ETV Bharat / state

বৰ্ণাঢ্য আয়োজনেৰে হাউলী ৰাস মহোৎসৱৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ - HOWLI RAAS MAHOTSAV

১৫ ৰ পৰা ২৯ নৱেম্বৰলৈকে পোন্ধৰদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব হাউলী ৰাস মহোৎসৱ ।

Howli Raas Mahotsav
হাউলী ৰাস মহোৎসৱৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 12, 2024, 3:47 PM IST

বৰপেটা : কৃষ্ণ বন্দনাৰে উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে সমগ্ৰ ৰাজ্যজুৰি । মাজত মাত্ৰ দুটা দিন । ১৫ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ'ব শ্ৰীশ্ৰী কৃষ্ণ ৰাস মহোৎসৱ । কৃষ্ণ ভকতিৰ ৰসেৰে দ্বিতীয় বৃন্দাবনত পৰিণত হ'ব ৰাজ্যৰ ৰাসস্থলীসমূহ । ৰাধা-কৃষ্ণৰ সৈতে গোপিনীৰ ৰাসলীলাৰে জীৱন্ত হৈ পৰিব বৃন্দাবনৰ পৰিৱেশ ।

ৰাজ্যৰ বিভিন্ন স্থানত বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব এই ৰাস মহোৎসৱ । ক'ৰবাত যদি জীৱন্ত ৰাস, ক'ৰবাত আকৌ মৃণ্ময় মূৰ্তিৰে কৃষ্ণলীলাৰ কাহিনী প্ৰকাশৰ বাবে বৰ্ণাঢ্য আয়োজন । এফালে যেনেদৰে সত্ৰনগৰী মাজুলীত পৰম্পৰাগত ৰাসৰ উলহ-মালহ, একেদৰে নামনি অসমৰ অন্যতম শ্ৰেষ্ঠ ৰাস উৎসৱ বৰপেটাতো মৃণ্ময় মূৰ্তিৰ চকুত চমকলগা প্ৰস্তুতি ।

হাউলী ৰাস মহোৎসৱৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ (ETV Bharat Assam)

বৰপেটা জিলাৰ ঐতিহাসিক চহৰ হাউলী ৷ কোচ ৰজা চণ্ডী বৰুৱাৰ ৰাজধানী হাউলীত অহা ১৫ নবেম্বৰৰ পৰা ২৯ নৱেম্বৰলৈকে ১৫ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব হাউলী ৰাস মহোৎসৱ ৷

এইবেলি ৯৭ বৰ্ষত পদাৰ্পণ কৰা হাউলী ৰাস মহোৎসৱৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে ৷ হাউলী ৰাস মহোৎসৱৰ প্ৰস্তুতি সম্পৰ্কত উদযাপন সমিতিৰ বিষয়ববীয়াই জানিবলৈ দিয়া মতে, "প্ৰায় শতাধিক শিল্পীয়ে এমাহ পূৰ্বৰে পৰা ৰামায়ণ, মহাভাৰত, বেদ, উপনিষদৰ আখ্যান-উপাখ্যানৰ লগতে শ্ৰীকৃষ্ণৰ লীলাসমূহৰ ওপৰত মৃন্ময় প্ৰতিমা নিৰ্মাণ কৰি আছে ৷"

মৃণ্ময় মূৰ্তি পৰিচালনা সমিতিৰ উপ-সভাপতিগৰাকীয়ে কয়, "ৰাস মহোৎসৱত প্ৰায় চাৰি শতাধিক মৃন্ময় মূৰ্তি স্থাপন কৰা হ'ব ৷ এইবেলি হাউলী ৰাস মহোৎসৱত মৃণ্ময় মূৰ্তিৰ লগতে এক ব্যতিক্ৰমী চিন্তাধাৰাৰে লেজাৰ শ্ব' আৰু এনিমেচনৰ জৰিয়তে দৰ্শনাৰ্থীক মনোৰঞ্জন প্ৰদানৰ প্ৰয়াস কৰা হ'ব । লেজাৰ শ্ব' আৰু এনিমেচনৰ লগতে শিৱকাছিৰ বিশেষ কাৰুকাৰ্যৰ আতচবাজী প্ৰদৰ্শন কৰা হ'ব ৷"

তেওঁ লগতে কয়, "পোন্ধৰদিনীয়া ৰাস মহোৎসৱৰ আটাইকেইদিনৰ কাৰ্যসূচীতে প্ৰায় ১৫ লাখ ভক্ত তথা দৰ্শনাৰ্থীৰ সমাগম হ'ব বুলি আশা কৰা হৈছে ৷"

আনহাতে, বিপুল জনসমাগমৰ প্ৰতি লক্ষ্য ৰাখি নিৰাপত্তাৰ দিশটোত বিশেষ গুৰুত্ব আৰোপ কৰাৰ কথা জানিবলৈ দিয়ে উদযাপন সমিতিয়ে ৷ ৰাস মহোৎসৱৰ ১৫ দিনীয়া কাৰ্যসূচী অনুসৰি প্ৰতিদিনে বিভিন্ন সাংস্কৃতিক সমল পৰিবেশন কৰা হ'ব ।

লগতে পঢ়ক :ৰাস মহোৎসৱত মাজুলীত পদূলিয়ে পদূলিয়ে জ্বলিব লক্ষাধিক বন্তি
লগতে পঢ়ক :মহিলা কংস-মহিলা কৃষ্ণক চাব খোজে নেকি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.