ETV Bharat / state

উপ নিৰ্বাচনৰ পাছতে মন্ত্রীসভা সম্প্ৰসাৰণৰ সম্ভাৱনা - ASSAM GOVT MINISTRY RESHUFFLE

Ministry Reshuffle : বহুকেইটা বিভাগৰ হেঁচা একোজন মন্ত্রীৰ ওপৰত । চাৰিটাকৈ খালী আছে মন্ত্রীৰ পদ । মন্ত্ৰীশূন্য বৰাক ।

Probability of Assam Govt Ministry Reshuffle
চাৰিটাকৈ খালী আছে মন্ত্রীৰ পদ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 5, 2024, 2:22 PM IST

গুৱাহাটী : পুনৰ চৰ্চালৈ আহিছে মন্ত্রীসভা সম্প্ৰসাৰণৰ প্ৰসংগ । ইয়াক লৈ দিছপুৰত আৰম্ভ হৈছে জল্পনা-কল্পনা । দিছপুৰত মন্ত্রী আৰু বিধায়কসকলৰ মাজত অব্যাহত থকা চৰ্চা অনুসৰি মন্ত্রীসভা সম্প্ৰসাৰণ হোৱাৰ সম্ভাৱনা আছে যদিও কোনেও এতিয়ালৈকে মুখ্যমন্ত্ৰীৰ পৰা নিশ্চিত তথ্য লাভ কৰা নাই ।

ইফালে, মন্ত্রীসভাৰ সম্প্ৰসাৰণৰ প্ৰসংগত মুখ্যমন্ত্রী ড৹হিমন্ত বিশ্ব শৰ্মায়ো সময়ে সময়ে ভিন্ন মন্তব্য আগবঢ়াই আহিছে । লক্ষণীয় বিষয় যে জুলাইত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই নিজেই ঘোষণা কৰা অনুসৰি ১৫ আগষ্টত নতুন মন্ত্ৰীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব লাগিছিল । কিন্তু মুখ্যমন্ত্রীৰ সেই কথা বাস্তৱায়িত নহ'ল । তাৰ পাছত এইবাৰ পুনৰ মন্ত্রীসভাৰ সম্প্ৰসাৰণৰ বিষয়টো চৰ্চালৈ আহিছে ।

এই চৰ্চাই এইবাৰ অসম বিধানসভাকো স্পৰ্শ কৰিছে । ইয়াৰ কাৰণ হৈছে যে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ নাম সম্ভাব্য নতুন মন্ত্ৰীৰ তালিকাত চৰ্চিত হৈছে । তেনেহ'লে বিশ্বজিৎ দৈমাৰীৰ স্থানত অসম বিধানসভাই লাভ কৰিব আন এজন নতুন অধ্যক্ষ ।

উল্লেখ্য যে, ২০২৬ চনৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্র প্ৰায় ডেৰ বছৰ সময় আছে । নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে চৰকাৰৰ কাম-কাজৰ গতিও স্বাভাৱিকতে ত্বৰান্বিত হয় ।

ইফালে, নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলবোৰে এতিয়াৰ পৰাই তৎপৰতা বৃদ্ধি কৰিছে । গতিকে বিৰোধী দলৰ তৎপৰতাৰ লগে লগে চৰকাৰৰো তৎপৰতা বৃদ্ধি হ'ব । ইতিমধ্যে তেনে তৎপৰতা চৰকাৰৰ মাজত আৰম্ভ হৈছে । এনে পৰিৱেশত মন্ত্ৰীসকলৰ দায়িত্ব যিহেতু বৃদ্ধি হৈছে,সেয়েহে খালী থকা পদবোৰো পূৰণ কৰাটো একপ্ৰকাৰ জৰুৰী হৈ পৰিছে ।

চাৰিটা পদ এতিয়াও খালী

মুখ্যমন্ত্রীক বাদ দি বর্তমানে অসম চৰকাৰত থকা মন্ত্ৰীৰ সংখ্যা হ'ল ১৪ গৰাকী । চাৰিটা পদ এতিয়াও খালী আছে । তেনেস্থলত চাৰিজন মন্ত্ৰীৰ অতিৰিক্ত দায়িত্ব বৰ্তমানৰ মন্ত্ৰীসকলেই বহন কৰিবলগীয়া হৈছে । যাৰ ফলত কামত তাৰ নেতিবাচক প্ৰভাৱ পৰিছে । বহুকেইটা বিভাগৰ দায়িত্ব এজনৰ ওপৰত থকাত চাপো বৃদ্ধি পাইছে ।

মন্ত্ৰীশূন্য বৰাক

দিছপুৰৰ চৰ্চা অনুসৰি চাৰিটা পদ খালী থাকিলেও এইবাৰতে আটাইকেইটা পদ পূৰণ হোৱাৰ সম্ভাৱনা যথেষ্ট কম যদিও দুটা পদ পূৰণৰ পূৰ্ণ সম্ভাৱনা আছে । ইয়াৰে এটা পদ বৰাক উপত্যকাৰ পৰা পূৰণ কৰাৰ সম্ভাৱনা আছে । কিয়নো পৰিমল শুক্লবৈদ্য সাংসদ নির্বাচিত হোৱাৰ লগে লগে সমগ্ৰ বৰাক উপত্যকা অসম চৰকাৰত মন্ত্ৰীশূন্য হৈ আছে । সেয়েহে বৰাকৰ পৰা এজন মন্ত্ৰী হোৱাটো প্ৰায় নিশ্চিত । মন্ত্ৰীশূন্য হৈ থকাৰ বাবে বৰাকত প্ৰতিক্ৰিয়াও অব্যাহত আছে ।

আনহাতে, সামগ্ৰিকভাৱে বৰাক উপত্যকা বিজেপিৰ অন্যতম ভোট বেংকৰ কেন্দ্ৰ । শেহতীয়াকৈ যিকেইজন মন্ত্ৰী বৰাক উপত্যকা ভ্ৰমণৰ বাবে গৈছিল তেওঁলোক সকলোৱে বৰাক মন্ত্ৰীশূন্য হোৱাৰ আপত্তিৰ সন্মুখীন হয় । ইফালে, কংগ্ৰেছে এই বিষয়টোক লৈ উপত্যকাটোত ইতিমধ্যে আবেগৰ ৰাজনীতি আৰম্ভ কৰিছে । গতিকে এই আটাইবোৰ দিশ বিবেচনা কৰি বৰাকৰ পৰা সোনকালে এজন বিধায়কক অসম চৰকাৰৰ মন্ত্ৰীসভাত স্থান দিয়াৰ বাবে মুখ্যমন্ত্ৰী আগ্ৰহী ।

এইখিনিতে উত্থাপিত প্রশ্নটো হ'ল যে মন্ত্ৰী হোৱাৰ সৌভাগ্য কোনজন বিধায়কৰ হ'ব ? যোৱা লোকসভা নিৰ্বাচনত পৰিমল শুক্লবৈদ্যৰ হৈ প্ৰচাৰ চলাবলৈ যাওঁতে মুখ্যমন্ত্রীয়ে কৰিমগঞ্জৰ পাথাকান্দিৰ এখন প্ৰচাৰ সভাত ঘোষণা কৰিছিল যে সমষ্টিটোৰ বিধায়ক কৃষ্ণেন্দু পাল অসম চৰকাৰৰ মন্ত্ৰী হ'ব । স্বয়ং মুখ্যমন্ত্ৰীৰ সেই ঘোষণাত উৎফুল্লিত হৈ পৰা বিধায়ক পাল আজিও মন্ত্ৰী হোৱাৰ আশাত বন্দী হৈ আছে । লক্ষণীয় বিষয় যে কৃষ্ণেন্দু পাল মুখ্যমন্ত্ৰীৰো অন্যতম ঘনিষ্ঠ ।

আশা এৰা নাই বিশ্বজিৎ দৈমাৰীয়ে

মন্ত্ৰী হোৱাৰ দুৰ্বাৰ হেপাহ পুহি ৰাখিছে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে । মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰ গঠনৰ সময়তে মন্ত্রীসভাত অন্তৰ্ভুক্ত হ’বলৈ বিশ্বজিৎ দৈমাৰীয়ে যথেষ্ট চেষ্টা চলাইছিল । কিন্তু সফল নহ'ল । ইয়াকে লৈ গভীৰ অসন্তুষ্টিত ভোগা বিশ্বজিৎ দৈমাৰীক অসম বিধানসভাৰ অধ্যক্ষৰ দায়িত্ব দিয়া হয় । তাৰ পাছতো দৈমাৰীৰ মন্ত্রিত্ব লাভৰ চেষ্টা অব্যাহত আছিল । এইবাৰ সেই আশা পূৰণ হ'ব বুলি বিশ্বজিৎ দৈমাৰীয়ে ভাবিছে আৰু যাৰ বাবে বিষয়টো চৰ্চালৈ আহিছে ।

ইফালে, পুনৰ মন্ত্ৰী হোৱাৰ দুৰ্বাৰ হেপাহ বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাৰ । ইতিমধ্যে এবাৰ মন্ত্ৰীৰ আসনত বহা কলিতাই পুনৰ সেই আসন দখলৰ চেষ্টা অব্যাহত ৰাখিছে । স্বয়ং ৰাজ্যিক বিজেপিৰ মজিয়াতে হোৱা চৰ্চা অনুসৰি সভাপতিৰ পদটো কলিতাৰ বাবে এতিয়া গৌণ । মন্ত্রিত্ব লাভৰ বাবেহে তেওঁৰ চেষ্টা অব্যাহত আছে । অৱশ্যে তেওঁৰ চেষ্টা কিমানদূৰ সফল হয় সেয়া সময়েহে ক'ব ।

ইফালে, বিশ্বজিৎ দৈমাৰী মন্ত্ৰী হ'লে বিধানসভাৰ অধ্যক্ষ কোন হ'ব তাকলৈয়ো চলিছে চৰ্চা । এইক্ষেত্রত চৰ্চালৈ আহিছে জ্যেষ্ঠ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী নাম । তেনেহ'লে পুনৰ এটা মন্ত্ৰী পদ খালী হ'ব । সেই পদটোতে হয়তো ভবেশ কলিতাক সংস্থাপিত কৰিব পাৰে মুখ্যমন্ত্ৰীয়ে । অৱশ্যে সকলো নিৰ্ভৰ কৰিছে মুখ্যমন্ত্রীৰ ওপৰত ।

লগতে পঢ়কলক্ষ্য বিধানসভা নিৰ্বাচন : নতুন সমীকৰণেৰে হ'ব মন্ত্রীসভাৰ সম্প্ৰসাৰণ ! - Assam Govt Ministry Reshuffle:

মুখ্যমন্ত্ৰীয়ে দিলে মন্ত্ৰীসভা সম্প্ৰসাৰণৰ ইংগিত : চাৰি নতুন সদস্যৰ অন্তৰ্ভূক্তিৰ সম্ভাৱনা - Assam Govt Ministry Reshuffle

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.