ETV Bharat / state

লখিমপুৰ-শিৱসাগৰত প্রথমবাৰৰ বাবে প্ৰাপ্তবয়স্ক যক্ষ্মা প্ৰতিষেধক প্ৰদানৰ প্ৰস্তুতি - TB vaccination drive in Assam

author img

By ETV Bharat Assamese Team

Published : Jun 7, 2024, 7:27 PM IST

Adult TB Vaccination : ২০২৫ চনৰ ভিতৰত যক্ষ্মা ৰোগ নিয়ন্ত্রণ কৰিবলৈ কেন্দ্রীয় চৰকাৰে ব্যবস্থা গ্রহণ কৰিছে । সেই লক্ষ্যৰে শিশুসকলৰ উপৰি প্ৰাপ্তবয়স্কসকলকো প্ৰতিষেধক প্ৰদানৰ লক্ষ্য লৈ দেশৰ ২৩ খন ৰাজ্যত প্ৰস্তুতি চলিছে । অসমৰ লখিমপুৰ আৰু শিৱসাগৰ জিলাতো এই প্ৰতিষেধক প্ৰদান কৰা হ'ব ।

Adult TB Vaccination
টীকাকৰণ সন্দৰ্ভত জিলা স্বাস্থ্য বিভাগৰ সংবাদমেল (ETV Bharat Assam)

লখিমপুৰ, ৭ জুন : দেশৰ ২৩ খন ৰাজ্যৰ লগতে অসমৰ দুখন জিলাত প্ৰাপ্তবয়স্ক বিচিজি ভেকচিন প্ৰদান কৰা হ'ব । লখিমপুৰ আৰু শিৱসাগৰ জিলাত প্ৰদান কৰা হ'ব এই প্ৰতিষেধক । অহা ১১ জুনত লখিমপুৰ জিলাৰ লগতে শিৱসাগৰ জিলাত পাইলট প্ৰকল্প হিচাপে প্ৰাপ্তবয়স্কসকলৰ বাবে প্রথমবাৰ বি চি জি প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া আৰম্ভ হ'ব । ইয়াৰ বাবে লখিমপুৰ জিলা স্বাস্থ্য বিভাগে যাৱতীয় প্ৰস্তুতি ইতিমধ্যে প্ৰায় সম্পূৰ্ণ কৰি তুলিছে ।

জিলা স্বাস্থ্য বিভাগৰ সংবাদমেল (ETV Bharat Assam)

টিবি.উইন পৰ্টেলত ইতিমধ্যে ইয়াৰ বাবে ২,৩৫,৪৩৭ গৰাকী হিতাধিকাৰীৰ নাম পঞ্জীয়ন কৰা হৈছে । উল্লেখ্য, বি চি জি টীকা পাবলগীয়া ব্যক্তিসকলৰ ভিতৰত বিগত ৫ বছৰত যক্ষ্মা হোৱা ৰোগীসকলৰ চিকিৎসা সম্পূৰ্ণ হোৱাৰ কমেও এমাহ হোৱা, বিগত ৩ বছৰত সক্ৰিয় যক্ষ্মা ৰোগীৰ সংস্পৰ্শলৈ অহা ব্যক্তিসকল, ৬০ বছৰ ঊৰ্ধ্বৰ সকলো প্ৰাপ্তবয়স্ক, শৰীৰৰ ভৰ সূচাংক (বি এম আই) ১৮ কিঃগ্ৰাঃতকৈ কম, নিজে অৱগত কৰা মধুমেহ ৰোগী, নিজে অৱগত কৰা ধূম্ৰপায়ী ইত্যাদি অন্তৰ্ভুক্ত থাকিব ।

অৱশ্যে ১৮ বছৰৰ তলৰ ,গুৰুতৰভাৱে অসুস্থ, গৰ্ভৱতী মহিলা তথা দুগ্ধপান কৰাই থকা মহিলা ইত্যাদিক এই আওতাৰ পৰা বাহিৰত ৰখা হৈছে । প্ৰায় দুপষেক ধৰি সমগ্ৰ জিলাৰ ৭ টা ব্লকত বিভক্ত কৰি চলিবলগীয়া এই কাৰ্যসূচীৰ বাবে ৩৪২ গৰাকী এ এন এম নাৰ্ছক প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়াত জড়িত কৰোৱা হ'ব ।

ইয়াৰ বাবে ৰাষ্ট্ৰীয় তথা ৰাজ্যিক পৰ্যায়ত নিৰীক্ষণৰ উপৰি জিলা তথা ব্লক পৰ্যায়তো নিৰীক্ষণ প্ৰক্ৰিয়া সুকলমে কৰাৰ ব্যবস্থা কৰা হৈছে । ইয়াৰ বাবে প্ৰতিগৰাকী হিতাধিকাৰীৰ সন্মতি প্ৰদান কৰাৰ প্ৰক্ৰিয়াও আছে ।

এই কাৰ্যসূচী সফল কৰাৰ বাবে শুকুৰবাৰে স্বাস্থ্য বিভাগৰ উদ্যোগত এখন সংবাদমেল অনুষ্ঠিত হয় । জিলা যক্ষ্মা বিভাগৰ বিষয়া ডাঃ হৃদয়ানন্দ বৰুৱা, জিলা আঁচনি বিষয়া ডাঃ ভাৰতী গগৈ, যক্ষ্মা বিভাগৰ কৰ্মচাৰী পংকজ সভাপণ্ডিত আদিয়ে অংশগ্রহণ কৰি সংবাদমেলখনত এই ভেকচিন সম্পূর্ণ বিনামূলীয়া আৰু পাৰ্শ্বপ্ৰতিক্ৰিয়াহীন বুলি কয় । ৰাইজক নিৰ্ভয়ে এই ভেকচিন ল'বলৈও তেওঁলোকে আহ্বান জনায় ।

আনহাতে, লখিমপুৰ জিলাত যক্ষ্মা ৰোগৰ তথ্য সদৰী কৰি তেওঁলোকে কয় যে জিলাখনত বৰ্তমান ৪৫২ গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে । বিগত ২০২৩ বৰ্ষত এই ৰোগত জিলাখনত ৩৭ জন ৰোগীৰ মৃত্যু হয় । যক্ষ্মা ৰোগ নিবাৰণ তথা নিৰ্মূলকৰণৰ দিশত এই প্ৰতিষেধকৰ ইতিবাচক কাৰ্যক্ষমতাৰ প্ৰতি লক্ষ্য ৰাখি এই সমগ্ৰ অভিযানত সংশ্লিষ্ট সকলো পক্ষৰ সহযোগিতা লখিমপুৰ জিলা স্বাস্থ্য বিভাগে কামনা কৰিছে ।

লগতে পঢ়ক :তৈল পাম খেতিৰ উপকাৰিতা সন্দৰ্ভত তিনিচুকীয়াত সজাগতা সভা - Palm Cultivation In Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.