ETV Bharat / state

13 শ্বহীদক সুঁৱৰি শোক দিৱস পালনৰ প্ৰস্তুতি ধেমাজি জিলা প্ৰশাসনৰ - 2004 Dhemaji blast - 2004 DHEMAJI BLAST

Dhemaji bomb blast : ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত শোক দিৱস পালনৰ প্ৰস্তুতি ৷ 2004 চনৰ 15 আগষ্টৰ বোমা বিস্ফোৰণত নিহতসকললৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে পালন কৰি অহা হৈছে এই শোক দিৱস ৷

2004 DHEMAJI BLAST
শোক দিৱস পালনৰ প্ৰস্তুতি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 14, 2024, 5:36 PM IST

ধেমাজি, 14 আগষ্ট : এইবেলিও ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত ধেমাজি মহাবিদ্যালয়ৰ শিশু শিক্ষা উৎকৰ্ষ বিকাশ সাধন কেন্দ্ৰত 'শোক দিৱস' পালনৰ বাবে প্ৰস্তুতি চলিছে ৷ বুধবাৰে পুৱাৰে পৰা মহাবিদ্যালয়ৰ খেলপথাৰত স্থাপন কৰা শ্বহীদৰ স্মৃতিস্তম্ভ আৰু মহাবিদ্যালয়ৰ চৌহদত নিৰ্মাণ কৰা শ্বহীদৰ স্মৃতি সৌধটি পৰিষ্কাৰ কৰে কৰ্তৃপক্ষই ৷ 2004 চনৰ 15 আগষ্টৰ বোমা বিস্ফোৰণত নিহতসকললৈ 16 আগষ্টৰ পুৱাই জিলা প্ৰশাসন তথা স্থানীয় ৰাইজে শ্ৰদ্ধাঞ্জলি জনাব ৷

শোক দিৱস পালনৰ প্ৰস্তুতি ধেমাজি জিলা প্ৰশাসনৰ (ETV Bharat Assam)

2004 চনৰ এটা পাহৰিব নোৱৰা দিন ৷ মানৱতাক ধূলিস্যাৎ কৰা এই দিনটোৰ কথা মনত পৰিলে আজিও শিঁয়ৰি উঠে ৰাজ্যবাসী ৷ অসমৰ ইতিহাসৰ এটা ক’লা দিন 2004 চনৰ 15 আগষ্ট ৷ এই দিনটোতে নিৰীহৰ তেজেৰে ৰঙালী হৈছিল স্বাধীনতা দিৱসৰ পতাকা উত্তোলনস্থলী ৷

সমগ্ৰ দেশ কঁপোৱা 2004 চনৰ স্বাধীনতা দিৱসৰ ধেমাজিৰ বোমা বিস্ফোৰণৰ ক’লা অধ্যায়ৰ কাহিনী আজিও অন্ত পৰা নাই ৷ নিষিদ্ধ ঘোষিত সংগঠন আলফা (স্বা)ই সংঘটিত কৰা নিৰ্মম আৰু ভয়ংকৰ বোমা বিস্ফোৰণত দহটি শিশুৰ লগতে তিনিগৰাকী মহিলা শ্বহীদ হৈছিল ৷ ধেমাজি মহাবিদ্যালয় খেলপথাৰত মুহূৰ্ততে মৃত্যুৰ বিভীষিকাৰ সৃষ্টি হৈছিল ৷ এই জঘন্য আক্ৰমণত নিহত হৈছিল ক্ৰমে সিদ্ধাৰ্থ টায়েদ, প্ৰদীপ্ত গগৈ, মনজিত গগৈ, গিৰীণ শইকীয়া, ধনদা গগৈ দেউৰী, মানসী বৰগোহাঁই, দিনেশ পাদুন, অৰুণা শইকীয়া, ৰূপা শইকীয়া, বিজিত সোণোৱাল, নমিতা গগৈ, চিত্ৰাৱতী দলে, যুগান্ত পাদুন ৷

স্বাধীনতা দিৱস উপলক্ষে পতাকা উত্তোলনথলীত সমবেত হোৱা কণ কণ দহটি শিশু আৰু তিনিগৰাকী মহিলা এই নৃশংস আক্ৰমণত নিহত হোৱাৰ লগতে আন কেইবাজনো লোক আহত হৈছিল ৷ ইয়াৰ পিছতে তেতিয়াৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে এই ঘটনাক কঠোৰ গৰিহণা দি এই ঘটনাত নিহত আৰু আহতসকলৰ স্মৃতিত 16 আগষ্টত 'শোক দিৱস' পালন কৰাৰ কথা ঘোষণা কৰে ৷ তেতিয়াৰে পৰা প্ৰত্যেক বছৰে 16 আগষ্টৰ দিনটোত 'শোক দিৱস' হিচাপে পালন কৰি অহা হৈছে ৷

ইফালে এই ঘটনাৰ 14 অভিযুক্তৰ সাতজনক দোষমুক্ত ঘোষণা কৰাৰ বিপৰীতে এজন পলাতক, 4 জনক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত আৰু দুজনক চাৰিবছৰৰ বাবে সশ্ৰম কাৰাদণ্ডৰ ৰায় প্ৰদান কৰিছিল ধেমাজি জিলা সত্ৰ ন্যায়াধীশৰ আদালতে ৷

লগতে পঢ়ক : খানাপাৰাত স্বাধীনতা দিৱসৰ প্ৰস্তুতি : পেৰেডৰ অন্তিম আখৰা পৰিদৰ্শন আৰক্ষী সঞ্চালক প্ৰধানৰ - Independence Day 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.