ETV Bharat / state

অতীজৰে পৰা চলি অহা এক পৰম্পৰা বন্ধ কৰি হিমন্ত বিশ্ব শৰ্মাই একো বীৰত্ব প্ৰদৰ্শন কৰা নাই: প্ৰদ্যুৎ বৰদলৈ - Namaz Break of Assam Assembly

author img

By ETV Bharat Assamese Team

Published : Aug 30, 2024, 7:43 PM IST

Pradyut Bordoloi on Namaz break: নলবাৰীৰ যুৱ-কংগ্ৰেছৰ উন্মীলন অনুষ্ঠানত উপস্থিত হৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা সাংসদ প্ৰদ্যুৎ বৰদলৈৰ । বিধানসভাৰ অধিৱেশনত শুকুৰবাৰৰ নামাজৰ বিৰতি উঠাই দিয়া সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি প্ৰসংগতো কৌশলী মন্তব্য প্ৰকাশ কৰে সাংসদ বৰদলৈয়ে ।

Pradyut Bordoloi opposes abolition of the Namaz break of Assam Assembly session
সাংসদ প্ৰদ্যুৎ বৰদলৈৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

নলবাৰী,৩০ আগষ্ট: বিধানসভাৰ অধিৱেশনত শুকুৰবাৰৰ নামাজৰ বিৰতি উঠাই দিয়া সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে । শুকুৰবাৰে নলবাৰীত যুৱ-কংগ্ৰেছৰ উন্মীলন অনুষ্ঠানত উপস্থিত হৈ কেইবাটাও বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে হিমন্ত বিশ্ব শৰ্মা তথা বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে কংগ্ৰেছী সাংসদগৰাকীয়ে ।

হিমন্ত বিশ্ব শৰ্মাই পৰম্পৰাবোৰ ভাঙিছে:

সাংসদ বৰদলৈয়ে কয়,"হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এটা এটাকৈ যিবোৰ আমাৰ পৰম্পৰা আছিল সেইবোৰ ভাঙিছে । তেওঁলোকে উৎকট সাম্প্ৰদায়িক দৃষ্টিভংগীৰে সকলোবোৰ কথা বিচাৰ কৰে । গতিকে ইয়াত আচৰিত হ'বলগীয়া একো নাই । প্ৰত্যেক ক্ষেত্ৰতে তেওঁলোকে এনেবোৰ কাম কৰি যাব । কিন্ত ৰাইজে এইবোৰ ভাল পোৱা নাই । অতীজৰে পৰা এটা পৰম্পৰা চলি আহিছিল, গতিকে সেইটো বন্ধ কৰাটো একো বীৰত্বৰ কাম নহয় ।"

দলে যি দায়িত্ব দিয়ে সেয়া পালন কৰি যাম:

ইফালে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি প্ৰসংগত সাংবাদিকে কৰা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয়,"মই ১৬ বছৰ বয়সৰে পৰা কংগ্ৰেছ দলৰ লগত জড়িত । দলে আজিলৈ যি দায়িত্ব দি আহিছে তাকেই পালন কৰি আহিছো । আৰু আগন্তুক সময়তো দলে যি দায়িত্ব দিয়ে সেয়া পালন কৰি যাম ।"

কাঁচৰ ঘৰত থাকি শিলগুটি দলিয়াইছে বিজেপিয়ে:

মানহানি গোচৰ সম্পৰ্কত প্ৰদ্যুৎ বৰদলৈয়ে কয়,"বহুত ধৰণৰ বিষয়ত আমি এতিয়া ক'বলৈ গৈ আছো । কাৰণ এতিয়া তেওঁলোক কাঁচৰ ঘৰৰ ভিতৰত সোমাই আছে । তেওঁলোকে আনলৈ শিলগুটি দলিয়াই থাকে । এতিয়া শিলগুটি আহি কাঁচৰ ঘৰতে পৰিব । কাঁচৰ ঘৰটো এতিয়া ভঙাৰ সময় আহি পৰিছে ।"

ইয়াৰোপৰি বৰদলৈয়ে কয়,"চৰকাৰী পক্ষই যেতিয়া অস্বস্তিত পৰে তেতিয়া সমগ্ৰ ধ্যান ধাৰণাবোৰ বেলেগ ধৰণে লৈ যাবৰ বাবে কংগ্ৰেছৰ কিবা এটা উলিয়াই দিয়ে আৰু একাংশ সংবাদ মাধ্যমৰ সহায় লয় তেওঁলোকে । গতিকে আমি সকলোৱে মিলি ২০২৬ ত বিজেপিৰ অপশাসন উৎখাত কৰি হিমন্ত বিশ্ব শৰ্মা চৰকাৰক ওফৰাই কংগ্ৰেছ নেতৃত্বাধীন চৰাকাৰ প্ৰতিষ্ঠা কৰিম সেয়াই আমাৰ একমাত্ৰ লক্ষ্য হোৱা উচিত ।"

লগতে পঢ়ক: বৃটিছৰ দিনৰে পৰা চলি অহা নামাজ বিৰতিৰ বিলুপ্তিকৰণ ! বিৰোধিতা বিৰোধী বিধায়কৰ - Namaz Break of Assam Assembly

বিভাজন নীতিত ব্ৰিটিছতকৈ ওস্তাদ মুখ্যমন্ত্ৰী হিমন্ত: গৌৰৱ গগৈ - Gaurav Gogoi slams Assam CM

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.