ETV Bharat / state

আজিও সম্ভেদ নাই মনজিৎ নাইডিঙৰ ভাতৃ প্ৰসেনজিৎ নাইডিং, সামাজিক মাধ্যমত ভাইৰেল ফটো - Dima Hasao kidnapped - DIMA HASAO KIDNAPPED

Prasenjit Naiding was kidnapped : উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মনজিৎ নাইডিঙৰ ভাতৃ প্ৰসেনজিৎ নাইডিঙক অপহৰণ ৷ ইউনাইটেড ডিমাছা লিবাৰেচন চমুকৈ ইউডিএলএ নামৰ উগ্ৰপন্থী সংগঠন এই অপহৰণৰ সৈতে জড়িত থকাৰ সন্দেহ ।

আজিও সম্ভেদ নাই মনজিৎ নাইডিঙৰ ভাতৃ প্ৰসেনজিৎ নাইডিং, সামাজিক মাধ্যমত ভাইৰেল ফটো

author img

By ETV Bharat Assamese Team

Published : Apr 19, 2024, 1:49 PM IST

হাফলং, 19 এপ্ৰিল : উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মনজিৎ নাইডিঙৰ ভাতৃ প্ৰসেনজিৎ নাইডিঙক অপহৰণ কৰা বুলি প্ৰকাশিত এক বাতৰিয়ে খলকনিৰ সৃষ্টি কৰিছে পাহাৰীয়া জিলাখনত ৷ সন্দেহৰ আঙুলি উঠিছে এক উগ্ৰপন্থী সংগঠনৰ বিৰুদ্ধে ৷

ক’ত গ’ল প্ৰসেনজিৎ নাইডিং ? কোনে কৰিলে অপহৰণ ? প্ৰসেনজিৎ নাইডিঙক অপহৰণ কৰি লৈ যোৱাৰ পিচতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এখন বিশেষ ফটো । সেই ফটোখনৰ পৰা জানিব পৰা মতে, ইউনাইটেড ডিমাছা লিবাৰেচন চমুকৈ ইউডিএল উগ্ৰপন্থী সংগঠনে প্ৰসেনজিৎ নাইডিঙক অপহৰণ কৰিছে ৷

ঘটনাৰ বিৱৰণি অনুসৰি, বুধবাৰ নিশা দিয়ুংমুখ আৰক্ষী থানাৰ অন্তৰ্গত থাইযোৱাৰিস্থিত নিজ ঘৰৰ পৰা সন্দেহ যুক্ত ইউডিএলএ উগ্ৰপন্থী সংগঠনে প্ৰসেনজিৎ নাইডিঙক অপহৰণ কৰি লৈ যায় । বাতৰি সন্দৰ্ভত লাভ কৰা তথ্য অনুসৰি, প্ৰসেনজিৎ নাইডিঙৰ বিয়াৰ পিচতে বুধবাৰে তেওঁৰ ঘৰত সামাজিক নীতি-নিয়ম চলি আছিল ৷ সেই সময়তে উগ্ৰপন্থী সংগঠনৰ সদস্যসকল প্ৰসেনজিৎ নাইডিঙৰ ঘৰত উপস্থিত হৈ তেওঁৰ মুখলৈ বন্দুক টোৱাঁই অপহৰণ কৰি লৈ যায় ।

ইয়াৰ পাচৰ পৰাই নিৰুদ্দেশ হৈ আছে প্ৰসেনজিৎ নাইডিং ৷ চিন্তিত প্ৰসেনজিৎ নাইডিঙৰ পৰিয়াল তথা আত্মীয় ৷ প্ৰসেনজিৎ নাইডিঙৰ কোনো সম্ভেদ নাপাই উপায়ন্তৰ হৈ তেওঁৰ পৰিবাৰৰ ফালৰ পৰা দিয়ুংমুখ আৰক্ষী থানাত অপহৰণ সংক্ৰান্তত এখন এজাহাৰ দাখিল কৰা হয় । কিন্তু এতিয়ালৈকে প্ৰসেনজিৎ নাইডিঙৰ কোনো সন্ধান ওলোৱা নাই ।

ইয়াৰ মাজতে সামাজিক মাধ্যমত ভাইৰেল হৈছে এখন বিশেষ ফটো ৷ য’ত এক অজ্ঞাত স্থানত হাত-ভৰি বান্ধি আৰু চকুত কাপোৰ মাৰি এজন যুৱকক বহাই থোৱা দেখা গৈছে ৷ তেওঁৰ কাষত অস্ত্ৰধাৰী দুজন উগ্ৰপন্থীকো দেখা গৈছে ৷ একাংশৰ মতে ফটোত থকা যুৱকজন প্ৰসেনজিৎ নাইডিং ৷ অৱশ্যে এই সন্দৰ্ভত কাৰো হাতত একো নিশ্চিত তথ্য নাই ৷

ইপিনে ডিমা হাছাও জিলাৰ আৰক্ষী অধীক্ষক ময়ংক কুমাৰে জানিবলৈ দিয়া অনুসৰি, ইতিমধ্যে দিয়ুংমুখ আৰক্ষী থানাত প্ৰসেনজিৎ নাইডিঙৰ পৰিয়ালৰ তৰফৰ পৰা এখন এজাহাৰ দাখিল কৰা হৈছে ৷ এই ঘটনা সন্দৰ্ভত আৰক্ষীয়েও তদন্ত অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে আৰক্ষী অধীক্ষকগৰাকীয়ে ।

লগতে পঢ়ক : মাতৃৰ সন্মুখৰ পৰাই দুবছৰীয়া শিশুক অপহৰণ কৰিলে অবৈধ প্ৰেমিকে - Guwahati Kidnapping Case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.