ETV Bharat / state

বিশিষ্ট শিক্ষাবিদ তুৱাৰাম খনিকৰক ২০২৪ বৰ্ষৰ দামোদৰ দেৱ বঁটা প্ৰদান - Damodar Dev Award 2024

author img

By ETV Bharat Assamese Team

Published : Aug 25, 2024, 6:12 PM IST

Prominent educationist Tuaram Khanikar: বিশিষ্ট শিক্ষাবিদ তুৱাৰাম খনিকৰক প্ৰদান কৰা হৈছে ২০২৪ বৰ্ষৰ দামোদৰ দেৱ বঁটা ৷ শ্ৰী শ্ৰী আউনীআটী সত্ৰত অনুষ্ঠিত এক অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদগৰাকীক এই বঁটা প্ৰদান কৰা হয় ৷

Damodar Dev Award 2024
বিশিষ্ট শিক্ষাবিদ তুৱাৰাম খনিকৰক প্ৰদান ২০২৪ বৰ্ষৰ দামোদৰ দেৱ বঁটা (ETV Bharat)

টীয়ক, ২৫ আগষ্ট : আজি অৰ্থাৎ দেওবাৰে টীয়কৰ কলিয়াপানীস্থিত শ্ৰী শ্ৰী আউনীআটী সত্ৰত অনুষ্ঠিত কৰা হয় এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান ৷ এই অনুষ্ঠানতে বিশিষ্ট শিক্ষাবিদ তুৱাৰাম খনিকৰক প্ৰদান কৰা হয় আউনীআটী সত্ৰৰ ২০২৪ বৰ্ষৰ দামোদৰ দেৱ বঁটা । ২০২৪ বৰ্ষৰ দামোদৰ দেৱ বঁটা প্ৰদান অনুষ্ঠানত শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড৹ পিতাম্বৰ দেৱ গোস্বামীকে প্ৰমুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিতি থাকে ৷

উল্লেখ্য যে, শ্ৰী শ্ৰী আউনীআটী সত্ৰই ২০১২ চনৰ পৰাই সাহিত্য-সংস্কৃতি, সংবাদ তথা অসমৰ সমাজ জীৱনলৈ অৱদান আগবঢ়োৱা বৰেণ্য ব্যক্তিসকলক এই বঁটা প্ৰদান কৰি আহিছে । ইয়াৰ পূৰ্বে তুৱাৰাম খনিকৰে শিক্ষাৰ জেউতি বঁটা ২০১৫, অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে (বীৰাংগনা সতী সাধনী স্মৃতি দিৱসত) ৰঙামুৱা বীৰ বঁটা ২০২৪ ইতিমধ্যে লাভ কৰিছে ।

বিশিষ্ট শিক্ষাবিদ তুৱাৰাম খনিকৰৰ জন্ম হৈছিল ১৯৩৯ চনত । তেওঁ ১৯৯৯ চনত শ্বহীদ মণিৰাম দেৱান মহাবিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল । এতিয়ালৈকে ৫ খন গ্ৰন্থ আৰু পাঁচশৰো অধিক প্ৰবন্ধ প্ৰকাশ কৰি অসমৰ সাহিত্য জগতত বিশেষ অৱদান আগবঢ়াইছে বিশিষ্ট শিক্ষাবিদগৰাকীয়ে । সেয়ে এনে এগৰাকী বিশিষ্ট ব্যক্তিক আজি আউনীআটী সত্ৰই দামোদৰ দেৱ বঁটা প্ৰদান কৰি অতিকৈ সন্তুষ্টি লাভ কৰিছে বুলি মন্তব্য কৰিছে সত্ৰাধিকাৰগৰাকীয়ে ।

এই বঁটাত আছে এখনি মানপত্ৰ, এটি স্মাৰক, অংগবস্ত্ৰ, আউনীআটী সত্ৰৰ এখনি বিচনী, ৰাঙলী শৰাই, নগদ ধন আৰু এটি কিতাপৰ টোপোলা ৷ এই সন্মান লাভ কৰি স্বাভাৱিকতে আনন্দিত হৈ পৰিছে বিশিষ্ট শিক্ষাবিদ তুৱাৰাম খনিকৰো ৷

লগতে পঢ়ক : ৰাষ্ট্ৰপতিৰ পৰা ২০২৪ চনৰ ৰাষ্ট্ৰীয় বিজ্ঞান বঁটা গ্ৰহণ কৰিলে ড৹ পূৰৱী শইকীয়াই - 2024 Shanti Swarup Bhatnagar Award

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.