ETV Bharat / state

স্বাধীনতা দিৱসৰ প্ৰস্তুতি: খানাপাৰাত আৰক্ষী-সেনাৰ ১৯ টা প্লাটুনৰ কুচকাৱাজ - INDEPENDENCE DAY 2024

author img

By ETV Bharat Assamese Team

Published : Aug 14, 2024, 12:28 PM IST

Independence Day Preparation: খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ'ব স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী । পুৱা ৯ বজাত আনুষ্ঠানিকভাৱে পতাকা উত্তোলন কৰিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

Independence Day Preparation
৭৮ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰস্তুতি (ETV Bharat Assam)

গুৱাহাটী, ১৪ আগষ্ট: কাইলৈ অৰ্থাৎ বৃহস্পতিবাৰে দেশবাসীয়ে উদযাপন কৰিব ৭৮ সংখ্যক স্বাধীনতা দিৱস । সেইবাবে দেশৰ চৌদিশে চলিছে স্বাধীনতা দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি । স্বাধীনতা দিৱস উদযাপনৰ বাবে দেশৰ আন প্ৰান্তৰ দৰে সাজু হৈছে অসমবাসী ৷

ৰাজ্যৰ ক’ৰবাত যদি চলিছে পেৰেডৰ অনুশীলন, আৰক্ষীৰ জোৰদাৰ তালাচী অভিযান, আন ক’ৰবাত আকৌ একাংশ ব্যস্ত পতাকা প্ৰস্তুত কৰাত ৷ সমান্তৰালভাৱে খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত চলিছে স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীৰ প্ৰস্তুতি ।

আৰক্ষী-সেনাৰ ১৯ টা প্লাটুনৰ কুচকাৱাজ:

স্বাধীনতা দিৱসৰ কাৰ্যসূচী অনুসৰি খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত পুৱা ৯ বজাত আনুষ্ঠানিকভাৱে পতাকা উত্তোলন কৰিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ এই পতাকা উত্তোলনৰ পাছতে অসম আৰক্ষী আৰু সেনাৰ ১৯ টা প্লাটুনে কুচকাৱাজ প্ৰদৰ্শন কৰিব । ইয়াৰ ভিতৰত কমাণ্ডো, বীৰাংগনা, চি আৰ পি এফ, এছ ডি আৰ এফ, এন চি চি অন্যতম । এই অনুষ্ঠানৰ লগতে বিভিন্ন সামৰিক কলা-কৌশল প্ৰদৰ্শন কৰিব জোৱানসকলে ।

কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্য়ৱস্থা:

বিগত কেইবাবছৰ ধৰি স্বাধীনতা দিৱসত ৰাজ্য়বাসীৰ দৃষ্টি নিৱদ্ধ হৈ আছে খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত । কিয়নো এই খেলপথাৰতেই কেন্দ্ৰীয়ভাৱে পালন কৰি অহা হৈছে স্বাধীনতা দিৱসৰ আকৰ্ষণীয় কাৰ্যসূচী ।

উল্লেখ্য যে, বিগত ১০-১২ দিন ধৰি প্ৰখৰ ৰ'দ-বৰষুণকো নেওচি অনুশীলন কৰি আছে পেৰেডত অংশ লোৱা জোৱানসকলে । কেইবাগৰাকী শীৰ্ষ বিষয়াৰ তত্বাৱধানত অনুশীলন কৰি আছে জোৱানসকলে । ইফালে, স্বাধীনতা দিৱসৰ এই সময়ছোৱাত যাতে কোনোৱে কূটাঘাতমূলক কাৰ্য সংঘটিত কৰিব নোৱাৰে, তাৰ প্ৰতিও লক্ষ্য ৰাখি নিৰাপত্তা দিশটো কটকটীয়া কৰি তোলা হৈছে ।

লগতে পঢ়ক:৭৮ সংখ্যক স্বাধীনতা দিৱসৰ বাবে ধেমাজিত আৰক্ষীৰ তালাচী - INDEPENDENCE DAY 2024

ডিব্ৰুগড়ত স্কুটীত উঠি ত্ৰিৰংগা যাত্ৰা কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালৰ - Tiranga Yatra

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.