ETV Bharat / state

ভকতক আদৰিবলৈ সাজু মইনাপৰীয়া আৰু শ্ৰীশ্ৰী ঢেকীয়াখোৱা বৰনামঘৰ কৰ্তৃপক্ষ - The holy vadra month

author img

By ETV Bharat Assamese Team

Published : Aug 16, 2024, 5:08 PM IST

The holy vadra month: সমাগত পৱিত্ৰ ভাদমাহ । সত্ৰ-নামঘৰ মুখৰিত হ'ব হৰিনামৰ ধ্বনিৰে । সেয়ে সাজু হৈ উঠিছে প্ৰতিখন সত্ৰ-নামঘৰ । উজনি অসমৰ মইনাপৰীয়া আৰু ঢেকীয়াখোৱা বৰনামঘৰত পবিত্ৰ ভাদমাহত ভকত-বৈষ্ণৱক আদৰিবলৈ সীমাহীন ব্যস্ততা ।

Preparations going on for the holy vadra months nam prasanga at Teok
শ্ৰী শ্ৰী ঢেকীয়াখোৱা বৰনামঘৰ (ETV Bharat Assam)

টীয়ক,১৬ আগষ্ট: পবিত্ৰ ভাদ মাহলৈ মাজত মাত্ৰ এটা দিন বাকী । ৰাজ্যৰ প্ৰতিখন নামঘৰত এতিয়া ব্যস্ত সকলো । ব্যতিক্ৰম নহয় উজনি অসমৰ যোৰহাট জিলাৰ অন্তৰ্গত অন্যতম পীঠ নৃসিংহ মহাপ্ৰভুখ্যাত মইনাপৰীয়া নামঘৰ আৰু মাধৱদেৱ প্ৰতিষ্ঠিত ঐতিহাসিক শ্ৰীশ্ৰী ঢেকীয়াখোৱা বৰনামঘৰ । মইনাপৰীয়া নামঘৰ পৰিচালনা সমিতি তথা সমূহ মইনাপৰীয়াবাসীৰ উদ্যোগত মাহজোৰা নাম-প্ৰসংগৰ বাবে সকলো প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে ।

নামঘৰ পৰিচালনা সমিতিয়ে অসম চৰকাৰৰ পোৱা অনুদানেৰে নামঘৰত বিশেষকৈ নতুনকৈ বিজুলী ব্যৱস্থাকে ধৰি চৌপাশ পকীকৰণ, গাড়ী-মটৰ ৰখা স্থান আদিৰ সুব্যৱস্থা কৰিছে লগতে নামঘৰৰ ভিতৰভাগ ৰং-তেলেৰে অধিক সুন্দৰকৈ সজাই পৰাই তুলিছে ।

উল্লেখযোগ্য যে, ঢেকীয়াখোৱাৰ পৰা মইনাপৰীয়া পৰ্যন্ত যি পথ ইতিমধ্যে দুশৰীয়াকৈ অতি সুন্দৰভাৱে নিৰ্মাণ হৈ উঠিছে যাৰ ফলত বৰনামঘৰলৈ অহা ভকত-বৈষ্ণৱে ভিতৰে ভিতৰে আহি মইনাপৰীয়া নামঘৰত উপস্থিত হৈ নৃসিংহ মহাপ্ৰভুৰ আশিস ল'ব পাৰিব । সেয়ে এইবৰ্ষত পূৰ্বৰ তুলনাত ভকত-বৈষ্ণৱৰ সমাগম অধিক হ'ব বুলি আশা প্ৰকাশ কৰিছে নামঘৰ পৰিচালনা সমিতিয়ে ।

একেধৰণে ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰতো অধিক ব্যস্ততা পৰিলক্ষিত হৈছে । ঢেকীয়াখোৱা বৰনামঘৰভাগটো নামঘৰ পৰিচালনা সমিতিয়ে জিলা প্ৰশাসনৰ সহযোগত ইতিমধ্যে সুন্দৰভাৱে সজাই পৰাই তুলিছে ।

ইপিনে ভক্তসকলৰ যাতে কোনো অসুবিধা নহয় তাৰ বাবে গাড়ী ৰখা উপযুক্ত স্থান, খোৱাপানী, চাহ-জলপানৰ দিহা কৰিছে । লগতে মাহজোৰা পালনামত জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে ৰাইজৰ উপস্থিতি তথা সজ দিহা পৰামৰ্শ কামনা কৰিছে নামঘৰ পৰিচালনা সমিতিয়ে ।

লগতে পঢ়ক: আঠখেলীয়া নামঘৰত পৱিত্ৰ ভাদ মাহৰ নাম মহোৎসৱৰ ব্যাপক প্ৰস্তুতি - Athkhelia Namghar Golaghat

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.