন্ধান নাই যশস্বী সংগীত পৰিচালক ৰমেন বৰুৱাৰ ৷ যশস্বী সংগীত পৰিচালক ৰমেন বৰুৱাৰ সন্ধানত ব্ৰহ্মপুত্ৰত অব্যাহত অভিযান ৷ উজান বজাৰৰ পৰা শৰাইঘাট দলং পৰ্যন্ত অভিযান চলায়ো কোনো শুংসূত্ৰ উলিয়াব পৰা নাই এচ ডি আৰ এফ আৰু এন ডি আৰ এফে । চিন্তিত পৰিয়ালৰ লগতে ৰাজ্যৰ সাংস্কৃতিক মহল ।

author img

By ETV Bharat Assamese Team

Published : Jul 24, 2024, 7:53 AM IST

Ramen Baruah missing
নিখোঁজ যশস্বী সংগীত পৰিচালক ৰমেন বৰুৱা (ETV Bharat Assam)

গুৱাহাটী, 24 জুলাই: দুদিনৰ পিছতো নিখোজ যশস্বী সংগীত পৰিচালক ৰমেন বৰুৱা । মঙলবাৰে সমগ্ৰ দিনটো ব্ৰহ্মপুত্ৰত অভিযান চলোৱাৰ পিছতো সন্ধান ওলোৱা নাই ৰমেন বৰুৱাৰ । সোমবাৰৰ দিনা ৰমেন বৰুৱাক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ওচৰত থকা এটা চি চি টিভি ফুটেজত প্ৰত্যক্ষ কৰা হৈছিল আৰু শিল্পীগৰাকীৰ ম'বাইল লোকেশ্যন ব্ৰহ্মপুত্ৰৰ পাৰত পোৱা গৈছিল ।

স্নিফাৰ ডগৰ সহায়ত ভৰা লুইতত চলিছে অভিযান: তথাপিও নিখোঁজ যশস্বী সংগীত পৰিচালক ৰমেন বৰুৱা (ETV Bharat Assam)

আশ্চৰ্যজনকভাৱে সন্ধানহীন হৈ পৰা বিশিষ্ট শিল্পীগৰাকীৰ সন্ধানত মঙলবাৰৰ নিশা স্নিফাৰ ডগৰ সহায়ত ব্ৰহ্মপুত্ৰৰ পাৰৰ বিভিন্ন স্থানত আৰক্ষীয়ে অভিযান চলায় যদিও কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম নহ’ল । অভিযানৰ সময়ত উক্ত স্থানত উপস্থিত থাকে মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰা ।

আৰক্ষী আয়ুক্ত দিগন্ত বৰাই সংবাদ মাধ্যমৰ আগত কয়, "বুধবাৰেও ব্ৰহ্মপুত্ৰত গুৱাহাটীৰ পৰা ধুবুৰীলৈ অভিযান চলিব । ৰমেন বৰুৱাৰ সন্ধান উলিয়াবলৈ প্ৰশাসনে কোনো ক্ৰুটি নাৰাখে । ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কোনো ত্ৰুটি নৰখাকৈ বৰুৱাৰ সন্ধান উলিয়াবলৈ ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে ।"

উল্লেখযোগ্য যে সোমবাৰে পুৱা প্ৰায় 10.30 বজাৰ পৰা বিশিষ্ট সংগীত পৰিচালকগৰাকী সন্ধানহীন হৈ আছে । সংগীত পৰিচালকগৰাকীৰ সন্ধানহীন হোৱাৰ খবৰে গুৱাহাটীৰ লগতে ৰাজ্যবাসীক উদ্বিগ্ন কৰি তুলিছে । প্ৰসিদ্ধ শিল্পীগৰাকীয়ে গুৱাহাটীৰ লতাশিলস্থিত বাসভৱনৰ পৰা সমীপৰ লতাশিল গণেশ মন্দিৰলৈ বুলি ওলাই গৈছিল । ইয়াৰ পিচত দুপৰীয়া পর্যন্ত তেওঁ ঘৰলৈ ঘূৰি নহাত পৰিয়ালৰ সদস্যই শিল্পীগৰাকীক ফোন কৰে যদিও তেওঁৰ ম’বাইলটো ছুইচ অফ পায় । এই লৈ পৰিয়ালৰ সদস্যসকল চিন্তিত হৈ পৰে ।

পৰিয়ালৰ সদস্যই সম্ভাব্য সকলো স্থানতে বিচাৰ-খোঁচাৰ কৰিও নিশা পর্যন্ত শিল্পীগৰাকীৰ সম্ভেদ উলিয়াব নোৱাৰি লতাশিল আৰক্ষীৰ ওচৰ চাপে । ঘটনা সন্দৰ্ভত ৰমেন বৰুৱাৰ পৰিয়ালে লতাশিল থানাত এজাহাৰ দাখিল কৰিছে । উল্লেখ্য যে প্ৰতিদিনে ৰমেন বৰুৱা প্ৰাতঃভ্ৰমণলৈ ওলাই যায় । ইয়াৰ পিচত ঘৰলৈ উভতি আহি পুৱাৰ আহাৰ গ্ৰহণ কৰি তেওঁ পুনৰ লতাশিল গণেশ মন্দিৰলৈ যায় । কিন্তু বিগত কেবাদিনো ধৰি তেওঁ শাৰীৰিক অসুস্থতাত ভুগি থকাৰ হেতু প্ৰতঃভ্ৰমণলৈ ওলাই যোৱা নাছিল ।

স্বাস্থ্যৰ কিছু উন্নতি ঘটাত সোমবাৰে ৰমেন বৰুৱা প্ৰাতঃভ্ৰমণলৈ ওলাই যায় । ইয়াৰ পিচত ঘৰলৈ উভতি আহি শিল্পীগৰাকী পুনৰ লতাশিল গণেশ মন্দিৰলৈ বুলি ওলাই যোৱাৰ পিচৰে পৰা সন্ধানহীন হৈ পৰে ।

লগতে পঢ়ক: হঠাৎ কোনো সন্ধান নোহোৱা হ’ল বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱাৰ - Ramen Baruah missing

ৰমেন বৰুৱাৰ সন্ধানত ব্ৰহ্মপুত্ৰত অভিযান : ২৮ ঘণ্টা ধৰি নাই সন্ধান - Ramen Baruah missing

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.