ETV Bharat / state

ভক্তক আদৰিবলৈ সাজু কামাখ্যা দেৱালয় পৰিচালনা সমিতি, উথপথপ হ’ব নীলাচলৰ বাকৰি - AMBUBACHI MELA 2024

author img

By ETV Bharat Assamese Team

Published : Jun 19, 2024, 11:03 AM IST

Press meet on Ambubachi Mela: ২২ জুনৰ পৰা কামাখ্যাত অনুষ্ঠিত হ'ব অম্বুবাচী মেলা । অম্বুবাচী মেলা সন্দৰ্ভত কামাখ্যা মন্দিৰ পৰিচালনা সমিতিয়ে মঙলবাৰে সম্বোধন কৰে এখন সংবাদমেল ।

Kamakhya Temple Management Committee press meet on Ambubachi Mela
পৰিচালনা সমিতিৰ সংবাদমেল (ETV Bharat Assam)

গুৱাহাটী, 19 জুন : ২২ জুনৰ পৰা শক্তিপীঠ কামাখ্যা ধামত আৰম্ভ হ’ব অম্বুবাচীৰ মহাযোগ । অম্বুবাচীৰ আয়োজনক লৈ মঙলবাৰে মন্দিৰ পৰিচালনা সমিতিয়ে সম্বোধন কৰে এক সংবাদমেল । পূৰ্বৰ দৰে এইবর্ষতো অম্বুবাচীৰ সময়ছোৱাত নীলাচল পাহাৰৰ আশে-পাশে ভক্তৰ বাবে নাথাকিব থকা-খোৱাৰ ব্যৱস্থা । ইফালে মন্দিৰৰ ওপৰলৈ উঠি আহোঁতে ভক্তসকলে মানিব লাগিব কিছু নিৰ্দেশনা ।

কামাখ্যা মন্দিৰ পৰিচালনা সমিতিৰ সংবাদমেল (ETV Bharat Assam)

কামাখ্যাৰ নামনিৰ পৰা অহা পদপথত থাকিব চিকিৎসা সেৱা, খোৱাপানী, জিৰণি চ'ৰাৰ ব্যৱস্থা । অম্বুবাচীৰ সময়ত মন্দিৰ পৰিক্ৰমাৰ পাচত পূব আৰু পশ্চিম দুৱাৰৰে ওলাব লাগিব ভক্তসকল । নিৰাপত্তাৰ ক্ষেত্ৰতো বিশেষ ব্যৱস্থা গ্ৰহণ মন্দিৰ পৰিচালনা সমিতিৰ ।

নিশা ৮ বজাৰ পিচত নাৰ্ছাৰীৰ দিশৰ পথছোৱাৰে কামাখ্যাত ভক্তই প্ৰৱেশ কৰিব নোৱাৰিব । লগতে পাণ্ডু-কামাখ্যাৰ নৱনিৰ্মিত পথেৰে নিশা ৯ বজাৰ পিচত ভক্তৰ প্ৰৱেশত থাকিব নিষেধাজ্ঞা ।

নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি দেৱালয়ৰ তৰফৰ পৰা নিজা ১২০ গৰাকী সুৰক্ষাকৰ্মীৰ উপৰিও থাকিব ৪০০ স্কাউট-গাইড । লগতে থাকিব ১৫০ গৰাকী স্বেচ্ছাসেৱক, ২৫০ গৰাকী অস্থায়ী সুৰক্ষা কৰ্মী । দেৱালয়ৰ চৌপাশে সংস্থাপন কৰা হৈছে ৪০০ চিচিটিভি কেমেৰা । দেৱালয়ৰ চৌহদ স্বচ্ছতাৰ বাবে নিজা ২০০ গৰাকী চাফাই কৰ্মীৰ উপৰিও ১১০ গৰাকী অস্থায়ী চাফাই কৰ্মী নিয়োগ কৰা হৈছে ৷

ইফালে ২৬ আৰু ২৭ জুনত বন্ধ থাকিব বিশেষ ৫০০ টকীয়া দৰ্শনৰ ব্যৱস্থা । সমান্তৰালভাৱে ২১ ৰ পৰা ৩০ জুনলৈ বন্ধ থাকিব VIP, VVIP ৰ দৰ্শনৰ ব্যৱস্থা । অম্বুবাচীৰ সময়ছোৱাত শিশু, গৰ্ভৱতী মহিলা, বৃদ্ধ-অসুস্থ ব্যক্তিক কামাখ্যালৈ নাহিবলৈ আহ্বান মন্দিৰ পৰিচালনা সমিতিৰ ।

তাৰোপৰি ভক্তৰ জোতা-চেণ্ডেল নাৰ্ছাৰী (কামাখ্যাৰ নামনি)ত ৰখাৰ ব্যৱস্থা কৰা হৈছে । কোনো ভক্তকে জোতা-চেণ্ডেল পৰিধান কৰি মন্দিৰ চৌহদলৈ নাহিবলৈ আহ্বান মন্দিৰ পৰিচালনা সমিতিৰ । নীলাচল পাহাৰত ধপাঁত, মাদকদ্ৰব্য সেৱন কৰাত থাকিব নিষেধাজ্ঞা । আনহাতে এইবর্ষৰ অম্বুবাচীত ২৫ লাখ ভক্তৰ আগমনৰ আশা অম্বুবাচী মহাযোগ পৰিচালনা সমিতিৰ ৷

লগতে পঢ়ক : আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী : 24 জুনলৈকে ৰেহাই নাই - Red Alert in Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.